কলকাতা কাণ্ডঃ ১০০০ পৃষ্ঠাৰ নথিত কি আছে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে?

ইয়াৰ পূৰ্বেও অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল। কিন্তু তেওঁ ৰাজনীতিৰ হাত দীঘল মানুহ, যাৰ বাবে তেওঁ বাৰে বাৰে তদন্তৰ পৰা সাৰি যায়।

কলকাতা কাণ্ডঃ ১০০০ পৃষ্ঠাৰ নথিত কি আছে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে?

সন্দীপ ঘোষ

Published: 

21 Aug 2024 16:41 PM

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ পাছতে নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। ইয়াৰ মাজতে হাস্পাতালখনৰ উপ-অধীক্ষক ড০ উৎপলে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। তেওঁ দাবী কৰে যে চিকিৎসা মহাবিদ্যালয়খনত গুণ্ডাগিৰিৰ প্ৰচলন আছিল। কেৱল ইমানেই নহয়, তেওঁৰ অভিযোগ অনুসৰি এই সকলোবোৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ প্ৰৰোচনাতহে কৰা হৈছিল।

আৰ জি কৰ হাস্পাতালক কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই চিকিৎসালয়খন চৰ্চাত আছে। এই চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক কেইবাদিনো চিবিআইয়ে জেৰা চলাইছে। ইয়াৰ মাজতে হাস্পাতালখনৰ  উপ অধীক্ষকে প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰায় এহাজাৰ পৃষ্ঠাৰ অভিযোগেৰে ভৰা নথি পত্ৰ তেওঁ স্বাস্থ্য বিভাগক গতাই দিছে।

এছ’চিয়েশ্যন অৱ হেল্থ চাৰ্ভিচ ডাক্তৰ বংগৰ সম্পাদক তথা অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ উৎপল বন্দ্যোপাধ্যায়ে টিভি ৯ ভাৰতবৰ্ষক জনাই যে, তেওঁ স্বাস্থ্য বিভাগত প্ৰায় ১০০০ পৃষ্ঠাৰ নথি পত্ৰ দাখিল কৰিছে।  দাখিল কৰা নথি-পত্ৰত প্ৰাক্তন অধ্যক্ষগৰাকী পাৰ্কিং  কৰা লোকৰ পৰা ধন দাবী, দোকানীৰ পৰা ধন দাবীৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল ইমানেই নহয়, প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৱৰ্জনাৰ দুৰ্নীতি, ঔষধৰ দুৰ্নীতি আদিতো জড়িত আছে। প্ৰাক্তন অধ্যক্ষগৰাকীয়ে গেঙে নিৰ্ধাৰণ কৰিছিল যে হাস্পাতালখনত কোন উত্তীৰ্ণ হ’ব আৰু কোন বহিষ্কাৰ হ’ব। মোটা অংকৰ ধন লৈ মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ কৰি দিছিল।

ইয়াৰ পূৰ্বেও অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল। কিন্তু তেওঁ ৰাজনীতিৰ হাত দীঘল মানুহ, যাৰ বাবে তেওঁ বাৰে বাৰে তদন্তৰ পৰা সাৰি যায়।

উল্লেখ্য যে, কিছুদিতন পূৰ্বে আৰ জি কৰ হাস্পাতালৰ দুগৰাকীৰ ছাত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈছিল। য’ত তেওঁলোকে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে আশংকা কৰিছিল যে এই কাণ্ড অধ্যক্ষগৰাকী প্ৰত্যক্ষভাৱে জড়িত আছে। ৯ আগষ্টত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছত এই ঘটনাত অধ্যক্ষগৰাকীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। কেৱল ইমানেই নহয়, এই ঘটনাৰ পাছত আৰক্ষীক খবৰ দিয়াৰ পূৰ্বে তেওঁ বৈঠকো অনুষ্ঠিত কৰিছিল। এই ঘটনাৰ ৪ দিন পাছত তেওঁ পদত্যাগ কৰিছিল।

এই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰু বহু অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ কাণ্ডত সম্পূৰ্ণ বিভাগটো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই সন্দীপ ঘোষক। চিবিআইৰ তদন্তৰ পাছতহে গম পোৱা যাব এই ঘটনাৰ লগত সন্দীপ ঘোষ কেনেদৰে জড়িত আছে। এই ধৰ্ষণ আকপ হত্যাকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে।

ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা জানক...
ধুনীয়া দেখিবলৈ আপুনিও চকুত কাজল, আইলাইনাৰ লগাই নেকি? ভাল নে বেয়া, জানক...
উজনি-নামনিৰ ৰাস মহোৎসৱত কি কি ভিন্নতা আছে?
পেটৰ আলচাৰৰ পৰা হাত সাৰিবলৈ এই খাদ্যসমূহ পৰিহাৰ কৰক