মৃত্যুৰ পাছত ৩৪ বছৰ পুৰণি চাকৰি ঘূৰাই পালে দীনেশ শৰ্মাই! এতিয়া পৰিয়ালে পালে ইমান লাখ টকা…

কোৱা হয়, আইনী যুঁজ সহজ নহয়, ই দীঘলীয়া! শেহতীয়াকৈ যেন এই কথা পুনৰ প্ৰমাণ হ'ল। এজন লোকে প্ৰায় ৩৪ বছৰ পাছত হেৰুওৱা চাকৰি ঘূৰাই পালে। পিছে সেই চাকৰি আৰু টকা উপভোগ কৰিবলৈ এতিয়া জীৱিত অৱস্থাত নাই দীনেশ শৰ্মা।

মৃত্যুৰ পাছত ৩৪ বছৰ পুৰণি চাকৰি ঘূৰাই পালে দীনেশ শৰ্মাই! এতিয়া পৰিয়ালে পালে ইমান লাখ টকা...

প্ৰতীকী ফটো

Published: 

29 Dec 2025 | 02:23 PM

তিনি দশকৰ পাছত হেৰুওৱা চাকৰি ঘূৰাই পালে এজন লোকে। পিছে চাকৰি আৰু টকা উপভোগ কৰিবলৈ এতিয়া জীৱিত অৱস্থাত নাই দীনেশ চন্দ্ৰ শৰ্মা। দীৰ্ঘদিন ধৰি হেৰুওৱা চাকৰি ঘূৰাই পাবলৈ আইনী যুঁজত অৱতীৰ্ণ হৈছিল শৰ্মা, পিছে জীৱিত অৱস্থাত তেওঁ আদালতৰ ৰায় শুনিবলৈ নাপালে।মৃত্যুৰ পাছত যোৱা শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দীনেশ চন্দ্ৰ শৰ্মাক চাকৰি ঘূৰাই দিয়াৰ ৰায় প্ৰদান কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, ১৯৭৮ চনত দীনেশে ৰাজস্থানৰ এখন হোটেলত সাধাৰণ কৰ্মী হিচাপে যোগদান কৰিছিল। কিন্তু ১৯৯১ চনত কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰি চাকৰিৰ পৰা বহিষ্কাৰ কৰে।  ইয়াৰ পাছত তেওঁ ২০১৫ চনত হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰম আদালতত গোচৰ ৰুজু কৰে। সেই বছৰৰ শেষত আদালতে ৰায় প্ৰদান কৰি দীনেশক নিৰ্দোষী বুলি ধৰি চাকৰি ঘূৰি দিবলৈ নিৰ্দেশ দিয়ে, লগতে বিগত দশকৰ সম্পূৰ্ণ দৰমহা ঘূৰাই দিবলৈ কয়।

ইয়াৰ পিছতে কোম্পানীটোৱে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কাষ চাপে।তেতিয়া ন্যায়ালয়ে দীনেশক চাকৰি ঘূৰাই দিয়াৰ লগতে বিগত দশকৰ ৫০ শতাংশ দৰমহা দিয়াৰ ৰায় প্ৰদান কৰে। তাৰ পাছতো চলি থাকিল আইনী যুঁজ, পৰৱৰ্তী সময়ত এই গোচৰ পাইগৈ উচ্চতম ন্যায়ালয়।  ইয়াৰ মাজতে মৃত্যু হয় হয় দীনেশ চন্দ্ৰ শৰ্মাৰ। কিন্তু যুঁজ এৰি দিয়া নাছিল পৰিয়ালে, দীনেশৰ হৈ আইনী যুঁজ কৰি গৈছিল তেওঁৰ সন্তানে।

দীৰ্ঘদিনৰ অন্তত অৱশেষত শুকুৰবাৰ (২৬ ডিচেম্বৰ)য়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ উজ্জ্বল ভুৱনৰ বিভাগীয় বিচাৰপীঠে এই জব-হপিং গোচৰৰ চূড়ান্ত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখে। এই সময়চোৱাত ন্যায়ালয়ে দীনেশ চন্দ্ৰ শৰ্মাৰ চাকৰি ঘূৰাই দিয়াৰ লগতে ইমান দশক ধৰি পাবলগীয়া ৫০ শতাংশ দৰমহা দিয়াৰ ৰায় প্ৰদান কৰে। ইয়াৰ লগতে অৱসৰৰ সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। যাৰ বাবে সংশ্লিষ্ট হোটেল কৰ্তৃপক্ষৰ পৰা ৩৩ লাখ ৬৮ হাজাৰ ৩২৬ টকা লাভ কৰিব দীনেশৰ পৰিয়ালৰ লোকে। কিন্তু দুখৰ বিষয় এয়াই যে, চাকৰি, টকা উপভোগ কৰিবলৈ এতিয়া দীনেশ নাই।

 

অন্য খবৰ পঢ়কঃ চাইনীজ বুলি উপহাস, পাছত প্ৰহাৰ! উত্তৰাখণ্ডত প্ৰাণ যোৱা ত্ৰিপুৰাৰ যুৱকৰ সৈতে কি কি হৈছিল?

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...