১৪ বছৰ পূৰ্বে কি কৈছিল মোদীয়ে ? প্ৰত্যাৰ্পণৰ পাছত ভাইৰেল ২০১১ চনত তাহাউৰ ৰাণাকলৈ কৰা প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট

২৬/১১ৰ আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণাক লৈ ১৪ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম বৰ্তমানৰ এক্স হেণ্ডেলত ২০১১ চনৰ ১০ জুন তাৰিখে দিছিল এই পোষ্টটো ।

১৪ বছৰ পূৰ্বে কি কৈছিল মোদীয়ে ? প্ৰত্যাৰ্পণৰ পাছত ভাইৰেল ২০১১ চনত তাহাউৰ ৰাণাকলৈ কৰা প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট

ভাইৰেল মোদীৰ পোষ্ট

Published: 

11 Apr 2025 | 11:12 AM

২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ বছৰ পূৰ্বে দিয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম বৰ্তমানৰ এক্স হেণ্ডেলত ২০১১ চনৰ ১০ জুন তাৰিখে দিছিল এই পোষ্টটো । উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা ২৬/১১ৰ খলনায়ক তাহাউৰ ৰাণা দিল্লীত উপস্থিত হয়।

২০১১ চনত দিয়া পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ বৈদেশিক নীতিক সমালোচনা কৰিছিল। তেওঁ কৈছিল যে, মুম্বাই আক্ৰমণৰ গোচৰত আমেৰিকাই তাহাউৰ ৰাণাক নিৰ্দোষী ঘোষণা কৰাটোৱে ভাৰতৰ সাৰ্বভৌমত্বক অপমান কৰাটো বুজাইছে। উল্লেখ্য যে, ২০১১ চনত আমেৰিকাৰ আদালতে ৰাণাক ১৬৬ জন লোকৰ মৃত্যু হোৱা ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰত্য়ক্ষভাৱে জড়িত থকা অভিযোগৰ পৰা মুক্ত কৰি নিৰ্দোষী ঘোষণা কৰিছিল । কিন্তু আক্ৰমণৰ বাবে দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদী সংগঠন এটাক সমৰ্থন কৰাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্টত কোৱা হৈছে যে, মুম্বাই আক্ৰমণত সন্দৰ্ভত আমেৰিকাই তাহাউৰ ৰাণাক নিৰ্দোষী ঘোষণা কৰাটোৱে ভাৰতৰ সাৰ্বভৌমত্বক বদনাম কৰিছে । ই এক “বৃহৎ বৈদেশিক নীতিৰ বিপৰ্যয়”।

১৪ বছৰ পূৰ্বে দিয়া প্ৰধানমন্ত্ৰী মোদীৰ এই পোষ্টটো বৰ্তমান ভাইৰেল হৈ পৰিছে । ইফালে, এই পোষ্টটো শ্বেয়াৰ কৰি সামাজিক মাধ্য়ম ব্যৱহাৰকাৰীয়ে তাহাউৰ ৰাণাক আইনৰ সন্মুখীন হোৱাৰ বাবে ভাৰতলৈ সফলতাৰে প্ৰত্যাৰ্পণৰ ব্যৱস্থা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাটো নিশ্চিত কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া ৰাণাক লৈ অহা এখন বিশেষ বিমান দিল্লীত অৱতৰণ কৰে। তেওঁক ১৮ দিনৰ বাবে NIA ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।

পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ৰাণাই ইয়াৰ পূৰ্বে পাকিস্তান সেনাবাহিনীৰ চিকিৎসক হিচাপে কাম কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি, তাহাউৰ ৰাণা ২০০৮ চনত মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্য়তম মাষ্টাৰমাইণ্ড আছিল বুলি কোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব