বিতৰ্কৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশৰ সৈতে অধিবক্তাই কৰিলে ভয়ংকৰ কাণ্ড, চিঞৰি চিঞৰি ক’লে ‘…সহ্য নকৰো’

উচ্চতম ন্যায়ালয়ত এজন অধিবক্তাই মুখ্য ন্যায়াধীশ গাভাইক জোতা নিক্ষেপ কৰাৰ চেষ্টা চলাইছিল যদিও নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা দিয়ে। নিৰাপত্তাৰক্ষীয়ে অধিবক্তাজনক আদালতৰ বাহিৰলৈ লৈ যায়, এই সময়ত তেওঁ চিঞৰি কয়, "সনাতন ধৰ্মৰ অপমান মই সহ্য নকৰো।"

বিতৰ্কৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশৰ সৈতে অধিবক্তাই কৰিলে ভয়ংকৰ কাণ্ড, চিঞৰি চিঞৰি কলে ...সহ্য নকৰো

মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Updated On: 

06 Oct 2025 | 02:44 PM

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই সোমবাৰে উচ্চতম ন্যায়ালয়ত আক্ৰমণৰ চেষ্টা এজন অধিবক্তাৰ। প্ৰাৰম্ভিক খবৰ অনুসৰি যুক্তি-তৰ্কৰ সময়ত অধিবক্তাজনে মঞ্চৰ কাষ চাপিছিল আৰু মুখ্য ন্যায়াধীশলৈ জোতা দলিয়াবলৈ চেষ্টা কৰিছিল। অৱশ্যে ক্ষীপ্ৰতাৰে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰাত আক্ৰমণৰ চেষ্টা বিফল হয়। অধিবক্তাজনৰ নাম ৰাকেশ কিশোৰ।

তাৰ পাছতেই নিৰাপত্তাৰক্ষীয়ে অধিবক্তাজনক আদালতৰ বাহিৰলৈ লৈ যায়। সেই সময়ত তেওঁ চিঞৰি কয়, “আমি সনাতন ধৰ্মৰ ওপৰত কোনো ধৰণৰ অপমান সহ্য নকৰো।”

সমগ্ৰ কাণ্ডটোত মুখ্য ন্যায়াধীশ গাভাইয়ে শান্তি বজাই ৰাখি কয়, “আমি ইয়াৰ বাবে বিচলিত হোৱা নাই; আপোনালোকে আপোনাৰ যুক্তি আগবঢ়াই নিব লাগে।” জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰা অধিবক্তাজনক আটক কৰি ৰখা হৈছে আৰু তেওঁক সোধা-পোছা কৰা হৈছে। ঘটনাস্থলীত উপস্থিত থাকে নতুন দিল্লী জিলাৰ ডিচিপি আৰু উচ্চতম ন্যায়ালয়ৰ ডিচিপি।

ভগৱান বিষ্ণুৰ মূৰ্তি সন্দৰ্ভত কৰা মন্তব্যক লৈ বিতৰ্ক!

খজুৰাহোত ভগৱান বিষ্ণুৰ ধ্বংশপ্ৰাপ্ত মূৰ্তিৰ সৈতে জড়িত পুৰণি গোচৰত মুখ্য ন্যায়াধীশে কৰা মন্তব্যৰ সৈতে এই কাণ্ডটো জড়িত বুলি অনুমান কৰা হৈছেঅ। এই মন্তব্যৰ বিৰুদ্ধে কেইবাটাও হিন্দু সংগঠনে প্ৰতিবাদ কৰিছিল। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে এনে কোনো ঘটনা অস্বীকাৰ কৰি কেৱল কয় যে আদালতত এজন লোকে হুলস্থুল কৰিছিল। তেওঁক আঁতৰাই নিয়া হৈছে।

বি আৰ গাভাইয়ে ভগৱান বিষ্ণুৰ সম্পৰ্কে কি কৈছিল?

খজুৰাহোত ভগৱান বিষ্ণুৰ মুণ্ডহীন মূৰ্তিটো পুনৰ স্থাপনৰ বাবে এজন ব্যক্তিয়ে কৰা আবেদন সন্দৰ্ভত মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কয়, “যাওক আৰু দেৱতাকে কিবা এটা কৰিবলৈ কওক। আপুনি ভগৱান বিষ্ণুৰ পৰম ভক্ত বুলি দাবী কৰে। তেন্তে এতিয়াই গৈ প্ৰাৰ্থনা কৰক। এইটো এটা প্ৰত্নতাত্ত্বিক স্থান, আৰু এ এছ আইয়ে অনুমতি প্ৰদান কৰাটো প্ৰয়োজন। ক্ষমা কৰিব।” তেওঁৰ এই বক্তব্যৰ ফলত ছ’চিয়েল মিডিয়াত প্ৰতিবাদৰ জোৱাৰ উঠিছিল, বহুতে তেওঁৰ পদত্যাগৰ দাবী জনাইছিল।

মই সকলো ধৰ্মকে সন্মান কৰো: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ মন্তব্যক ছ’চিয়েল মিডিয়াত ভুলকৈ প্ৰকাশ কৰা হৈছে বুলি দাবী কৰে। গাভাইয়ে কয়, “কোনোবাই মোক কৈছিল যে মোৰ মন্তব্যবোৰ ছ’চিয়েল মিডিয়াত এক নিৰ্দিষ্ট ধৰণে উপস্থাপন কৰা হৈছে… মই সকলো ধৰ্মকে সন্মান কৰো।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব