বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দৌৰত প্ৰাক্তন মুখ্যমন্ত্ৰী! RSS মুৰব্বী মোহন ভাগৱতৰ সৈতে বহিল ৰুদ্ধদ্বাৰ বৈঠকত

অহা ছেপ্টেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত এখন নতুন মুখ দেখা পোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে। এই খবৰ অনুসৰি, অহা ২৮ ছেপ্টেম্বৰৰ ভিতৰত বিজেপিয়ে ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দৌৰত প্ৰাক্তন মুখ্যমন্ত্ৰী! RSS মুৰব্বী মোহন ভাগৱতৰ সৈতে বহিল ৰুদ্ধদ্বাৰ বৈঠকত

কোন হ’ব বিজেপিৰ পৰৱৰ্তী অধ্যক্ষ

Updated On: 

25 Aug 2025 | 11:04 AM

কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? জে পি নড্ডাৰ উত্তৰাধিকাৰী হিচাপে কোনে ল’ব শাসকীয় দলটোৰ সভাপতিৰ দায়িত্ব? বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় ৰাজনীতিত এই প্ৰশ্ন বাৰুকৈয়ে চৰ্চিত হৈছে। অহা ছেপ্টেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত এখন নতুন মুখ দেখা পোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে। এই খবৰ অনুসৰি, অহা ২৮ ছেপ্টেম্বৰৰ ভিতৰত বিজেপিয়ে ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে। তাৰ মাজতে পোহৰলৈ আহিছে এক বিশেষ খবৰ।

প্ৰকাশিত খবৰ অনুসৰি, বিজেপিৰ নতুন অধ্যক্ষৰ দৌৰত আছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। দেওবাৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ সৈতে এক বৈঠকত মিলিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচন সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত হোৱা বুলি আলোচনা চলিছে।

সূত্ৰ অনুসৰি দেওবাৰে সন্ধিয়া শিৱৰাজ সিং চৌহান আৰু আৰ এছ এছ মুৰব্বী মোহন ভাগৱতৰ এই বৈঠক দিল্লীৰ ঝাণ্ডেৱালানত থকা সংঘৰ কাৰ্যালয় কেশৱকুঞ্জত সংঘটিত হয়। শিৱৰাজ সিং চৌহানে সংঘৰ মুৰব্বীৰ সৈতে প্ৰায় ৪৫ মিনিট সময় বৈঠকত মিলিত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। বৈঠকৰ অন্তত শিৱৰাজ সিং চৌহানে পোনে পোনে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ৰাওনা হয়।

লক্ষণীয়ভাৱে শিৱৰাজ সিং চৌহানে প্ৰায় ২ বছৰৰ মূৰত মোহন ভাগৱতৰ সৈতে এইদৰে বৈঠকত মিলিত হৈছে। ইয়াৰ পিছতে বিজেপিৰ সভাপতি প্ৰাৰ্থীৰ দৌৰত শিৱৰাজ সিং চৌহানৰ নামে যথেষ্ট চৰ্চা লাভ কৰিছে। উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰী মাহত জে পি নড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।

বিগত এবছৰ ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনক লৈ চৰ্চা চলি আহিছে যদিও এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাই দলটো। বিজেপি নেতৃত্ব আৰু সংঘৰ মাজত সমন্বয়ৰ অভাৱতে এইক্ষেত্ৰত পলম হোৱা বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত শিৱৰাজ সিং চৌহানৰ সংঘৰ মুৰব্বী মোহন ভাগৱতৰ সৈতে হোৱা বৈঠকে বিজেপিৰ অধ্যক্ষ পৰিৱৰ্তনৰ ইঙ্গিত দিয়া বুলি আলোচিত হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...