বিদ্যালয়ত থাকিব লাগিব ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ সুবিধা, শীৰ্ষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়

বিদ্যালয়ত ঋতুস্ৰাৱৰ সময়ত ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে এনে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিদ্যালয়ত থাকিব লাগিব ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ সুবিধা, শীৰ্ষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

30 Jan 2026 | 04:02 PM

দেশৰ বিদ্যালয়সমূহত ছাত্ৰীসকলৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ ব্যৱস্থা কৰাক লৈ আজি এক ঐতিহাসিক ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে। সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ সুবিধা উপলব্ধ হ’ব লাগিব বুলি শীৰ্ষ আদালতে স্পষ্টকৈ নিৰ্দেশ দিছে। প্ৰতিখন ৰাজ্যৰ চৰকাৰক আগন্তুক তিনি মাহৰ ভিতৰত এই নিৰ্দেশ পালন কৰিবলৈও উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে।

বিদ্যালয়ত ঋতুস্ৰাৱৰ সময়ত ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে এনে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণৰ লগতে আদালতে নিজ আদেশত আন কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

স্বাস্থ্যৰ অধিকাৰ

উচ্চতম ন্যায়ালয়ে কয় যে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত থকা ‘জীৱনৰ অধিকাৰ’ৰ ভিতৰত ঋতুস্ৰাৱ সম্পৰ্কীয় স্বাস্থ্যৰ অধিকাৰো অন্তৰ্ভুক্ত। আদালতে কয় যে এই সিদ্ধান্ত কেৱল ব্যৱস্থাটোৰ সৈতে জড়িতসকলৰ বাবেই নহয়, বৰঞ্চ শ্ৰেণীকোঠাত সহায় বিচাৰিবলৈ কুণ্ঠাবোধ কৰা ছাত্ৰীৰ বাবেও ফলপ্ৰসূ হ’ব।

যিসকল শিক্ষকে ছাত্ৰীক সহায় কৰিব বিচাৰিও পৰ্যাপ্ত সম্পদৰ অভাৱত থমকি ৰৈছিল, এতিয়া তেওঁলোকৰ বাবে পথ প্ৰশস্ত হ’ল। আদালতে কয় যে প্ৰগতিৰ প্ৰকৃত মাপকাঠি হ’ল আমি সমাজৰ আটাইতকৈ স্পৰ্শকাতৰ বা দুৰ্বল শ্ৰেণীটোক কেনে সুৰক্ষা দিওঁ। কোনো এজনী ছোৱালীৰ শাৰীৰিক প্ৰক্ৰিয়াক বোজা বুলি গণ্য কৰি শিক্ষাৰ পৰা বঞ্চিত কৰাটো গ্ৰহণযোগ্য নহয় বুলিও আদালতে দোহাৰে।

সমাজলৈ এক শক্তিশালী বাৰ্তা

আদালতে কয়, “আমি সেই প্ৰতিগৰাকী কিশোৰীক এই বাৰ্তা দিব বিচাৰো যে যদি কোনো কিশোৰীয়ে নিজৰ শাৰীৰিক পৰিৱৰ্তনৰ বাবে স্কুললৈ যাব নোৱাৰে, তেন্তে তাত কিশোৰীগৰাকীৰ কোনো দোষ নাই। প্ৰগতিৰ মাপকাঠি এইটোৱেই যে আমি সমাজৰ দুৰ্বলসকলক কেনেকৈ সুৰক্ষা দিওঁ।”

আদালতৰ নিৰ্দেশনাৱলী

প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ আৰু পানীৰ সুবিধা নিশ্চিত কৰিব লাগিব। বিশেষকৈ দিব্যাংগ ছাত্ৰীসকলৰ বাবেও বিশেষ ব্যৱস্থা থাকিব লাগিব।

প্ৰতিখন বিদ্যালয়ৰ শৌচাগাৰত বায়’ডিগ্ৰেডেবল (Biodegradable) চেনিটেৰী নেপকিন উপলব্ধ হ’ব লাগিব।

ঋতুস্ৰাৱ সম্পৰ্কীয় যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিদ্যালয়ত অতিৰিক্ত ইউনিফৰ্ম আৰু প্ৰয়োজনীয় সামগ্ৰীৰে সমৃদ্ধ ‘মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট চেণ্টাৰ’ স্থাপন কৰিব লাগিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব