ভয়াৱহ দুৰ্ঘটনাঃ ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনৰ, শিশুসহ চাৰিজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ঔৰেয়া জিলাৰ লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এক্সপ্ৰেছৱে’ত ৰখাই থোৱা এখন ট্ৰাকত দ্ৰুতবেগী এখন ব্যক্তিগত বাহনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। নিহত আটাইকেইজন লোক একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে।

ভয়াৱহ দুৰ্ঘটনাঃ ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনৰ, শিশুসহ চাৰিজনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

21 Sep 2024 | 04:48 PM

উত্তৰ প্ৰদেশৰ ঔৰেয়া জিলাৰ লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এক্সপ্ৰেছৱে’ত ৰখাই থোৱা এখন ট্ৰাকত দ্ৰুতবেগী এখন ব্যক্তিগত বাহনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এই ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিগত বাহনখনত এটি শিশু আৰু দুগৰাকী মহিলাসহ মুঠ চাৰিজন লোক আছিল। দ্ৰুতবেগেৰে গৈ বাহনখনে ট্ৰাকখনত খুন্দা মৰাৰ ফলত বাহনত থকা আটাইকেইজন লোকৰে থিতাতে মৃত্যু হয়।

নিহত আটাইকেইজন লোক একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে। পৰিয়ালটো সুৰজপুৰ গাজিয়াবাদৰ বাসিন্দা আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ব্যক্তিগত বাহনখনেৰে পৰিয়ালটো কানপুৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। ঔৰেয়া জিলাৰ এৰভাকাটৰা থানা এলেকাৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰে যাত্ৰাৰ সময়তে বাহনখন দুৰ্ঘটনাত পতিত হয়।

স্থানীয় একাংশ লোকৰ ভাষ্য মতে পথত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা জোৰেৰে খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাৰ পিছতে স্থানীয় একাংশ লোক দুৰ্ঘটনাস্থলীলৈ কাষ চাপি আহে। তেওঁলোকে লগে লগে স্থানীয় আৰক্ষীকো ঘটনা সন্দৰ্ভত ফোন যোগে অৱগত কৰে। খবৰ লাভ কৰাৰ লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা নিহত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু লগে লগে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। গাড়ীখনত থকা নিহত যাত্ৰীসকলক গাজিয়াবাদৰ পীয়ুষ যাদৱ, সঞ্জু যাদৱ, নীতা যাদৱ আৰু আৰৱ বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইগৰাকী ব্যক্তি একেটা পৰিয়ালৰ সদস্য বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আলোক মিশ্ৰই এই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে হৰনগৰপুৰৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। ইফালে এক্সপ্ৰেছৱেত ৰখাই থোৱা ট্ৰাকখন কি কাৰণত এইদৰে পথত ৰখাই থোৱা আছিল সেই বিষয়ে জানিবলৈ তদন্ত কৰা হ’ব বুলিও আৰক্ষী বিষয়াজনে লগতে জানিবলৈ দিয়ে।

স্থানীয় লোকৰ ভাষ্যৰ ভিত্তিত উক্ত ট্ৰাকখন পুৱাৰ পৰাই সেই স্থানত ৰখাই থোৱা আছিল বুলি আৰক্ষী বিষয়াজনে লগতে কয়। ইফালে এই ভয়াৱহ দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰা বুলিও সদৰী কৰে উচ্চ পদস্থ আৰক্ষী বিষয়াগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...