‘প্ৰতিদিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ…’, ৰাম মন্দিৰৰ শুনানিৰ সময়ত ডি ৱাই চন্দ্ৰচুড়ে কিয় ঈশ্বৰৰ কাষ চাপিছিল?

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, কেতিয়াবা এনে কিছুমান গোচৰ থাকে য’ত আমি কোনো ধৰণৰ সমাধানৰ পথত উপনীত হ’ব নোৱাৰো বা এটা সিদ্ধান্তত উপনীত হোৱাটো জটিল হৈ পৰে । অযোধ্যাৰ ৰাম মন্দিৰ গোচৰটো সেই একেধৰণৰ আছিল ।

প্ৰতিদিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ..., ৰাম মন্দিৰৰ শুনানিৰ সময়ত ডি ৱাই চন্দ্ৰচুড়ে কিয় ঈশ্বৰৰ কাষ চাপিছিল?

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

Updated On: 

21 Oct 2024 | 11:45 AM

শতিকাজোৰা বিতৰ্কৰ অন্তত অযোধ্যাত প্ৰতিষ্ঠা কৰা হ’ল ৰাম মন্দিৰ । ২০১৯ চনত ৰাম জন্মভূমিত উচ্চতম ন্যায়ালয়ে স্বীকৃতি প্ৰদান কৰিছিল । অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে । মনকৰিবলগীয়া যে,সেই সময়ত ৰাম মন্দিৰৰ ৰায়দানৰ অংশ আছিল উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় । শেহতীয়াকৈ এক অনুষ্ঠানৰ ভাষণত বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাম মন্দিৰ-বাবৰি মছজিদৰ ভূমি বিবাদৰ শুনানি আৰু ৰায়দানৰ সময়ত তেওঁৰ মনত কেনে ভাৱ হৈছিল সেই বিষয়ত মন্তব্য প্ৰকাশ কৰিছে ।

দেওবাৰে মহাৰাষ্ট্ৰৰ এক অনুষ্ঠানত ৰাম মন্দিৰ-বাবৰি মছজিদৰ ভূমি বিবাদৰ ৰায় সন্দৰ্ভত ভাষণ দি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘মই সেই সময়ত প্ৰতিদিনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো। মই ভাবো যে যদি কোনোবাই বিশ্বাস কৰে, তেন্তে ঈশ্বৰে তেওঁক সঠিক পথত পৰিচালিত কৰিব। ”

ৰাম মন্দিৰৰ বিতৰ্ক আৰু ইয়াৰ সৈতে জড়িত গোচৰৰ কথা উল্লেখ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয়,‘কেতিয়াবা এনে কিছুমান গোচৰ থাকে য’ত আমি কোনো ধৰণৰ সমাধানৰ পথত উপনীত হ’ব নোৱাৰো বা এটা সিদ্ধান্তত উপনীত হোৱাটো জটিল হৈ পৰে । অযোধ্যাৰ গোচৰটো সেই একেধৰণৰ আছিল । তিনিমাহ ধৰি গোটেই বিষয়টো মোৰ সন্মুখত আছিল। মই ভগৱানৰ সন্মুখত বহি কৈছিলো,মোক কোনো সমাধানৰ পথ বিচাৰি দিয়ক ।’

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কৈছিল,”বিশ্বাস কৰক, যদি আপোনাৰ হৃদয়ত ভক্তি আছে, যদি আপোনাৰ বিশ্বাস আছে, তেন্তে ঈশ্বৰে আপোনাক সঠিক পথ দেখুৱাব।”

উল্লেখ্য যে,২০২৯ চনৰ ৯ নৱেম্বৰত ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰিছিল । এই ৰায়ত তেতিয়াৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি ৫ জনীয়া বিচাৰপীঠে বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে। বাবৰি মছজিদ নিৰ্মাণৰ বাবে অযোধ্যাত ৫ একৰ মাটি আবণ্টন দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় এই বিচাৰপীঠৰ সদস্য আছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব