এইবাৰ ATM ত প্ৰৱঞ্চনাৰ জাল, হেল্পলাইনত ফোন কৰাৰ পাছতে বেংকৰ টকা হেৰুৱালে প্ৰসেনজিতে…

আমাৰ দৈনন্দিন প্ৰায়বোৰ কাম-কাজ ডিজিটেলাইজ হোৱাৰ লগে লগে প্ৰৱঞ্চনাৰ সম্ভাৱনাও বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ অনলাইন প্ৰৱঞ্চনাবোৰে আমাৰ মনৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰভাৱ পেলাইছে । এই প্ৰতিবেদনৰ জৰিয়তে আপোনাক এনে এটা খবৰ দিব বিচাৰিছো, যি খবৰে আপোনাক আচৰিত কৰি তুলিব ।

এইবাৰ ATM ত প্ৰৱঞ্চনাৰ জাল,  হেল্পলাইনত ফোন কৰাৰ পাছতে বেংকৰ টকা হেৰুৱালে প্ৰসেনজিতে...

ATM প্ৰৱঞ্চকৰ জালত প্ৰসেনজিৎ

Published: 

17 Feb 2025 | 05:16 PM

প্ৰৱঞ্চকে কেতিয়া কেনেকৈ জাল পাতে কোনেও ধৰিব নোৱাৰে । প্ৰায়ে ৰাজ্যখনত সংঘটিত প্ৰৱঞ্চনাৰ খবৰ প্ৰকাশ পাই থাকে । আমাৰ দৈনন্দিন প্ৰায়বোৰ কাম-কাজ ডিজিটেলাইজ হোৱাৰ লগে লগে প্ৰৱঞ্চনাৰ সম্ভাৱনাও বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ অনলাইন প্ৰৱঞ্চনাবোৰে আমাৰ মনৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰভাৱ পেলাইছে । এই প্ৰতিবেদনৰ জৰিয়তে আপোনাক এনে এটা খবৰ দিব বিচাৰিছো, যি খবৰে আপোনাক আচৰিত কৰি তুলিব ।

খবৰটো এনেধৰণৰ- পশ্চিম বংগৰ শিলিগুৰি চহৰৰ এটা ব্যক্তিগত বেংকৰ এটিএমৰ পৰা ধন উলিয়াবলৈ আহিছিল প্ৰসেনজিৎ চক্ৰৱৰ্তী নামৰ এজন লোক । লোকজনে ধন উলিয়াবৰ বাবে এটিএমত নিজৰ বেংক কাৰ্ডখন ভৰাই দিয়ে । ইয়াৰ পাছতে আবদ্ধ হৈ পৰে তেওঁৰ এটিএম কাৰ্ডখন । এটিএম কাৰ্ডখন আবদ্ধ হৈ পৰাত অধিক চিন্তিত হৈ পৰে লোকজন । কোনো উপায় নোপোৱাত এটিএমটোত লিখি ৰখা ‘হেল্পলাইন’ নম্বৰত ফোন কৰি সহায় বিচাৰে প্ৰসেনজিতে।

‘হেল্পলাইন’ নম্বৰত কৰা ফোন কলত তেওঁ কিছু সহাঁৰি লাভ কৰে । ফোন কলৰ সিফালৰ পৰা প্ৰসেনজিৎৰ সমস্যাৰ প্ৰতি সহাঁৰি জনাই কেইটামান নম্বৰ টিপিবলৈ পৰামৰ্শ দিয়ে । ইয়াৰ পাছতে লোকজনক তেওঁ এটিএম কাৰ্ডৰ পিন নম্বৰ দিবলৈ কয় ‘হেল্পলাইন’ নম্বৰত সংযুক্ত হৈ থকা লোকজনে । আচৰিত কথাটো হ’ল, এই সকলোবোৰ কাম কৰাৰ পাছতে এটিএমৰ পৰা কাৰ্ডখন উলিয়াব নোৱাৰিলে প্ৰসেনজিতে ।

প্ৰসেনজিতে কোৱা মতে, এটিএমৰ পৰা কাৰ্ডখন উলিয়াব নোৱাৰাৰ কথা পুনৰ ‘হেল্পলাইন’ নম্বৰত ফোন কৰি অৱগত কৰে । ইয়াৰ পাছতে প্ৰসেনজিতক ‘হেল্পলাইন’ নম্বৰৰ সংযুক্ত হৈ থকা লোকজনে এটা ঠিকনা দিয়ে । সেই ঠিকনাত যাবলৈ কয় প্ৰসেনজিতক । ‘হেল্পলাইন’ নম্বৰৰ সংযুক্ত হৈ থকা লোকজনে কোৱো ধৰণে সেই ঠিকনাত গৈ উপস্থিত হয় প্ৰসেনজিৎ ।

সেই ঠিকনাত উপস্থিত হৈ প্ৰসেনজিৎ আৰু অধিক চিন্তিত হৈ পৰে । কাৰণ সেই ঠিকনাত নাছিল কোনো ধৰণৰ বেংক বা এটিএম । প্ৰসেনজিতে আচৰিত হৈ পুনৰ আগৰ ঠাইলৈ উভতি আহে । এইবাৰ এই এটিএমটোত সোমাই দেখে যে, আবদ্ধ হৈ থকা তেওঁৰ এটিএম কাৰ্ডখনো নাই । প্ৰসেনজিতে কোৱা মতে, কিছু সময়ৰ পাছতে তেওঁ ফোনলৈ কেইটামান মেছেজ আহে । মেছেজত দেখে যে, তেওঁ একাউণ্টৰ পৰা কমেও দুবাৰকৈ দহ হাজাৰ টকা উলিওৱা হৈছে।

প্ৰসেনজিতে কয়, “মই মোৰ পত্নীৰ এটিএম লৈ টকা উলিয়াবলৈ আহিছিলো । পিছত গম পালোঁ যে মই ফোন কৰা নম্বৰটো ভুৱা আছিল । মোৰ ঘটনাটো গম পোৱাৰ পাছত এটিএমৰ মানুহ আহি সেই নম্বৰটো আঁতৰাই দিয়ে ।” আচৰিত লাগিলেও এই ঘটনা সঁচা । আপুনিও এই ধৰণৰ প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে । গতিকে সাৱধান হ’ব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব