মহাকাশৰ পৰা ভাৰত আজিও ধুনীয়াঃ শুভাংশু শুক্লাই শ্বেয়াৰ কৰিলে মহাকাশৰ অভিজ্ঞতা…

মহাকাশৰ সফল অভিযানৰ পাছত ভাৰতত উপস্থিত গৈছে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা। আজি তেওঁ সংবাদমেল সম্বোধন কৰি অভিযানৰ বিষয়ে কয়। লগতে অনুকুলন আৰু গগনযান অভিযানৰ প্ৰস্তুতিৰ কথা জনায়।

মহাকাশৰ পৰা ভাৰত আজিও ধুনীয়াঃ শুভাংশু শুক্লাই শ্বেয়াৰ কৰিলে মহাকাশৰ অভিজ্ঞতা...

শুভাংশু শুক্লা

Published: 

21 Aug 2025 | 04:23 PM

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সফল অভিযানৰ পাছত ভাৰতলৈ উভতি আহিছে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা। দেশত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে বৃহস্পতিবাৰে দিল্লীত সংবাদমেল সম্বোধন কৰি মহাকাশ অভিযানৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। এই সময়চোৱাত তেওঁৰ লগত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণন আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং  উপস্থিত থাকে।

চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি শুভাংশুয়ে কয় যে, মোক অভিযানৰ বাবে বাচনি কৰাৰ বাবে চৰকাৰ আৰু ইছৰোক ধন্যবাদ। তাৰ পাছত তেওঁ গগণযান অভিযানৰ কথা কয়। তেওঁ কয় যে গগণযান অভিযান হৈছে ইছৰোৰ মানৱ মহাকাশ অভিযান। ইয়াৰ অধীনত ২০২৭ চনত বায়ুসেনাৰ তিনিজন পাইলট মহাকাশযানেৰে মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।

দিল্লীৰ মিডিয়া চেণ্টাৰত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, “মহাকাশৰ লগত খাপ খাবলৈ শৰীৰক ৩-৪ দিনৰ প্ৰয়োজন হয়। এই অভিযান বহু দিশত সফল হৈছিল। যিকোন প্ৰশিক্ষণতকৈ এই অভিযানৰ অভিজ্ঞতা বেছি আছিল। যিমানেই প্ৰশিক্ষণ নলও কিয়, যেতিয়া ৰকেট উৰা মাৰে তেতিয়া তাৰ অনুভৱ অতুলনীয়”। তেওঁ কয়, মহাকাশ ভ্ৰমণ কৰিলে শৰীৰৰ বহু পৰিবৰ্তন ঘটে। অৱশ্যে পাছলৈ সকলো ঠিক হৈ যায়। শৰীৰে নিজকে এডজাষ্ট কৰি লয়।

 

ভাৰত এতিয়াও আটাইতকৈ ধুনীয়া

শুভাংশ শুক্লাই কয় যে এতিয়া সময় সলনি হৈছে। আজিকালিৰ শিশুয়ে মহাকাশচাৰী হোৱাৰ চিন্তা কৰে। ইছৰো সাজু আছে। এয়া মোৰ বাবে সুখৰ বিষয়। কেতিয়াও ভবা নাছিলো যে মহাকাশ ভ্ৰমণ কৰিম। কিন্তু সপোন দেখিলেহে যাব পাৰিম। মই আজি এটা বাৰ্তা দিব বিচাৰো যে, আজিও মহাকাশৰ পৰা ভাৰত আজিও আটাইতকৈ ধুনীয়া।

এই সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে বিগত সময়চোৱাত মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত আমি বিভিন্ন পদক্ষেপ হাতত লৈছো। আমি কৌশল তৈয়াৰ কৰি তাৰ সৈতে আগবাঢ়িছো। আমাৰ মহাকাশ বিজ্ঞান খণ্ডৰ অৰ্থনীতি ৮ মিলিয়ন মাৰ্কিন ডলাৰ, যি ভৱিষ্যতে ৪৫ হ’ব।

ইয়াৰ লগতে ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দক্ষিণ এছিয়াৰ উপগ্ৰহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে ইয়াক উতক্ষেপন কৰা হয় আৰু বেলেগ দক্ষিণ এছিয়াৰ দেশকো দিয়া হয়। তেওঁৰ নেতৃত্বত আমি  জি-২০ দেশসমূহৰ বাবে জি-২০ উপগ্ৰহও নিৰ্মাণ কৰিছো। ১০ বছৰ আগতে মহাকাশ খণ্ডত আমাৰ মাত্ৰ এটা ষ্টাৰ্টআপ কোম্পানী আছিল। কিন্তু আজি আমাৰ মহাকাশ উদ্যোগত ৩০০ৰো অধিক ষ্টাৰ্টআপ আছে।

 

অন্য খবৰ পঢ়কঃ যুৱতীয়ে বিচাৰিছিল সহায়! প্ৰেমিকে লৈ গ’ল জংঘললৈ, পাছত দুই বন্ধুৰ সৈতে মিলি জঘন্য কাণ্ড…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...