সাৰি নগ’ল নিজৰ বৃদ্ধা মাতৃ! কুলংগাৰ পুত্ৰই দুবাৰকৈ….ক’লে-এয়া ‘শাস্তি’
পুত্ৰৰ বিৰুদ্ধে নিজৰ ৬৫ বছৰীয়া মাতৃক দুবাৰকৈ ধৰ্ষণ কৰাৰ অভিযোগ। মাতৃগৰাকীয়ে নিজেই পুত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ভুক্তভোগী মাতৃৰ অভিযোগৰ ভিত্তিত ধৰ্ষণৰ গোচৰ ৰুজু কৰি অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

দিল্লী আৰক্ষী
পৃথিৱীত আটাইতকৈ পবিত্ৰ সম্পৰ্কটো হৈছে মাতৃ-সন্তানৰ। তাত হয়তো কাৰোৱে সন্দেহ নাই। কিন্তু দেশৰ ৰাজধানী দিল্লীত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। যিয়ে মাতৃ-পুত্ৰৰ পবিত্ৰ সম্পৰ্কক কলংকিত কৰিছে। মধ্য দিল্লীৰ হাউজ কাজী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এজন ৩৯ বছৰীয়া পুত্ৰক। ৬৫ বছৰীয়া মাতৃক ধৰ্ষণ কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে।
অভিযুক্তই দুবাৰকৈ মাতৃৰ সৈতে ঘৃণনীয় কাম কৰাৰ অভিযোগ। আৰক্ষীৰ আগত ভুক্তবোগী মাতৃয়ে কোৱা মতে, বহু বছৰ পূৰ্বে বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহৰ বাবে পুত্ৰই এই শাস্তি প্ৰদান কৰা বুলি দাবী কৰিছে। হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে ২৫ বছৰীয়া কন্যাৰ সৈতে বৃদ্ধাগৰাকীয়ে হাউজ কাজী থানাত উপস্থিত হৈ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে।
ধৰ্মীয় ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত…
হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, চলিত মাহৰ আৰম্ভণিতে ধৰ্মীয় ভ্ৰমণৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত পুত্ৰই তেওঁৰ সৈতে এই জঘন্য কামটো কৰিছিল। অভিযোগ অনুসৰি, অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী স্বামী, অভিযুক্ত পুত্ৰ আৰু তেওঁলোকৰ এগৰাকী কন্যাৰ সৈতে হাউজ কাজীত থাকে পৰিয়ালটো। তেওঁৰ বিবাহিত জ্যেষ্ঠ কন্যা একেটা স্থানীয় অঞ্চলতে শহুৰৰ ঘৰত থাকে।
১৭ জুলাইত মহিলাগৰাকী, তেওঁৰ স্বামী আৰু কনিষ্ঠ কন্যা তীৰ্থযাত্ৰাৰ বাবে চৌদি আৰৱলৈ যায়। ৮ দিনৰ পাছত তেওঁলোক বহিঃৰাজ্যত থকাৰ সময়তে অভিযুক্তই পিতৃক ফোন কৰি উভতি আহিবলৈ কয়। মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কোৱা অনুসৰি পুত্ৰই কৈছিল, “আমি দিল্লীলৈ আহিব লাগে কাৰণ তেওঁ বিচাৰে মোৰ স্বামীয়ে মোৰ সৈথে বিবাহ বিচ্ছেদ কৰক।”
লগতে কয়, “পুত্ৰই দাবী কৰিছিল তেওঁ গ’ম পাইছিল যে মোৰ আন পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্ক আছে। সৰু ভনীয়েক জন্ম হোৱাৰ আগতেই এয়া ঘটিছিল আৰু মোৰ স্বামীয়ে কামৰ বাবে ওলাই গৈছিল। ইয়াৰ পিছত ১ আগষ্টত সমগ্ৰ পৰিয়ালটো দিল্লীলৈ উভতি যায়।” পৰিয়ালটো আহি পোৱাৰ লগে লগে অভিযুক্তই মাতৃক আক্ৰমণ কৰাৰ অভিযোগ। পিছত ভয় খাই মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহি ডাঙৰ ছোৱালীজনীৰ সৈতে থাকিবলৈ আৰম্ভ কৰে।
১১ আগষ্টত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত তেওঁ উভতি আহিছিল। অভিযোগ মতে, সেইদিনা নিশা প্ৰায় ৯.৩০ বজাত পুত্ৰই পৰিয়ালৰ আন সদস্যক অকলে তেওঁৰ (মাতৃ)ৰ লগত কথা পাতিব বুলি কয় । তাৰ পিছত তেওঁক এটা কোঠাত আবদ্ধ কৰি ধৰ্ষণ কৰে। এয়া পূৰ্বৰ কাণ্ডৰ বাবে শাস্তি বুলি উল্লেখ কৰে।
তাৰ পিছত লাজতে মহিলাগৰাকীয়ে ততাতৈয়াকৈ ঘটনাৰ খবৰ নিদিলে আৰু নিৰাপত্তাৰ বাবে কন্যাৰ কোঠাত শুবলৈ যায়। বৃহস্পতিবাৰে নিশা প্ৰায় ৩.৩০ বজাত অভিযুক্তই কোঠাটোত প্ৰৱেশ কৰি পুনৰ যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন কৰে। পিছদিনা ভুক্তভোগীয়ে কনিষ্ঠ কন্যাৰ আগত ঘটনাটো বৰ্ণনা কৰে। তেওঁ মাতৃ আৰক্ষীৰ ওচৰলৈ যাবলৈ ক’লে।
ইয়াৰ পিছতে মহিলাগৰাকীয়ে পুত্ৰৰ বিৰুদ্ধে হাউজ কাজী থানাত লিখিত এজাহাৰ দাখিল কৰে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৬৪ (ধৰ্ষণ) ধাৰাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।
লগতে পঢ়ক: এজন ব্যক্তি, এটা ভোট… ‘ভোটাৰ অধিকাৰ যাত্ৰা’ লৈ জনতাৰ কাষত ৰাহুল গান্ধী