অসুস্থ লালু প্ৰসাদ যাদৱ, বৰ্তমান দিল্লী এইমছৰ বিশেষ চিকিৎসক দলৰ তত্বাৱধানত আছে লালু

হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে,চিকিৎসকৰ বিশেষ দলে তেওঁক নিৰীক্ষণ কৰি চিকিৎসা কৰি আছে। সূত্ৰ খবৰ অনুসৰি লালু প্ৰসাদ যাদৱ বৰ্তমানে অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

অসুস্থ লালু প্ৰসাদ যাদৱ, বৰ্তমান দিল্লী এইমছৰ বিশেষ চিকিৎসক দলৰ তত্বাৱধানত আছে লালু

লালু প্ৰসাদ যাদৱ

Updated On: 

24 Jul 2024 | 12:22 AM

হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে,চিকিৎসকৰ বিশেষ দলে তেওঁক নিৰীক্ষণ কৰি চিকিৎসা কৰি আছে। সূত্ৰ খবৰ অনুসৰি লালু প্ৰসাদ যাদৱ বৰ্তমানে অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

বৰ্তমান তেওঁৰ সৈতে পৰিয়ালৰ লোক চিকিৎসায়ত উপস্থিত আছে । উল্লেখ্য যে, সোমবাৰে পাটনাৰ পৰা দিল্লীলৈ আহিছিল লালু প্ৰসাদ যাদৱ । এইমছৰ চিকিৎসকে তেওঁৰ ওপৰত বিশেষ চকু ৰাখিছে আৰু অহৰহ চিকিৎসা সেৱা আগবঢ়াই আছে ।

সোমবাৰে (২২ জুলাই) দিল্লীত উপস্থিত হৈছিল লালু প্ৰসাদ যাদৱ। ৭৭ বছৰীয়া বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে বিগত কেইবছৰ মানৰ পৰা স্বাস্থ্যৰ অসুস্থতাৰ বাবে চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে  । ২০২২ চনত তেওঁ ছিংগাপুৰত কিডনী ট্ৰান্সপ্লাণ্ট কৰিছিল লালু প্ৰসাদ যাদৱে । তথ্য অনুসৰি, বৃক্কৰ ৰোগৰ বাবে লালু প্ৰসাদ যাদৱক চিকিৎসকে ট্ৰান্সপ্লাণ্টৰ বাবে পৰামৰ্শ দিছিল।

শেহতীয়াকৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াত অংশ লোৱাৰ বাবে লালু প্ৰসাদ যাদৱে তেওঁল পৰিয়ালৰ সৈতে মুম্বাইৰ জিঅ’ চেণ্টাৰত উপস্থিত হয়। লালু প্ৰসাদ যাদৱৰ লগতে তেওঁৰ পত্নী ৰাবৰি দেৱী, পুত্ৰ তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱেও অংশগ্ৰহণ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...