Delhi Election: আটাইতকৈ ধনৱন্তৰ পৰা কনিষ্ঠলৈ…দিল্লী নিৰ্বাচনত জয়ী হোৱা এই প্ৰাৰ্থীসকলৰ বিষয়ে জানেনে?

দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয়। জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ কনিষ্ঠ আৰু ধনী প্ৰাৰ্থীয়ে । আটাইতকৈ ধনী প্ৰাৰ্থী কৰ্ণাইল সিং আৰু কনিষ্ঠ প্ৰাৰ্থী হৈছে উমাং বাজাজ।

Delhi Election: আটাইতকৈ ধনৱন্তৰ পৰা কনিষ্ঠলৈ...দিল্লী নিৰ্বাচনত জয়ী হোৱা এই প্ৰাৰ্থীসকলৰ বিষয়ে জানেনে?

দিল্লী নিৰ্বাচনত জয়ী হোৱা এই প্ৰাৰ্থীসকলৰ বিষয়ে জানেনে?

Updated On: 

09 Feb 2025 | 09:28 AM

দিল্লী বিধানসভা নিৰ্বাচনত ২৫৯ কোটি টকাৰ সম্পত্তিৰে সৰ্বাধিক ধনী প্ৰাৰ্থী আছিল বিজেপিৰ কৰ্ণাইল সিং। আনহাতে ৩১ বছৰীয়া উমাং বাজাজ আছিল আটাইতকৈ যুৱ প্ৰাৰ্থী। তিলক ৰাম গুপ্তা (৭৩) আটাইতকৈ বয়সীয়াল প্ৰাৰ্থী আৰু আম আদমি পাৰ্টিৰ আমনাতুল্লাহ খান সৰ্বাধিক অপৰাধমূলক গোচৰ থকা প্ৰাৰ্থী ১৯টা। এই নিৰ্বাচনত জয়ী হোৱা সৰ্বাধিক ধনী নেতা হৈছে শকুৰবস্তিৰ কৰ্ণাইল সিং। ইয়াৰ পাছত ৰাজৌৰী গাৰ্ডেনৰ মঞ্জিন্দৰ সিং ছিৰছাৰ সম্পত্তিৰ পৰিমাণ ২৪৮ কোটি আৰু নতুন দিল্লীৰ আসনৰ পৰা প্ৰবেশ ভাৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১১৫ কোটি টকা।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৬৯৯ জন প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ আটাইতকৈ যুৱ বিজয়ী  ৩১ বছৰীয়া উমাং বাজাজ। ৰাজিন্দৰ নগৰ সমষ্টিৰ পৰা জয়লাভ কৰে উমাং বাজাজে । আনহাতে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আটাইতকৈ বয়সীয়াল প্ৰাৰ্থী আছিল ত্ৰিনগৰ আসনৰ পৰা জয়ী হোৱা ৭৩ বছৰীয়া তিলক ৰাম গুপ্তা।

বিজেপিৰ শকুৰবস্তি সমষ্টিৰ প্ৰাৰ্থী কৰ্ণাইল সিং । ১৯৮৪ চনত হাৰিয়ানা ব’ৰ্ড অৱ স্কুল এডুকেশ্যন, শোণিতাত এছডিএম হাইস্কুলৰ পৰা দশম শ্ৰেণী সম্পূৰ্ণ কৰিছিল কৰ্ণাইল সিঙে। এডিআৰৰ তথ্য অনুসৰি তেওঁ ২৫৯.৬৭ কোটি টকাৰ সম্পত্তি থকাৰ কথা ঘোষণা কৰিছে। তেওঁৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নাই।

আটাইতকৈ ধনী প্ৰাৰ্থী কোন?

বিতৰ্কিত বক্তব্যৰ বাবেই বেছিভাগেই শিৰোনামত থাকে কৰ্ণাইল সিং। তেওঁ দিল্লীৰ বিজেপিৰ মন্দিৰ কোষৰ মুৰব্বীও। অৰবিন্দ কেজৰিৱালক মুকলিকৈ সমালোচনা কৰিছে কৰ্ণাইল সিঙে। বিশেষকৈ আপৰ সুপ্ৰিম’ যদি পুনৰ নিৰ্বাচিত হয় তেন্তে তেওঁ পুৰোহিতক প্ৰতিমাহে ১৮ হাজাৰ টকা দিব বুলি দিয়া প্ৰতিশ্ৰুতিক সমালোচনা কৰিছিল সিঙে । কৰ্ণাইল সিঙে সমাজকৰ্মী আৰু কৃষক হিচাপেও কাম কৰে। কৰ্ণাইল সিং আৰু তেওঁৰ পত্নীৰ নামত আমেৰিকাত আছে কেইবাটাও বহু ঘৰ।

আটাইতকৈ যুৱ প্ৰাৰ্থী কোন?

ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা উমাং বাজাজে ৰাজিন্দৰ নগৰ বিধানসভা আসনৰ পৰা আম আদমি পাৰ্টিৰ দুৰ্গেশ পাঠকক পৰাস্ত কৰে। তেওঁ এই বিধানসভা নিৰ্বাচনত জয়ী হোৱা আটাইতকৈ যুৱ নেতা। উমাং বাজাজে স্নাতকোত্তৰলৈ অধ্যয়ণ সম্পূৰ্ণ কৰিছে।

২০১৬ চনৰ জুলাই মাহত ব্ৰিটেইনৰ লেংকেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ আৰু ২০১৮ চনত ব্ৰিটেইনৰ চাউথমপটন বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে বাজাজে। তেওঁ নাৰ্চাৰ ক্লিনিক প্ৰাইভেট লিমিটেডৰ এমচিডি কাউন্সেলাৰ আৰু মেনেজমেণ্ট কনচালটেণ্ট হিচাপেও পাৰ্ট টাইম কাম কৰে। উমাং বাজাজৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ ৰুজু হোৱা নাই। তেওঁৰ মুঠ সম্পত্তি ১০৮ কোটি টকা, ইয়াৰে তেওঁ ৩.৭ কোটি টকাৰ ঋণ পৰিশোধ কৰিব লাগিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব