ভুল ক’ত ?…কেনেকৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল নতুন দিল্লীৰ ৰে’ল ষ্টেচনৰ পৰিস্থিতি ?
এই ঘটনাৰ সংঘটিত হোৱাৰ কাৰণ হিচাপে ৰে’ল প্ৰশাসনৰ গাফিলতিক আঙুলিয়াই দিছে প্ৰত্যক্ষদৰ্শীয়ে ।প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে, সন্ধিয়া ৭ বজাৰ পৰা জনসমাগম বৃদ্ধি পাবলৈ ধৰিছিল।

নতুন দিল্লী ৰে'ল ষ্টেচনৰ পৰিস্থিতি
শনিবাৰে নিশা নতুন দিল্লীৰ ৰে’ল ষ্টেচনত যাত্ৰীৰ হেঁচা-ঠেলাৰ ফলত সংঘটিত পদপিষ্টৰ ঘটনাত এতিয়ালৈকে ১৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । মনকৰিবলগীয়া যে, এই মৰ্মান্তিক ঘটনা আহত আৰু নিহতৰ ভিতৰত অধিকাংশই মহাকুম্ভৰ বাবে যোৱা ভক্ত আছিল । এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দিল্লীৰ এলজি ভি কে ছাক্সেনাই। দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
উল্লেখ্য যে, এই ঘটনাৰ সংঘটিত হোৱাৰ কাৰণ হিচাপে ৰে’ল প্ৰশাসনৰ গাফিলতিক আঙুলিয়াই দিছে প্ৰত্যক্ষদৰ্শীয়ে ।প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে, সন্ধিয়া ৭ বজাৰ পৰা জনসমাগম বৃদ্ধি পাবলৈ ধৰিছিল। যদিহে প্ৰশাসনে ৰাইজক নিয়ন্ত্ৰণ কৰিলেহেঁতেন তেন্তে এই ধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত নহ’লহেঁতেন। কাৰণ শনিবাৰে নিশা ৯.৫৫ বজাত এই ঘটনা সংঘটিত হৈছিল। ইফালে, বহু যাত্ৰী টিকট নোহোৱাকৈ ৰে’লত উঠিবলৈ চেষ্টা কৰিছিল । সেই যাত্ৰীসকলক টিকট পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন হৈছে।
প্ৰত্যক্ষদৰ্শীয়ে মতে, ষ্টেচনটোত ১২ আৰু ১৬ নম্বৰ প্লেটফৰ্মত অধিক যাত্ৰীয়ে ভিৰ কৰিছিল । য’ত যাত্ৰীৰ মাজত অধিত হেঁচা-ঠেলা হৈছিল । প্ৰয়াগৰাজলৈ যোৱা ৰে’লখন ১৪ নং প্লেটফৰ্মত আহিব বুলি ৰে’লৱে ঘোষণা কৰাৰ সময়তে সকলো যাত্ৰীয়ে দৌৰিবলৈ আৰম্ভ কৰিছিল। একে সময়তে দেৰিকৈ অহা দুখন ৰে’লৰ যাত্ৰীও প্লেটফৰ্মত ভিৰ কৰিছিল বুলি কয় প্ৰত্যক্ষদৰ্শীয়ে ।
আনহাতে ৰে’ল প্ৰশাসনৰ কাউণ্টাৰত টিকট বিক্ৰী হৈ আছিল বুলি অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে । প্ৰত্যক্ষদৰ্শীৰ কয় যে, “পিছত আমি গম পালোঁ প্ৰতি ঘণ্টাত ১৫০০ টিকট বিক্ৰী হৈছিল।” যদি ৰে’লৰ ইমান যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা নাছিল তেন্তে ৰে’লৱেই ইমান টিকট বিক্ৰী কৰা উচিত নাছিল বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰত্য়ক্ষদৰ্শীয়ে ।
এই ঘটনাত আহত লোকসকলক লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তথ্য অনুসৰি, নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত মৰ্মান্তি ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’ল ভৱনত উচ্চপদস্থ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱা সম্ভাৱনা আছে । কোৱা হৈছে যে, নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতে এই বৈঠক আহ্বান কৰা হৈছে।
এই বৈঠকত ৰে’ল মন্ত্ৰীক সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং তথ্য দিয়া হ’ব। বৈঠকৰ সময়ত ৰে’ল মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে বৈষ্ণৱক সম্পূৰ্ণ তথ্য আৰু সকলো ঘটনাৰ বিশদ বিৱৰণ দাঙি ধৰিব।