হৃদয় বিদাৰক! হুৰমূৰকৈ খহি পৰিল অট্টালিকাৰ নাম ফলক, ডেৰ বছৰীয়া শিশুসহ ছয়জনে হেৰুৱালে প্ৰাণ

এটা অট্টালিকাৰ নাম ফলক ভাঙি বাগৰি পৰাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ জন লোকে। এই দুৰ্ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত নিহত লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এটি ডেৰ বছৰীয়া শিশুও আছে বুলি খবৰ প্ৰকাশ পাইছে।

হৃদয় বিদাৰক! হুৰমূৰকৈ খহি পৰিল অট্টালিকাৰ নাম ফলক, ডেৰ বছৰীয়া শিশুসহ ছয়জনে হেৰুৱালে প্ৰাণ

দুৰ্ঘটনাস্থলীত লগে লগে চলোৱা হয় উদ্ধাৰ অভিযান

Published: 

20 May 2025 21:45 PM

এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি তুলিছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ থানে জিলাৰ কল্যাণ চহৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এটা অট্টালিকাৰ নাম ফলক ভাঙি বাগৰি পৰাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ জন লোকে। এই দুৰ্ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত নিহত লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এটি ডেৰ বছৰীয়া শিশুও আছে বুলি খবৰ প্ৰকাশ পাইছে। শ্ৰী সপ্তশ্ৰুংগী ভৱন নামৰ এটা অট্টালিকাৰ ফলক খহি পৰি এই দুৰ্ঘটনা সংঘটিত হয়।

স্থানীয় কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। সম্প্ৰতি আটাইকেইজন লোক স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

প্ৰকাশিত খবৰ অনুসৰি, শ্ৰী সপ্তশ্ৰুংগী ভৱন নামৰ এই চাৰি মহলীয়া অট্টালিকাটো প্ৰায় ৩৫ বছৰ পুৰণি। অট্টালিকাটোত মেৰামতিৰ কামো শেহতীয়াকৈ আৰম্ভ কৰা হৈছে। আজি হঠাতে অট্টালিকাটোৰ দ্বিতীয় মহলাৰ ফলকখন তললৈ বাগৰি পৰে। ইয়াৰ ফলত প্ৰমিলা সাহু (৫৮), সুনীতা সাহু (৩৭), সুজাতা পদী (৩২),সুশিলা গুজাৰ (৭৮) আৰু ব্যংকট চাভান (৪২)ৰ লগতে নামছি শ্বেলাৰ নামৰ এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যু হয়।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় চাৰি ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ অভিযানৰ অন্ত পৰে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আহত লোকসকলৰ নাম অৰুণা ৰোহিদাস গীৰনাৰায়ণ (৪৮), শৰবিল শ্ৰীকান্ত শ্বেলাৰ (০৪), বিনায়ক মনোজ পাধি (৪৫), যশ ক্ষীৰসাগৰ (১৩), নিখিল খৰাট (২৭), শ্ৰদ্ধা সাহু (১৪) বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে।

শৰীৰত তেজৰ অভাৱ হ'লে ছালত দেখা পাব এইসমূহ লক্ষণ, সাৱধান হওক
ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..