গাড়ীৰ ভিতৰত ধূমপান কৰে নেকি? কেনে শাস্তি হ’ব পাৰে জানেনে আপুনি!

সাধাৰণতে আমাৰ অধিকাংশ লোকেই ট্ৰেফিক নিয়মৰ বিষয়ে ভালদৰে জ্ঞাত নহয়। এনে অজ্ঞতাৰ ফৈলতে বহুসময়ত নজনাকৈয়ে ভুল কৰা হয় আৰু ইয়াৰ ফলত বহু সময়ত আৰক্ষীয়ে চালান কাটিব পাৰে। গাড়ীৰ ভিতৰত ধূমপান কৰাৰ ক্ষেত্ৰতো এনে পৰিস্থিতি হ’ব পাৰে।

গাড়ীৰ ভিতৰত ধূমপান কৰে নেকি? কেনে শাস্তি হ’ব পাৰে জানেনে আপুনি!

প্ৰতিনিধিত্নমূলক ছবি

Published: 

03 Jul 2025 | 04:40 PM

দুৰ্ঘটনা ৰোধৰ বাবে পথত যান-বাহন আৰক্ষীয়ে বাহন ৰখাই চালকে মদ্যপান কৰিছে নেকি তাৰ পৰীক্ষা কৰা হয়তো আপুনি দেখিছে। কেতিয়াবা হয়তো আপুনিও আৰক্ষীৰ এই পৰীক্ষাৰ সন্মুখীন হ’ব লগা হৈছে। যদি এনে পৰীক্ষাত চালকজনে মদ্যপান কৰি যোৱা বুলি প্ৰমাণিত হয়, তেতিয়া আইন অনুসৰি ব্যক্তিজন শাস্তিৰ সন্মুখীন হ’বলগা হয়। এই কথা হয়তো আপুনি ভালদৰেই জানে। পিছে আপুনি জানেনে যে আপুনি গাড়ীত বহি বা গাড়ী চলাই থকাৰ সময়ত ধূমপান কৰিলেও শাস্তিৰ সন্মুখীন হ’ব পাৰে।

যদি আপুনি এই বিষয়ে জ্ঞাত নহয়, তেতিয়া হয়তো এই কথাত আচৰিত হৈ উঠিব পাৰে। পিছে আপুনি আচৰিত হ’লেও এয়া সঁচা। গাড়ীৰ ভিতৰত ধূমপান কৰিলে শাস্তিৰ বিধানৰ কথা মটৰ ভেহিকল এক্টত উল্লেখ আছে। গতিকে জানো আহক গাড়ীৰ ভিতৰত ধূমপান কৰিলে আইনৰ কেনে শাস্তিৰ সন্মুখীন হ’বলগা হয়। কোনটো ধাৰাত চালান জাৰি কৰা হয় আৰু ধৰা পৰিলে কিমান টকা দিব লাগিব।

সাধাৰণতে আমাৰ অধিকাংশ লোকেই ট্ৰেফিক নিয়মৰ বিষয়ে ভালদৰে জ্ঞাত নহয়। এনে অজ্ঞতাৰ ফৈলতে বহুসময়ত নজনাকৈয়ে ভুল কৰা হয় আৰু ইয়াৰ ফলত বহু সময়ত আৰক্ষীয়ে চালান কাটিব পাৰে। গাড়ীৰ ভিতৰত ধূমপান কৰাৰ ক্ষেত্ৰতো এনে পৰিস্থিতি হ’ব পাৰে।

মটৰ ভেহিকল এক্টৰ DMVR 86.1(5)/177 ধাৰাৰ অধীনত গাড়ীত বহি থকা অৱস্থাত বা চলাই থকাৰ সময়ত ধূমপান কৰিলে আৰক্ষীয়ে ট্ৰেফিক চালান কাটিব পাৰে। দেশৰ ৰাজধানী দিল্লীত এই ধৰণৰ প্ৰথমবাৰৰ ভুলৰ বাবে ৫০০ টকা জৰিমনা ভৰিবলগা হ’ব পাৰে। ইয়াৰ পিছত পুনৰ এনে ভুল কৰিলে ১৫০০ টকাৰ চালান কটা হয়।

গাড়ীৰ ভিতৰত বুলিয়েই নহয়, ধূমপান আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়ে পৰাপক্ষত এনে অভ্যাসৰ পৰা আঁতৰি থকা উচিত। তাৰ পিছতো আপুনি যদি ধূমপান কৰে, তেতিয়া কিছুমান বিশেষ সাৱধানতা মানি চলা উচিত। এনে সাৱধানতা হিচাপেই CNG গাড়ী চলাই থকাৰ সময়ত এনে ভুল কৰাৰ পূৰ্বে ১০০বাৰ চিন্তা কৰা উচিত।

কাৰণ, গাড়ীত লগোৱা CNG চিলিণ্ডাৰত যদি গেছ লিক হয় আৰু সেই সময়ত আপুনি ধূমপান কৰি থাকে, তেতিয়া গাড়ীত জুই লগাৰো সম্ভাৱনা থাকে। অৰ্থাৎ কেৱল আৰক্ষীৰ চালান বুলিয়েই নহয়, গাড়ীত ধূমপানৰ অভ্যাসে আপোনাৰ জীৱনলৈও বিপদ কঢ়িয়াই আনিব পাৰে।

বিশেষ দ্ৰষ্টব্যঃ আপুনি যাতে ট্ৰেফিক নিয়মৰ বিষয়ে এক সঠিক তথ্য লাভ কৰে আৰু ভুল কৰাৰ পৰা আঁতৰি থাকিব পাৰে, তাৰ বাবেহে এই খবৰ প্ৰকাশ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...