আৰ জি কৰত সন্দীপ ঘোষৰ দুৰ্নীতিৰ দস্তাবেজ! খুলশালীৰ ঘৰৰ পৰা উদ্ধাৰ উত্তৰবহী
Kolkata Rape Murder Case: আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় দুৰ্নীতিৰ বিষয়ক লৈ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিষয়ে দৈনিক নতুন নতুন তথ্য উন্মোচিত হৈছে। এতিয়া ইডিয়ে সন্দীপ ঘোষৰ পত্নীৰ ভগ্নীৰ ঘৰৰ পৰা উত্তৰবহীৰ বৃহৎ সংখ্যক প্ৰতিলিপি জব্দ কৰিছে।

সন্দীপ ঘোষৰ দুৰ্নীতিৰ দস্তাবেজ
প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত দুৰ্নীতিৰ গোচৰৰ সন্মুখীন হৈছে। ইডি আৰু চিবিআইয়ে কলকাতা ধৰ্ষণৰ ঘটনাৰ লগতে আৰ জি কৰত বিত্তীয় অনিয়মৰ ঘটনাৰ তদন্ত কৰি আছে। ইয়াৰ পাছতে পোহৰলৈ আহিছে সন্দীপ ঘোষৰ দুৰ্নীতিৰ দস্তাবেজ। অনুসন্ধানৰ সময়ত প্ৰৱৰ্তন সঞ্চালকালয়ে সন্দীপ ঘোষৰ খুলশালীৰ ঘৰৰ পৰা পৰীক্ষাৰ বৃহৎ সংখ্যক উত্তৰবহীৰ প্ৰতিলিপি বিচাৰি পাইছে।
উল্লেখ্য যে, আৰজি কৰৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাক লৈ সমগ্ৰ দেশতে হুলস্থূল চলি আছে। এতিয়াও ঠায়ে ঠায়ে অব্যহত আছে প্ৰতিবাদ কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত চিবিআইয়ে গোচৰটোৰ তদন্ত কৰি আছে। একে সময়তে আৰজি কৰত দুৰ্নীতিৰ গোচৰটো ইডিৰ লগতে চিবিআইয়ে তদন্ত কৰি আছে।
সূত্ৰ অনুসৰি সন্দীপ ঘোষৰ খুলশালীৰ ঘৰৰ পৰা প্ৰায় ২০০ পৃষ্ঠাৰ উত্তৰবহী উদ্ধাৰ কৰা হৈছে। ইডিয়ে ইতিমধ্যে এই উত্তৰবহীৰ প্ৰতিলিপিৰ সৈতে বিত্তীয় লেনদেন হৈছিল নেকি অনুসন্ধান আৰম্ভ কৰিছে। সূত্ৰসমূহে দাবী কৰিছিল যে ইডিয়ে বৃহৎ সংখ্যক নিবিদা প্ৰতিলিপি, নথিপত্ৰ, সম্পত্তিৰ নথিপত্ৰও উদ্ধাৰ কৰিছে।
চিবিআইয়ে ইতিমধ্যে আৰ জি কৰ দুৰ্নীতিৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছে। সন্দীপ ঘোক গ্ৰেপ্তাৰৰ পাছত কেন্দ্ৰীয় অনুসন্ধানকাৰীসকলৰ হাতলৈ এটাৰ পাছত আনটো তথ্য আহি আছে। কেৱল সন্দীপ ঘোষেই নহয় তেওঁৰ কেইবাজনো আত্মীয় এই দুৰ্নীতিৰ গোচৰটোৰ অনুসন্ধানকাৰীসকলৰ নিৰীক্ষণত আছে। অনুসন্ধানকাৰীসকলে সন্দীপ ঘোষৰ ঘৰ, শহুৰেক আৰু খুলশালীৰ ঘৰলৈ কেইবাবাৰো গৈছে।
ইডিয়ে সন্দীপ ঘোষৰ পত্নী সংগীতা ঘোষ আৰু খুলশালী অৰ্পিতা বেৰাক প্ৰায় ছয় ঘণ্টা ধৰি জেৰা কৰিছিল। খুলশালীয়ে উদ্ধাৰ হোৱা নথিপত্ৰ সন্দৰ্ভত সংস্থাৰ বিষয়াসকলৰ প্ৰশ্নৰ সন্মুখীন হৈছিল।
সন্দীপ ঘোষৰ খুলশালীৰ ঘৰ বিমানবন্দৰৰ কাষৰ অঞ্চলত আছে। অভিযানৰ সময়ত ইডিয়ে তাৰ পৰা বৃহৎ সংখ্যক উত্তৰবহী উদ্ধাৰ কৰিছে।
ইয়াৰ আগতে সন্দীপৰ শাহুৱেকে বাস কৰা ঘৰটোৰ পৰা এটা ক’লা ট্ৰলী বেগ উদ্ধাৰ কৰা হৈছিল। সন্দীপ ঘোষৰ খুলশালীও ইএছআই চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ এজন চিকিৎসক। সন্দীপ ঘোষৰ খুলশালীৰ স্বামীও এছএছকেএমৰ এজন চিকিৎসক।
এই সন্দৰ্ভত ড০ সুবৰ্ণ গোস্বামীয়ে কয়, “ইমান প্ৰৱঞ্চনা, দুৰ্নীতি সকলোবোৰ এটা এটাকৈ ওলাই আহিছে। সন্দীপ ঘোষ অকলশৰীয়া নহয়, গোটেই পৰিয়ালটো জড়িত হৈ আছে। এইটো আৰম্ভণিৰে পৰা এই চিণ্ডিকেট চলি আহিছে। এই চিণ্ডিকেটত সন্দীপ ঘোষৰ গোটেই পৰিয়াল আৰু চিকিৎসালয়ৰ এটা ডাঙৰ অংশ অন্তৰ্ভুক্ত আছে।”