ভয়ংকৰ দুৰ্ঘটনাঃ দ খাৱৈত বাগৰি পৰিল চলন্ত স্কুটি, প্ৰাণ হেৰুৱালে তিনিজনে

এখন চলন্ত স্কুটি পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত শোকাৱহভাৱে থিতাতে প্ৰাণ হেৰুৱাইছে তিনিজন যুৱকে। আটাইকেজন যুৱক একেখন স্কুটিত উঠি যাত্ৰা কৰি থকাৰ সময়তে স্কুটিখন পথৰ কাষৰ প্ৰায় ১০০ মিটাৰ দ খাৱৈত বাগৰি পৰে। ইয়াৰ ফলত স্কুটিখনত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয়।

ভয়ংকৰ দুৰ্ঘটনাঃ দ খাৱৈত বাগৰি পৰিল চলন্ত স্কুটি, প্ৰাণ হেৰুৱালে তিনিজনে

দুৰ্ঘটনাত মৃত্যু তিনিজনৰ

Published: 

09 Mar 2025 16:45 PM

এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে তিনিজনকৈ ব্যক্তিৰ। এখন চলন্ত স্কুটি পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত শোকাৱহভাৱে থিতাতে প্ৰাণ হেৰুৱাইছে আৰোহীকেইজনে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত। ৰাজ্যখনৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কুণ্ডা-ডানকোটৰ সমীপৰ চোপটা-পোখাৰী মটৰ পথত যোৱা নিশা এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় এগৰাকী বিষয়াই সদৰী কৰিছে। নিহত লোককেইজন অঞ্চলটোৰ স্থানীয় যুৱক বুলি জানিব পৰা গৈছে।

ৰুদ্ৰপ্ৰয়াগ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১১:১৫ বজাত এই ঘটনা সংঘটিত হয়। আটাইকেজন যুৱক একেখন স্কুটিত উঠি যাত্ৰা কৰি থকাৰ সময়তে স্কুটিখন পথৰ কাষৰ প্ৰায় ১০০ মিটাৰ দ খাৱৈত বাগৰি পৰে। ইয়াৰ ফলত স্কুটিখনত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয় বুলি স্থানীয় বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।

নিহত যুৱককেইজনক ক্ৰমে অংকিত (২৭), টিটু (২৩) আৰু সন্দীপ (২৭) বুলি চিনাক্ত কৰা হৈছে। নন্দন সিং ৰাজৱাৰে প্ৰকাশ কৰা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে নিহত যুৱককেইজনৰ মৃতদেহ খাৱৈৰ পৰা উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে এম্বুলেঞ্চৰ সহায়ত ৰুদ্ৰপ্ৰয়াগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গুনিয়াল নিবাসী প্ৰতাপ লালৰ পুত্ৰ অংকিত (২৭), কুণ্ডা ডানকোট নিবাসী ৰাকেশ লালৰ পুত্ৰ টিটু (২৩) আৰু বৰচিল নিবাসী সন্দীপ (২৭) নামৰ যুৱক তিনিজনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বুলি প্ৰশাসনিক বিষয়াগৰাকীয়ে উল্লেখ কৰে।

নন্দন সিং ৰাজৱাৰে জানিবলৈ দিয়া মতে, নিহত যুৱককেইজনক চিনাক্ত কৰাৰ পিছতে তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছতে পৰিয়ালৰ হাতত মৃতদেহ গতাই দিয়া হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এতিয়া শোকাৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে। শোকত ভাগি পৰিছে যুৱককেইজনৰ পৰিয়াল।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...