ম্লান পৰিল হোলীৰ আনন্দঃ ভয়াৱহ দুৰ্ঘটনাত শিশুসহ ৭ জনৰ মৃত্যু

হোলীৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে আজি সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে কেইবাজনো লোকৰ। আজি পুৱাই এখন বেটাৰী ৰিক্সা আৰু স্ক’ৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এটি শিশুসহ ৭ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ম্লান পৰিল হোলীৰ আনন্দঃ ভয়াৱহ দুৰ্ঘটনাত শিশুসহ ৭ জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

14 Mar 2025 23:49 PM

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত আজি আত্মহাৰা সমগ্ৰ দেশ। আবিৰৰ ৰঙে দেশৰ সৰ্বপ্ৰান্ত আজি ৰঙীন হৈ উঠিছে। সৰ্বস্তৰৰ জনগণে উদযাপন কৰিলে এই ৰঙৰ উৎসৱ। পিছে এই আনন্দমুখৰ পৰিৱেশৰ মাজতে আজি সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে কেইবাজনো লোকৰ। ফাকুৱাৰ আনন্দৰ ঠাইত কেইবাটাও পৰিয়ালত বিৰাজ কৰিলে অন্তহীন শোকাহত পৰিস্থিতিয়ে। ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে শিশুসহ সাতজনকৈ লোকে।

এই দুৰ্ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ নাদিয়া জিলাত। জিলাখনৰ চাপৰা অঞ্চলত আজি পুৱাই এখন বেটাৰী ৰিক্সা আৰু স্ক’ৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এটি শিশুসহ ৭ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে বহুকেইজনক ইতিমধ্যে চাপৰা হাস্পতালত আৰু কেইবাজনকো শক্তিনগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

স্থানীয় কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি, চিকিৎসাধীন হৈ থকা আহত লোকসকলৰে কেইজনমানৰ অৱস্থা সংকটজনক হৈ আছে। জানিব পৰা মতে, ঈদৰ বজাৰ কৰিবলৈ নকাশিপাৰাৰ পৰা বেটাৰী ৰিক্সাত উঠি কেইবাজনো লোক চাপৰা অভিমুখে ৰাওনা হৈছিল। বজাৰৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই প্ৰাণনাশী ভয়ংকৰ দুৰ্ঘটনা।

বজাৰৰ পৰা উভতনি যাত্ৰাৰ সময়তে পথত এখন চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বেটাৰী ৰিক্সাখনৰ। দুৰ্ঘটনাৰ ফলত প্ৰায় ধ্বংস হৈ পৰে ৰিক্সাখন আৰু পথৰ কাষত বাগৰি পৰে। লগে লগে সেই স্থানত থকা বহু লোক ঘটনাস্থলীৰ কাষ চাপি আহে আৰু আহতসকলক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ ফলত এটি শিশুকে ধৰি তিনিজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত আন তিনিজন লোকক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় চাপৰা আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

দুৰ্ঘটনাত আহত লোকসকলক স্থানীয় ৰাইজে প্ৰথমে চাপৰা হাস্পতালত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত কেইবাজনো লোকক শক্তিনগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কেইবাজনো লোকৰ অৱস্থা সংকটজনক হৈ থকাৰ পৰিপ্ৰেক্ষিতত ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি, থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰে দিব সুৰক্ষা
ঘটনাৰ বাস্তৱতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হ’ল: প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ গৌৰৱ গগৈৰ
সিদ্ধান্ত লোৱাত পলম হ’ল ! প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
‘মণিপুৰবাসীৰ কাষত মই আছোঁ’: প্ৰধানমন্ত্ৰীয়ে ক’লে আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে মণিপুৰৰ দুৱাৰত
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!