ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ! থিতাতে প্ৰাণ হেৰুৱালে ৮ জনে, আহত ১৩ জন লোক

 এক মৰ্মান্তিক পথ দুৰ্ঘটনা।  এখন মিনি বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষ। মাটিহানিৰ পৰা মুণ্ডন অনুষ্ঠানলৈ ৰাওনা হোৱা মিনি বাছখনত আছিল মুঠ ২১ জন লোক। কিন্তু নিথৰ দেহ হৈ উভতি আহিল ৮ জন লোক।

ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ! থিতাতে প্ৰাণ হেৰুৱালে ৮ জনে, আহত ১৩ জন লোক

মধ্যপ্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা

Updated On: 

10 Mar 2025 11:09 AM

মধ্যপ্ৰদেশৰ সিধিৰ কোতৱালি থানা এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৯ৰ উপনি গাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।  য’ত এখন ট্ৰাক আৰু মিনি বাছৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক গুৰুতৰভাৱে আহত হয়।  আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয় ছিধি আৰু ৰেৱাৰ সঞ্জয় গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

যোৱা নিশা প্ৰায় ২:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। শিশুৰ মুণ্ডনৰ বাবে মাইহাৰলৈ গৈ থকা যাত্ৰীৰে ভৰা এখন মিনি বাছ আৰু ট্ৰাক মাজত এই দুৰ্ঘটনা হয়। এই দুৰ্ঘটনাত নিহত লোকসকল সাহু পৰিবাৰ, দেওৰী আৰু পাণ্ডাৰীয়া বাহৰিৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষ। মাটিহানিৰ পৰা মুণ্ডন অনুষ্ঠানলৈ ৰাওনা হোৱা মিনি বাছখনত আছিল মুঠ ২১ জন লোক। কিন্তু নিথৰ দেহ হৈ উভতি আহিল ৮ জন লোক।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে কোটৱালি আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়। ইয়াৰ পিছত সাহায্যৰ কাম আৰম্ভ হয়। প্ৰথমে আহতসকলক প্ৰথমে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁলোকক সংকটজনক অৱস্থাত ৰেৱা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে বৰ্তমান একাংশ আহত লোক চিধি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে  মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহবোৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব।

ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে স্থানীয় প্ৰশাসনে। প্ৰাৰম্ভিক তদন্তত দ্ৰুত বেগ আৰু অসাৱধানতাই দুৰ্ঘটনাৰ কাৰণ বুলি কোৱা হৈছে। কিন্তু প্ৰকৃততে কিহৰ বাবে সংঘটিত হ’ল এই দুৰ্ঘটনা? এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে মিনি বাছখনত ২১ জন লোকে যাত্ৰা কৰিছিল। যিসকলে মুণ্ডন অনুষ্ঠানলৈ গৈ আছিল। কিন্তু তাৰ আগতে তেওঁলোকৰ লগত ভয়ংকৰ দুৰ্ঘটনা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!