স্বামী-শহুৰেক থাকে অসমত ! শাহুৱেকক হত্যা কৰি গহনা বিক্ৰী কৰিলে বোৱাৰীয়েকে…

স্বামী সৈতে শহুৰেক থাকে অসমত । বোৱাৰীয়েকে তেওঁৰ মাতৃৰ সৈতে মিলি হত্যা কৰিছে শাহুৱেকক । কেৱল সেয়াই নহয়, হত্যা কৰি গহনাও বিক্ৰী কৰে দুয়োৱে ।

স্বামী-শহুৰেক থাকে অসমত ! শাহুৱেকক হত্যা কৰি গহনা বিক্ৰী কৰিলে বোৱাৰীয়েকে...

প্ৰতীকী ফটো

Updated On: 

12 Mar 2025 11:05 AM

স্বামী আৰু শহুৰেক থাকে অসমত । শাহুৰেকক হত্যা কৰি তেওঁৰ সকলো গহনা বিক্ৰী কৰিলে বোৱাৰীয়েকে । ঘটনাৰ বিৱৰণ অনুসৰি, কিছুদিন পূৰ্বে আৰক্ষীয়ে কুমোৰ্টুলী ঘাটৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মাক-কন্যাক গ্ৰেপ্তাৰ কৰিছিল। সেই ঘটনাৰ পিছৰে পৰা কন্যা ফালগুনি ঘোষ আৰু মাতৃ আৰতি ঘোষৰ নাম চৰ্চালৈ আহিছে। জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহটো ফালগুনি ঘোষৰ শাহুৱেকৰ বুলি চিনাক্ত কৰা হৈছে । অভিযোগ উত্থাপন হৈছে যে, দুই মাতৃ-কন্যাই তেওঁক হত্যা কৰিছে ।

আৰক্ষীৰ তদন্ত অনুসৰি, ফালগুনি আৰু আৰতিয়ে শাহুৱেক সুমিতাক হত্যা কৰি ক্ষান্ত থকা নাছিল । সুমিতাৰ শৰীৰত থকা সকলো গহনা বিক্ৰী কৰিছিল তেওঁলোকে । এইবাৰ আকৌ ফালগুনি কুকীৰ্তিক পোহৰলৈ আনিছে শহুৰেক সুবল ঘোষে।

জানিব পৰা মতে, ফালগুনিৰ স্বামী সৈতে শহুৰেক অসমত থাকে । শহুৰেক সুবল ঘোষক মধ্যমগ্ৰাম আৰক্ষী থানাই ফোন কৰি এই ঘটনাৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল । সোমবাৰে অসমৰ যোৰহাটৰ পৰা মধ্যমগ্ৰাম থানাত উপস্থিত হয় সুবল ঘোষ। থানাত উপস্থিত হোৱাৰ পাছতে তদন্তকাৰীয়ে তেওঁক জেৰা কৰে। ইয়াৰ পিছতে সুবল ঘোষে সংবাদ মাধ্যমৰ আগত কয় যে, এই হত্যাকাণ্ড সংঘটিত কৰা সকলক কঠোৰ শাস্তি দিয়াটো বিচাৰিছে ঘোষ পৰিয়ালে।

দুখ প্ৰকাশ কৰি লগতে তেওঁ কয় যে, যাক তেওঁ বোৱাৰী হিচাপে বাছি লৈছিল, তেওঁ যে তেনেকুৱা কৰিব পাৰে সেই কথাও কল্পনাও কৰিব পৰা নাছিল। তেওঁ কয়,”মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ’ল। এই ছোৱালীজনীক মই মোৰ ল’ৰাৰ পত্নী হিচাপে লৈ আহিলো।”

সুবল ঘোষে কয় যে, ২০১৮ চনত বিবাহৰ ৱেবছাইটত ফালগুনিৰ সৈতে পৰিচয় হৈছিল । তাৰ পিছত তেওঁলোকৰ পুত্ৰ শুভংকৰৰ সৈতে ফালগুনিক বিয়া কৰাইছিল। শহুৰেকক খবৰ দিয়া হৈছিল যে, ফালগুনিৰ পিতৃৰ হাৰ্ট এটেকত মৃত্যু হৈছে। তেতিয়াৰ পৰা কন্যা ফালগুনিয়ে টিউচন আৰু মাতৃ আৰতি দেৱীয়ে ফিজিঅ’থেৰাপি কৰি পৰিয়ালটো চলাইছিল। কিন্তু আজিৰ দিনটোতে সুবল ঘোষে ফালগুনিৰ পিতৃৰ মৃত্যুক লৈয়ো প্ৰশ্ন উত্থাপন কৰে।

ইফালে, শহুৰেক সুবল ঘোষে পুত্ৰৰ পত্নীৰ নিয়মীয়া মদ্যপানৰ কথা মুকলিকৈ প্ৰকাশ কৰে । তেওঁ কয়, “মই প্ৰথমে বুজি পোৱা নাছিলো। পিছত গম পালোঁ, তেওঁ আগতে মদ খাইছিল। নিয়মীয়া ৰাতি তেওঁক বিচাৰিবলগীয়া হয় । এবাৰ চুবুৰীৰ পেভিলিয়নত মদ খাই পৰি আছিল। গাঁৱৰ মানুহে তেওঁক উদ্ধাৰ কৰিছিল ।” সুবল ঘোষে দাবী কৰে যে, তেওঁৰ পুত্ৰই সকলো জানিও পৰিয়ালটোৰ সন্মান হেৰুৱাৰ ভয়ত কেতিয়াও মুখ খোলা নাছিল । সোমবাৰে ন্যায়াধীশে ফালগুনিক আৰু তিনিদিন আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। তেওঁৰ মাতৃ আৰতি ঘোষ এতিয়া কাৰাগাৰত ।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...