মাজ আকাশতে খুলি পৰিল বিমানৰ খিৰিকী! যাত্ৰীৰ মাজত হাহাকাৰ, তাৰ পিছত…

স্পাইচজেট ফ্লাইট: সকলোৱে জানে যে বিমানৰ খিৰিকী খুলিব নোৱাৰি। বাহিৰৰ বায়ুমণ্ডলৰ পৰা বায়ু প্ৰৱেশ কৰি বিমানখনৰ কেবিনৰ চাপ কমি যোৱাৰ ফলত নিমিষতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে।

মাজ আকাশতে খুলি পৰিল বিমানৰ খিৰিকী! যাত্ৰীৰ মাজত হাহাকাৰ, তাৰ পিছত...

বিমান

Updated On: 

03 Jul 2025 | 11:33 AM

আহমেদাবাদৰ দুৰ্ঘটনাৰ পিছৰে পৰা বহুকেইখনত বিমানত বিজুতিৰ খবৰ পোহৰলৈ আহিছে। কেতিয়াবা যদি বিমানে উচ্চতালৈ যাব নোৱাৰে, কেতিয়াবা আকৌ ইঞ্জিন বিকল হয়। এইবাৰ সংঘটিত হ’ল পূৰ্বে নঘটা এক আচৰিত ঘটনা। মাজ আকাশতে খোল খালে বিমানৰ খিৰিকী। যাৰ ফলত আতংকিত হৈ পৰে যাত্ৰীসকল। হয়তো যিকোনো মুহূৰ্ততে  সংঘটিত হ’লহেঁতেন ডাঙৰ অঘটন! বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰো সম্ভাৱনা আছিল।

গোৱাৰ পৰা পুনে অভিমুখী স্পাইচজেটৰ বিমান SG-1080ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোৱাৰ পৰা পুনেলৈ গৈ থাকোঁতে মাজ আকাশত হঠাতে বিমানখনৰ খিৰিকীৰ ফ্ৰেম খুলি পৰিল। সৌভাগ্যক্ৰমে কেবিনৰ বায়ুৰ চাপ স্বাভাৱিক হোৱাৰ বাবে ডাঙৰ বিপদৰ পৰাৰ ৰক্ষা পৰিল সকলো যাত্ৰী। সকলোৱে জানে যে বিমানৰ খিৰিকী খুলিব নোৱাৰি। বাহিৰৰ বায়ুমণ্ডলৰ পৰা বায়ু প্ৰৱেশ কৰি বিমানখনৰ কেবিনৰ চাপ কমি যোৱাৰ ফলত নিমিষতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’। যাত্ৰীসকলে ৰেকৰ্ড কৰা ভিডিঅ’টোত দেখা গৈছে যে বিমানখনৰ পৰা খিৰিকীখন ঢিলা হৈ পৰিছে। হয়তো যিকোনো মুহূৰ্ততে খিৰিকীখন খুলি পাৰিলেহেঁতেন। শেহতীয়াকৈ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ভয়াৱহতাৰ দৃশ্য সকলোৰে মনত সজীৱ হৈ আছে। তেনেস্থলত বিমানখনৰ এনে অৱস্থাত দেখি যাত্ৰীসকলে যথেষ্ট ভয় খাইছিল। সমগ্ৰ যাত্ৰাটো আতংকৰ মাজেৰে পাৰ কৰিছিল তেওঁলোকে। অৱশ্যে পুনেত অৱতৰণ কৰাৰ পিছত বিমানখনৰ খিৰিকীখন ঠিক কৰি দিয়া হয়।

স্পাইচজেট এয়াৰলাইন্সে জনোৱা মতে, খিৰিকীৰ পৰা ওলাই অহা অংশটো ছাঁৰ বাবে লগোৱা হৈছে। ই এটা প্ৰসাধন ফ্ৰেম। ইয়াৰ ফলত যাত্ৰীসকলৰ সুৰক্ষা বা বিমানখনৰ সুৰক্ষা কোনো কাৰণতে বিপদত নাছিল। লগতে কেবিনৰ চাপ সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত আছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...