ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই গছ খুন্দা তীব্ৰবেগী বাহনৰ, থিতাতে নিহত ৫জন

নিশা হ'লেই মৃত্যুদূতৰূপী হৈ পৰে ঘাইপথসমূহ। যাৰ বাবে প্ৰাণ হেৰুৱাই বহুলোক। পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছ খুন্দা বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা বাহনৰ। ভয়ংকৰ দুৰ্ঘটনাটো থিতাতে নিহত হয় ৫জন লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে ৬জন লোক। বাহনখনত আছিল মুঠ ১১গৰাকী যাত্ৰী।

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই গছ খুন্দা তীব্ৰবেগী বাহনৰ, থিতাতে নিহত ৫জন

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই গছ খুন্দা তীব্ৰবেগী বাহনৰ

Published: 

06 Dec 2024 | 12:23 PM

উত্তৰ প্ৰদেশৰ পিলিভিটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছ খুন্দা তীব্ৰবেগী বাহনৰ। গছত খুন্দা মাৰি খাৱৈত পৰিল বাহনখন। ভয়ংকৰ দুৰ্ঘটনাটো ৫জন লোকে কৰুণ মৃত্যু সাৱটি লয়। বাহনখনত আছিল মুঠ ১১ গৰাকী যাত্ৰী। সংকটজনক অৱস্থাত আন ৬জনক হাস্পতালত ভৰ্তি কৰোৱা হয়।

ঘটনা অনুসৰি বাহনখনৰ আৰোহীসকল এখন বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখন গছত খুন্দা মৰাৰ লগে লগে উফৰি গৈছিল। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। সংকটজনক অৱস্থাত থকা ৬জনক হাস্পতালত ভৰ্তি কৰাই আৰক্ষীয়ে ।

শিহৰণকাৰী দুৰ্ঘটনাটো বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল। যাৰ বাবে আৰক্ষীয়ে বাহনখন কাটি আৱদ্ধ লোকসকলক বাহিৰলৈ উলিয়াই আনিছিল। গুৰুতৰভাৱে আহতসকলক উচ্চ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ অৱস্থা বৰ্তমান অতি সংকতজনক। দুৰ্ঘটনাটোৰ পিছত, ঘটনাস্থলীত বহু লোক জমা হৈছিল। কিছুসময়ৰ বাবে ৰৈ গৈছিল পথটোৰে যোৱা আন আন বাহনসমূহ। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে ঘটনা সম্পৰ্কে মৃতকৰ পৰিয়ালৰ লোকক অৱগত কৰিছে। খবৰ পোৱাৰ লগে লগে মৃতকৰ পৰিয়ালৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে কয় যে, মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

পিলিভিট জিলাৰ তানকপুৰ ঘাইপথৰ সন্মুখত শ্বেন গুল গাৰ্ডেনৰ ওচৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা এৰ্টিগা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষত থকা গছৰ সৈতে খুন্দা মাৰিছিল। দুৰ্ঘটনাটোৰ সময়ত, গাড়ীখনৰ গতি যথেষ্ট বেছি আছিল। যাৰ বাবে গছত খুন্দা মৰাৰ লগে লগে গাড়ীখন উফৰি গৈছিল। কিছুসময় ধৰি বাহনখনৰ আৰোহীসকল ভিতৰতে আৱদ্ধ হৈ আছিল। সংঘৰ্ষৰ বিকট শব্দ শুনি ওচৰৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল। তেওঁলোকে বাহনখনৰ আৰোহীসকলক বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল।

৫জন লোক নিহত, ছয়জন আহত

দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। তাৰ পাছত বাহনখন কটা হৈছিল আৰু তাত আৱদ্ধ লোকসকলক বাহিৰলৈ উলিওৱা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, বাহনখনত ১১জন লোক আছিল। ঘটনাস্থলীত ৫জন লোকৰ মৃত্যু হৈছে। লগতে ৬জন লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক এম্বুলেন্সৰ সহায়ত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে কয় যে, বাহনখনৰ আৰোহীসকলে এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে দুৰ্ঘটনাটোৰ তদন্ত ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব