শোকাৱহ! ফুটপাথত শুই থকা দুই শ্ৰমিকক মহতিয়ালে দ্ৰুতবেগী বাহনে, এজনৰ মৃত্যু

দিল্লীৰ শ্বাহদাৰাৰ গীতা কলনী অঞ্চলত আজি পুৱা সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ফুটপাথত শুই থকাৰ সময়তে দুগৰাকী শ্ৰমিকক এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়াৰ ফলত এজন শ্ৰমিকৰ মৃত্যু হয়। আনগৰাকী আহত শ্ৰমিক সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

শোকাৱহ! ফুটপাথত শুই থকা দুই শ্ৰমিকক মহতিয়ালে দ্ৰুতবেগী বাহনে, এজনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

19 Sep 2024 | 11:04 PM

দেশৰ ৰাজধানী চহৰ দিল্লীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এক ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী শ্ৰমিকে। চিকিৎসালয়ৰ বিচনাত ছটফটাইছে আন এজন শ্ৰমিকে। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ফুটপাথত নিশাৰ টোপনি মৰাৰ সময়তে এখন দ্ৰুতবেগী বাহনে তেওঁলোকৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা। ফুটপাথত শুই থকাৰ সময়তে শ্ৰমিক দুজনক এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়াৰ ফলত মৃত্যু ঘটিছে এগৰাকী শ্ৰমিকে। দিল্লীৰ শ্বাহদাৰাৰ গীতা কলনী অঞ্চলত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি আজি পুৱাৰ ভাগতে পুস্তা ৰোডত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাত ৪০ বৰ্ষীয় সৌনু নামৰ এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে মহম্মদ ইছলাম নামৰ আন এগৰাকী ৩৮ বৰ্ষীয় শ্ৰমিক আহত হয়। আহত শ্ৰমিকগৰাকী সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এক ফোন যোগে তেওঁলোকে এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰে। এগৰাকী ব্যক্তিয়ে ফোন যোগে দ্ৰুতবেগী এখন বাহনে ফুটপাথত শুই থকা দুজন লোকক মহতিয়াই নিয়া বুলি জানিবলৈ দিয়ে আৰু এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ইফালে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে ডিভাইডাৰত উঠি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত বাহনখন প্ৰত্যক্ষ কৰে। ডিভাইডাৰত খুন্দা মৰাৰ ফলত প্ৰায় ধ্বংস হৈ পৰে বাহনখনৰ সমুখভাগ। আৰক্ষীয়ে ৩৮ বছৰীয়া ৰাহুল কুমাৰ নামৰ গাড়ী চালকজনক সেই স্থানৰ পৰাই আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে।

ধৃত গাড়ী চালকজন শাস্ত্ৰী নগৰৰ বাসিন্দা বুলিও এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ইফালে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত শ্ৰমিক দুজনৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকৰ তৎপৰতাত স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষী বিষয়াজনে লগতে জানিবলৈ দিয়ে।

তেওঁ লগতে সদৰী কৰা মতে, চিকিৎসা চলি থকাৰ সময়তে সৌনু নামৰ শ্ৰমিকগৰাকীৰ মৃত্যু হয়। নিহত শ্ৰমিকগৰাকীৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা বুলি আৰক্ষী বিষয়াজনে লগতে কয়। আনহাতে আনগৰাকী শ্ৰমিক মহম্মদ ইছলাম সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে অভিযুক্ত ৰাহুলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২৮১ আৰু ১২৫ (এ) ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে