উচ্চতম ন্যায়ালয় জনতাৰ আদালত, সংসদৰ বিৰোধীৰ ভূমিকা পালন নকৰে : মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

আন্তঃৰাষ্ট্ৰীয় আইন সন্মিলনত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, উচ্চতম ন্যায়ালয় জনতাৰ আদালত হোৱাৰ অৰ্থ এইটো নহয় যে, আমি সংসদত বিৰোধীৰ ভূমিকা পালন কৰোঁ। মই ভাবো যে, আজিও উচ্চতম ন্যায়ালয়ৰ ভূমিকা সন্দৰ্ভত মানুহৰ চিন্তাধাৰাত ডাঙৰ পাৰ্থক্য দেখা গৈছে।

উচ্চতম ন্যায়ালয় জনতাৰ আদালত, সংসদৰ বিৰোধীৰ ভূমিকা পালন নকৰে : মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

Updated On: 

20 Oct 2024 11:45 AM

উচ্চতম ন্যায়ালয়ে কেতিয়াও সংসদৰ বিৰোধীৰ ভূমিকা পালন নকৰে । উচ্চতম ন্যায়ালয় হৈছে জনসাধাৰণৰ আদালত । এক অনুষ্ঠানত ভাষণ দি এই মন্তব্য প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে । উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, ‘যোৱা ৭৫ বছৰত উচ্চতম ন্যায়ালয়ে ন্যায় প্ৰদানৰ বাবে যিদৰে চেষ্টা কৰিছে, আমি সেইদৰে উচ্চতম ন্যায়ালয়ৰ কাম-কাজ অতুত ৰখা উচিত। আমাৰ আদালত তেনেকুৱা নহয়। আমাৰ আদালতখন জনসাধাৰণৰ আদালত আৰু মই ভাবো ইয়াক তেনেকৈয়ে চাব লাগে।’

গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আইন সন্মিলনত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে,’উচ্চতম ন্যায়ালয় জনতাৰ আদালত হোৱাৰ অৰ্থ এইটো নহয় যে, আমি সংসদত বিৰোধীৰ ভূমিকা পালন কৰোঁ। মই ভাবো যে, আজিও উচ্চতম ন্যায়ালয়ৰ ভূমিকা সন্দৰ্ভত মানুহৰ চিন্তাধাৰাত ডাঙৰ পাৰ্থক্য দেখা গৈছে।’ উচ্চতম ন্যায়ালয়ে যেতিয়া ৰাইজৰ সপক্ষে ৰায় দিয়ে তেতিয়া মানুহে ইয়াক এক আচৰিত প্ৰতিষ্ঠান বুলি কয় । ইয়াৰ বিপৰীতে যেতিয়া ৰায়দান তেওঁলোকৰ বিৰুদ্ধে হয় তেতিয়া মানুহে মহামান্য আদালতক বদনাম কৰিবলৈ চেষ্টা কৰে। এইটো এটা ভুল ধাৰণা আৰু এনে হোৱা উচিত নহয় বুলি কয় উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ গৰাকীয়ে ।

তেওঁ আৰু কয় যে, কোনো লোকে উচ্চতম ন্যায়ালয়ৰ ভূমিকাক উচ্চতম ন্যায়ালয়ৰ কাম-কাজৰ ফলাফলৰ দৃষ্টিকোণৰ পৰা চাব নোৱাৰে। ব্যক্তিগত বিষয়ৰ ফলাফল আপোনাৰ পক্ষত হ’ব পাৰে, ব্যক্তিগত বিষয়ৰ ফলাফল আপোনাৰ বিৰুদ্ধে হ’ব পাৰে। বিচাৰকসকলৰ গোচৰৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ স্বতন্ত্ৰ অধিকাৰ আছে । ৰাইজে ফলাফলৰ ভিত্তিত উচ্চতম ন্যায়ালয়ক সমালোচনা কৰা উচিত নহয় বুলিও কয় মুখ্য ন্যায়াধীশ গৰাকীয়ে । লগতে তেওঁ এই কথাও কয় যে,আইনী নীতিৰ যিকোনো ভুল বা ভুলৰ বাবে মানুহে আদালতক সমালোচনা কৰিব পাৰে আৰু কৰিব লাগে।

আদালতৰ কাৰ্য্যবিধিৰ লাইভ ষ্ট্ৰীমিঙৰ সন্দৰ্ভত তেওঁ কয় যে, লাইভ ষ্ট্ৰীমিঙে উচ্চতম ন্যায়ালয়ৰ কাম-কাজ মানুহৰ মাজলৈ লৈ গৈছে । ইফালে,‘ন্যায়ৰ দেৱী’ৰ প্ৰতিমূৰ্তিৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, আইনখন অন্ধ নহয় আৰু ই সকলোকে সমানে দেখে। ন্যায় দেৱীৰ চকুৰ ক’লা কাপোৰ আঁতৰোৱাৰ অৰ্থ ন্যায়পৰায়ণতা বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে ।

বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...