Haridwar Stampede: হৰিদ্বাৰত ভয়ংকৰ ঘটনা, পদপিষ্ট হৈ ৬ জনৰ মৃত্যু, আহত বহু লোক…

দেওবাৰে পুৱা উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ বিখ্যাত মানসা দেৱী মন্দিৰত সংঘটিত হয় এই দুৰ্ঘটনা। ভক্তৰ হেঁচা-ঠেলাত পদপিষ্ট হৈ কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে।

Haridwar Stampede: হৰিদ্বাৰত ভয়ংকৰ ঘটনা, পদপিষ্ট হৈ ৬ জনৰ মৃত্যু, আহত বহু লোক...

হৰিদ্বাৰ পদপিষ্ট ঘটনা

Published: 

27 Jul 2025 | 11:59 AM

উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভক্তৰ হেঁচা-ঠেলাত পদপিষ্ট হৈ কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে এই পদপিষ্ট ঘটনাত বহু লোক আহত হোৱাৰো খবৰ লাভ কৰা গৈছে । জানিব পৰা মতে, ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ঘটনাস্থলীত উপস্থিত হৈছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী। সমগ্ৰ ঘটনাই দেশজুৰি এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দেওবাৰে পুৱা উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ বিখ্যাত মানসা দেৱী মন্দিৰত সংঘটিত হয় এই দুৰ্ঘটনা। মন্দিৰৰ ওপৰলৈ যোৱা চিৰিত ভিৰ কৰা ভক্তসকলৰ মাজত হেঁচা-ঠেলাৰ পৰিৱেশ সৃষ্টি হয় । ইয়াৰ পিছত ৰাইজৰ হেঁচাত বহু লোক পদপিষ্ট হোৱা বুলি জানিব পৰা গৈছে । পদপিষ্টৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হৈছে ।

আনহাতে কমেও ৩৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু এছডিআৰএফ বাহিনী। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে।

জানিব পৰা মতে, শাওন মাহৰ উপলক্ষে মন্দিৰত বৃহৎ সংখ্যক ভক্তই ভিৰ কৰিছিল। মন্দিৰত তীৰ্থযাত্ৰীৰ ভিৰো বেছি আছিল। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাকলৈ স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগত থকা বুলি কয় উল্লেখ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব