কলকাতা কাণ্ডঃ প’লিগ্ৰাফী টেষ্ট কি জানেনে? এই পৰীক্ষাৰ দ্বাৰা সঁচা পোহৰলৈ আনিব CBIয়ে!

ইয়াৰ মাজতে দেওবাৰে পুনৰ আৰ জি কৰ হাস্পাতালত চি বি আইৰ ফৰেন্সিক দলে অভিযান চলায়। দেশ জোকাৰি যোৱা এই কাণ্ডৰ গোচৰৰ দায়িত্ব ১৩ আগষ্টত কলকাতা উচ্চ ন্যায়ালয়ে চি বি আইক দিছিল। এই সন্দৰ্ভত চি বি আইয়ে কলকাতা আৰক্ষী বিষয়াকো জেৰা কৰিছে।

কলকাতা কাণ্ডঃ পলিগ্ৰাফী টেষ্ট কি জানেনে? এই পৰীক্ষাৰ দ্বাৰা সঁচা পোহৰলৈ আনিব CBIয়ে!

কলকাতা কাণ্ড

Published: 

19 Aug 2024 19:21 PM

কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ড গোচৰৰ অভিযুক্ত সঞ্জয় ৰায়ৰ প’লিগ্ৰাফী টেষ্ট কৰাৰ অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে। এই অনুমতিৰ পাছতে এতিয়া চি বি আইয়ে অভিযুক্তৰ প’লিগ্ৰাফী টেষ্ট কৰিব পাৰিব। এই পৰীক্ষাটোক মানসিক মৰণোত্তৰ পৰীক্ষা বুলি কোৱা হয়। এই পৰীক্ষাৰ দ্বাৰা অপৰাধীৰ মনত কি চলি আছে সেই বিষয়ে জানিব পাৰি। এই সন্দৰ্ভত চি বি আইয়ে ছিলদাহ আদালতত এক আবেদন দাখিল কৰিছিল। এই ধৰণৰ পৰীক্ষাত চিবিআইৰ একাংশ চিকিৎসকৰ চিএফএছএল দলে প’লিগ্ৰাফী টেষ্ট কৰে।

ন্যায়ালয়ৰ পৰা অনুমতি লাভ কৰাৰ পাছতে অভিযুক্ত সঞ্জয় ৰয়ক মঙলবাৰে ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব। কিয়নো প’লিগ্ৰাফী টেষ্টৰ বাবে অভিযুক্তৰ সন্মতিও প্ৰয়োজন। যদি সঞ্জয়ে চিবিআইক ইয়াৰ অনুমতি দিয়ে তেন্তে এই পৰীক্ষা কৰিবলৈ চি বি আই সাজু আছে। এই পৰীক্ষা চি বি আইয়ে অভিযুক্তৰ কন্ঠ বিশ্লেষণ মিছা ধৰা পেলোৱা মেচিনত ৰাখিব। ইয়াৰ দ্বাৰা চি বি আইয়ে জানিব পাৰিব অভিযুক্তই সঁচা নে মিছা কৈছে।

এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত চি বি আইৰ কেইবাটা দলে একেলগে তদন্ত কৰি আছে। ইয়াৰ মাজতে দেওবাৰে পুনৰ আৰ জি কৰ হাস্পাতালত চি বি আইৰ ফৰেন্সিক দলে অভিযান চলায়। দেশ জোকাৰি যোৱা এই কাণ্ডৰ গোচৰৰ দায়িত্ব ১৩ আগষ্টত কলকাতা উচ্চ ন্যায়ালয়ে চি বি আইক দিছিল। এই সন্দৰ্ভত চি বি আইয়ে কলকাতা আৰক্ষী বিষয়াকো জেৰা কৰিছে।

আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষৰো  চিবিআইয়ে অহৰহ জেৰা অব্যাহত ৰাখিছে। তৃতীয় দিনা  চিবিআইয়ে সন্দীপ ঘোষক ১০ ঘণ্টা ধৰি জেৰা কৰে। এই পৰ্যন্ত সন্দীপ ঘোষক এই গোচৰত ৩৬ ঘণ্টা ধৰি জেৰা কৰিছে চি বি আইয়ে। সন্দীপ ঘোষৰ কল ডিটেইল আৰু মেছেজ সন্দৰ্ভতো চিবিআইয়ে তদন্ত কৰি আছে। আনহাতে ২৪ আগষ্টলৈকে মহাবিদ্যালয়ৰ সমীপত যিকোনো ধৰণৰ বিক্ষোভ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পলিগ্ৰাফ টেষ্ট কি?

পলিগ্ৰাফ টেষ্টত তিনি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত অভিযুক্তৰ আঙুলি, মূৰ আৰু শৰীৰৰ অন্যান্য অংশ মেচিনৰ সৈতে সংযোগ কৰা হয়। ইয়াৰ পিছত অভিযুক্তক বহু ধৰণৰ প্ৰশ্ন কৰা হয়। ব্যক্তিৰ স্পন্দন, ৰক্তচাপ আদি অনুসৰি মেচিনত এটা গ্ৰাফ তৈয়াৰ কৰা হয়।

ইয়াৰ সহায়ত গম পোৱা যায় যে অভিযুক্তই সঁচা নে মিছা কথা কৈছে। এই প্ৰক্ৰিয়াত ৩ টা অংশ থাকে। প্ৰথম নিউমোগ্ৰাফ,এই যন্ত্ৰটোৰ দ্বাৰা অভিযুক্তৰ উশাহ-নিশাহৰ বিষয়ে জানিব পাৰি। অভিযুক্তই মিছা ক’লে তেওঁৰ উশাহ- নিশাহ সলনি হ’ব পাৰে। এই প্ৰক্ৰিয়াৰ পিছত কাৰ্ডিঅ’ভাস্কুলাৰ ৰেকৰ্ডাৰেও এক বিশেষ কাম কৰে। এই মেচিনটোৱে অভিযুক্তৰ হৃদস্পন্দন আৰু ৰক্তচাপ জুখে।  ইয়াৰ পাছত শেষত গেলভানোমিটাৰে ছালৰ ইলেক্ট্ৰিক পৰিবাহীতা জুখিব পাৰে। অভিযুক্তই মিছা ক’লে ই বৃদ্ধি হয়।প’লিগ্ৰাফী টেষ্টৰ ধাৰা ধৰি লোৱা হয় অভিযুক্তই সঁচা নে মিছা কথা কৈছে।

উল্লেখ্য যে, ৯ আগষ্টত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰ জি কৰ হাস্পাতালত । মৃতদেহটোত অৰ্ধ নগ্ন অৱস্থাত আছিল। শৰীৰৰ বিভিন্ন স্থানত আছিল আঘাতৰ চিন। পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে মৃতপ্ৰায় অৱস্থাত চিকিৎসকগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল। এই কাণ্ডত গ্ৰেপ্তাৰ হৈছিল সঞ্জয় ৰয়।

সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor
গৰমৰ দিনত এই পদ্ধতিৰে কৰক আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল!