জঘন্য! ছুটকেছৰ ভিতৰত মৃতদেহৰ টুকুৰা, সংগীৰ প্ৰাণ লৈ শহুৰ-শাহুৰ আগত কৰিলে এনে…

বাংগালুৰুৰ পৰা পোহৰলৈ আহিছে এনে এক চাঞ্চল্যকৰ ঘটনা। হুলিমাভুত ছুটকেছত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। ছুটকেছত উদ্ধাৰ হোৱা মহিলাগৰাকীক হত্যা কৰিছে খোদ তেওঁৰ স্বামীয়ে। এই জঘন্য কাণ্ড কৰাৰ পিছতে স্বামীয়ে মৃতদেহটো টুকুৰা টুকুৰ কৰি এটা ছুটকেছত ভৰাই দিয়ে। আনকি নিহত পত্নীৰ পিতৃ-মাতৃক ফোন কৰি এই হত্যাৰ খবৰো দিয়ে ব্যক্তিজনে।

জঘন্য! ছুটকেছৰ ভিতৰত মৃতদেহৰ টুকুৰা, সংগীৰ প্ৰাণ লৈ শহুৰ-শাহুৰ আগত কৰিলে এনে...

বাংগালুৰুত চাঞ্চল্যকৰ কাণ্ড

Updated On: 

28 Mar 2025 00:03 AM

ইটোৰ পিছত সিটোকৈ দেশ কঁপোৱা হত্যাকাণ্ডৰ খবৰে শেহতীয়া সময়ছোৱাত দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ বাংগালুৰুৰ হুলিমাভুৰ পৰা পোহৰলৈ আহিছে এনে এক চাঞ্চল্যকৰ ঘটনা। হুলিমাভুৰ ডোড্ডা কাম্মানাহল্লীত ছুটকেছত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। ছুটকেছত উদ্ধাৰ হোৱা মহিলাগৰাকীক হত্যা কৰিছে খোদ তেওঁৰ স্বামীয়ে। এই জঘন্য কাণ্ড কৰাৰ পিছতে স্বামীয়ে মৃতদেহটো টুকুৰা টুকুৰ কৰি এটা ছুটকেছত ভৰাই দিয়ে। আনকি নিহত পত্নীৰ পিতৃ-মাতৃক ফোন কৰি এই হত্যাৰ খবৰো দিয়ে ব্যক্তিজনে।

সম্প্ৰতি বাংগালুৰু আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই ভয়ংকৰ ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে। প্ৰকাশিত খবৰ অনুসৰি এবছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ দম্পতী ৰাকেশ আৰু গৌৰী অনিল সম্বেকাৰ (৩২) বেংগালুৰুৰ ডোড্ডা কম্মানহল্লী অঞ্চলৰ এটা ঘৰত বাস কৰিবলৈ লৈছিল। দুয়োজনে এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল আৰু ঘৰৰ পৰাই তেওঁলোকৰ কাম পৰিচালনা কৰিছিল।

ওচৰ-চুবুৰীয়াৰ ভাষ্য মতে, দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল আৰু এই কথাত সমীপৰ লোকসকলেও সমস্যাত পৰিছিল। বহুবাৰ ওচৰ চুবুৰীয়াই দুয়োকে বুজনি দিছিল যদিও দুয়োৰে মাজত বিবাদ অব্যাহত আছিল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে আজি ৰাকেশে পত্নী গৌৰীক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি পেলায়। তাৰ পিছত মৃতদেহৰ টুকুৰাবোৰ ছুটকেছ এটাত ভৰাই লয় ৰাকেশে।

ইয়াৰ পিছত ৰাকেশে মহাৰাষ্ট্ৰত বাস কৰা গৌৰীৰ পিতৃ-মাতৃক ফোন কৰি গৌৰীক হত্যা কৰা বুলি নিজ মুখে জানিবলৈ দিয়ে। এই কথা শুনি গৌৰীৰ মাক-দেউতাক হতভম্ব হৈ পৰে। লগে লগে তেওঁলোকে সমীপৰ আৰক্ষী চকীলৈ গৈ এই বিষয়ে অৱগত কৰে। মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বেংগালুৰুৰ হুলিমাভু আৰক্ষী লগে লগে সেই স্থানত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।

ইফালে আৰক্ষীক দেখা পাই স্থানীয় লোকসকলেও ৰাকেশৰ জঘন্য কাণ্ডৰ বিষয়ে জানিব পাৰে আৰু ঘটনস্থলীৰ কাষ চাপি আহে। আৰক্ষীয়ে কিছু সময়ৰ ভিতৰতে মৃতদেহ ভৰাই থোৱা ছুটকেছটো উদ্ধাৰ কৰে আৰু লগে লগে মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৱশ্যে আৰক্ষীয়ে ৰাকেশক গ্ৰেপ্তাৰ কৰিছে নে নাই সেই বিষয়ে এতিয়াও তথ্য লাভ কৰা হোৱা নাই। ইফালে নিহত গৌৰীৰ পিতৃ-মাতৃও ইতিমধ্যে বাংগালুৰুত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

Related Stories
হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত
ভাৰতৰে এখন ৰাজ্যত পাঁচ বছৰত সন্ধানহীন প্ৰায় ১৩০০০ শিশু, পোহৰলৈ আহিছে ভয়ংকৰ ছবি
সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
‘অদৃশ্য’ হৈ শত্ৰুক কৰিব পাৰিব নিৰ্মূল ! ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে
গাড়ীৰে গৈ থাকোতেই হঠাৎ পাহাৰৰ পৰা খহি আহিল শিল-মাটি, মুহূৰ্ততে প্ৰাণ হেৰুৱালে শিশুসহ ৭ গৰাকীয়ে
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…