পশ্চিমবংগৰ নৱনিৰ্মিত জগন্নাথ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ, পুৰীৰ পৰা আহিছে পাণ্ডাসকল…

আজি পশ্চিমবংগৰ দিঘাত নৱনিৰ্মিত জগন্নাথ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ লগতে  প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ। চৌদিশে  বিৰাজ কৰিছে  উৎসৱমূখৰ পৰিৱেশে। দুদিনীয়া অনুষ্ঠানত উপস্থিত থাকিব বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তদুপৰি আমন্ত্ৰণ জনোৱা হৈছে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলকো। কিন্তু ভগৱান জগন্নাথৰ প্ৰাণ প্ৰতিষ্ঠা কেনেকৈ কৰা হ’ব?

পশ্চিমবংগৰ নৱনিৰ্মিত জগন্নাথ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ, পুৰীৰ পৰা আহিছে পাণ্ডাসকল...

দিঘাৰ নৱনিৰ্মিত জগন্নাথ মন্দিৰ

Published: 

29 Apr 2025 | 01:35 PM

পশ্চিমবংগৰ দিঘাত নৱনিৰ্মিত জগন্নাথ মন্দিৰত এতিয়া উৎসৱমূখৰ পৰিৱেশে বিৰাজ কৰিছে । ২৯ তাৰিখে অনুষ্ঠিত কৰা হৈছে বিশেষ যজ্ঞৰ। তাৰ পিছদিনা অৰ্থাৎ ৩০ তাৰিখ বুধবাৰে আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠানৰ লগতে বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা। এই অনুষ্ঠান সম্পাদন কৰিব বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।  ইতিমধ্যে মন্দিৰ চৌহদত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। অনুষ্ঠান অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলক।

কেনেকৈ কৰা হ’ব ভগৱান জগন্নাথৰ প্ৰাণ প্ৰতিষ্ঠা?

ইস্কনৰ উপ-সভাপতি তথা নৱনিৰ্মিত জগন্নাথ মন্দিৰৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ অন্যতম সদস্য ৰাধৰমান দাসে এই সন্দৰ্ভত টিভি 9 বাংলাৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয়, “গোটেই প্ৰক্ৰিয়াটো আচলতে অতি সুন্দৰ।” প্ৰথমে ২৯ তাৰিখে অনুষ্ঠিত হ’ব মূল যজ্ঞ। যজ্ঞৰ পিছত সন্ধিয়ালৈকে ফুলেৰে সজোৱা বিচনাত শুৱাই দিয়া হ’ব ভগৱান জগন্নাথক।এই বিশেষ যজ্ঞ অনুষ্ঠান সম্পন্ন কৰিবলৈ পুৰীৰ পৰা আহিছে কেইবাগৰাকীও পাণ্ডা।”

ৰাধৰ্মন দাসে কয়, “মন্দিৰৰ ভিতৰত থকা কাঠৰ জগন্নাথ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দায়িত্ব অৰ্পণ কৰা হৈছে পাণ্ডাসকলৰ ওপৰত। ইফালে ভগৱান জগন্নাথ আৰু ৰাধা-কৃষ্ণৰ শিলৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব ইস্কনে।”

তেওঁ লগতে কয়, “প্ৰাণ প্ৰতিষ্ঠা তিনিটা মূল পৰ্যায়ত প্ৰতিষ্ঠিত হয়।  প্ৰথমে দেৱতাক সোণ, ৰূপ, তামৰ তাঁৰেৰে বান্ধি দিয়া হয় আৰু তাঁৰৰে প্ৰধান পুৰোহিতৰ কঁকালত বান্ধি দিয়া হয়। তাৰ পিছত আছে তিনিটা পৰ্যায়ত। প্ৰথমে ঘট স্থাপন, তাৰ পিছত কুণ্ড আৰু শেষত মূৰ্তি প্ৰতিষ্ঠা।” পুৰীকে ধৰি দেশৰ কেইবাটাও স্থানত ৰথযাত্ৰাৰ নিয়ম হৈছে যে ভগৱান জগন্নাথক স্নান কৰোৱাই ১৪ দিন ঘৰৰ ভিতৰতে ৰখা হয়। ৰাধৰ্মন দাসে কয়,  “দিঘাটো অক্ষুন্ন ৰখা হ’ব এই পৰম্পৰাগত নিয়ম” ।

শুভজিৎ মিত্ৰৰ প্ৰতিবেদন

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...