এবাৰো নকঁপিল মৰমৰ দুখন হাত! ৫০লৈ লিখিব নোৱাৰাৰ বাবে ৪ বছৰীয়া কন্যাৰ ওপৰত পাশৱিক কাণ্ড পিতৃৰ
কৃষ্ণাই তেওঁৰ ৪ বছৰীয়া কন্যাক ঘৰতে পঢ়ুৱাই আছিল। তেওঁ কন্যাক বহীত ১-ৰ পৰা ৫০-লৈ লেখিবলৈ দিছিল। কিন্তু শিশুটিয়ে সম্পূৰ্ণকৈ লেখিব নোৱাৰাৰ বাবেই কৃষ্ণাই খঙত কন্যাক অতি নিষ্ঠুৰ ৰূপ লয়। তাৰ পিছত যি ঘটনা ঘটিলে, সেই ঘটনাই কঁপাই তুলিছে সমগ্ৰ দেশ।

প্ৰতিনিধিত্বমূলক ছবি
পিতৃ মানেই সন্তানৰ বাবে এক মৰম তথা নিৰাপত্তাৰ কোলা। পিছে সেই পিতৃয়েই যেতিয়া সন্তানৰ ওপৰত নৃশংস হৈ পৰে, মানৱ সমাজৰ বাবে সেয়া এক লজ্জাজনক উদাহৰণ হৈ পৰে। মানৱ সমাজক লজ্জানত কৰা তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে। লিখিবলৈ দিয়াৰ দৰে ৫০লৈ লিখিব নোৱাৰাৰ বাবেই এগৰাকী পিতৃয়ে কোবাই কোবাই প্ৰাণ ল’লে কন্যা সন্তানৰ। পিতৃৰ এনে পাশৱিক অত্যাচাৰত শোকাৱহভাৱে প্ৰাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুটিয়ে।
এই জঘন্য কাণ্ড সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদত। শিক্ষাৰ নামত এজন পিতৃয়ে অমানুষিকভাৱে প্ৰহাৰ কৰি হত্যা কৰিলে নিজৰ ৪ বছৰীয়া কন্যাক। পিতৃ-কন্যাৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই তুলিছে, স্তম্ভিত কৰিছে সকলোকে।
আৰক্ষীৰ তদন্তত পোহৰলৈ এনে ঘটনা
শুকুৰবাৰে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে ফৰিদাবাদৰ ছেক্টৰ-৫৮ থানা অঞ্চলত সংঘটিত হোৱা এই ঘটনা। অভিযুক্ত পিতৃজনৰ নাম কৃষ্ণা জয়ছোৱাল (৩১)। উত্তৰ প্ৰদেশৰ সোনভদ্ৰৰ নিবাসী কৃষ্ণা আৰু তেওঁৰ পত্নী ফৰিদাবাদৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। পত্নীয়ে দিনৰ ভাগত কামলৈ যোৱাৰ বিপৰীতে কৃষ্ণাই ঘৰতে থাকি সন্তানৰ যত্ন লৈছিল আৰু কন্যাক পঢ়ুৱাইছিল।
৫০ লৈ লেখিব নোৱাৰাৰ পৰিণতি
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, ঘটনাৰ দিনা কৃষ্ণাই তেওঁৰ ৪ বছৰীয়া কন্যাক ঘৰতে পঢ়ুৱাই আছিল। তেওঁ কন্যাক বহীত ১-ৰ পৰা ৫০-লৈ লেখিবলৈ দিছিল। কিন্তু শিশুটিয়ে সম্পূৰ্ণকৈ লেখিব নোৱাৰাৰ বাবেই কৃষ্ণাই খঙত কন্যাক অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। গুৰুতৰ আঘাতত কন্যা সন্তানটি বেহুঁচ হৈ পৰিছিল আৰু মূৰত হোৱা গভীৰ আঘাতৰ ফলত ঘটনাস্থলীতেই শিশুটিৰ মৃত্যু হয়।
আৰক্ষীৰ ওচৰত অভিযোগ মাতৃ
সন্ধিয়া কামৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মাতৃগৰাকীয়ে নিজৰ সন্তানক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। স্বামীৰ আচৰণত সন্দেহ হোৱাত তেওঁ তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে লগে লগে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে অভিযুক্ত পিতৃ কৃষ্ণাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে। বৰ্তমান তেওঁ এদিনৰ আৰক্ষীৰ জিম্মাত আছে। তেওঁ পূৰ্বেও কণমানিজনীৰ ওপৰত এনেদৰে অত্যাচাৰ কৰিছিল নেকি, সেই সন্দৰ্ভত অধিক তদন্ত চলাই থকা হৈছে।