কলকাতা কাণ্ডঃ হাত ভঙা,চকু-মুখত তেজ! চিকিৎসকগৰাকীৰ মাতৃয়ে বৰ্ণনা কৰিলে সেই মৰ্মান্তিক দৃশ্য…

বৃহস্পতিবাৰে তেওঁৰ কন্যা ডিউটিলৈ বুলি ওলাই গৈছিল আৰু শুকুৰবাৰে নিশা ১০.৫৩ বজাত  এই ফোন আহিছিল। তাত উপস্থিত হোৱাৰ পাছত তেওঁলোকক কন্যাক চাব দিয়া হোৱা নাছিল আৰু পুৱতি নিশা প্ৰায় ৩ বজাত  মৃতদেহ চাব দিয়া হৈছিল।

কলকাতা কাণ্ডঃ হাত ভঙা,চকু-মুখত তেজ! চিকিৎসকগৰাকীৰ মাতৃয়ে বৰ্ণনা কৰিলে সেই মৰ্মান্তিক দৃশ্য...

কলকাতা কাণ্ড

Published: 

18 Aug 2024 | 07:31 PM

কলকাতা আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভুক্তভোগীৰ মাতৃয়ে। যেতিয়া মাতৃয়ে প্ৰথমবাৰৰ বাবে নিজ কন্যাৰ মৃতদেহ দেখা পাইছিল সেই সময়ৰ সকলো দৃশ্যাংশ বৰ্ণনা কৰিছে তেওঁ। অন্তৰাত্মা কঁপাই তোলা এই কাণ্ডৰ লগতে তেওঁ হাস্পাতালৰ পৰা ফোন কৰাৰ কথাও উল্লেখ কৰে। য’ত কোৱা হৈছিল যে তেওঁৰ কন্যাই আত্মহত্যা কৰিছে বুলি। এই ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ মাতৃয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত আলোচনা কৰিছে।

সংবাদ সংস্থা এ এন আই (ANI) ৰ সৈতে কথা পাতি ভুক্তভোগীৰ মাতৃয়ে কয় যে, যেতিয়া তেওঁলৈ হাস্পাতালৰ পৰা প্ৰথমটো ফোন আহিছিল তেতিয়া কোৱা হৈছিল যে তেওঁৰ কন্যাৰ বেমাৰ হৈছে। এই কথা কৈয়ে মানুহজনে ফোনটো কাটি দিছিল। পৰৱৰ্তী সময়ত ভুক্তভোগীৰ মাতৃয়ে ফোন কৰি কৈ হৈছে বুলি প্ৰশ্ন কৰাত মানুহজনে তেওঁক হাস্পাতাললৈ মাতি পঠিয়াইছিল। তাৰ পাছতে পুনৰ এবাৰ ফোন কৰিছিল মাতৃয়ে। তেতিয়া ফোন ধৰা মানুহজনে নিজকে এজনে এছিচনেন্ট চুপাৰ বুলি পৰিচয় দি তেওঁৰ কন্যাই আত্মহত্যা কৰা বুলি কৈছিল।

কি অৱস্থাত দেখিছিল

ভুক্তভোগীৰ মাতৃয়ে আৰু কয়, “বৃহস্পতিবাৰে তেওঁৰ কন্যা ডিউটিলৈ বুলি ওলাই গৈছিল আৰু শুকুৰবাৰে নিশা ১০.৫৩ বজাত  এই ফোন আহিছিল। তাত উপস্থিত হোৱাৰ পাছত তেওঁলোকক কন্যাক চাব দিয়া হোৱা নাছিল আৰু পুৱতি নিশা প্ৰায় ৩ বজাত  মৃতদেহ চাব দিয়া হৈছিল। সেই সময়ৰ মৰ্মান্তিক দৃশ্য বৰ্ণনা কৰি ভুক্তভোগীৰ মাতৃয়ে কয়, “মোৰ কন্যাৰ পেণ্টটো খোলা আছিল, গাত কাপোৰৰ টুকুৰা এটাহে আছিল। তাৰ হাত দুখন ভাঙি গৈছিল। চকু আৰু মুখৰ পৰা তেজ বৈ আহিছিল। মাত্ৰ তেওঁৰ ফালে চাই এনে লাগিল যেন কোনোবাই তেওঁক হত্যা কৰিলে। মই তেওঁলোকক কৈছিলো এয়া আত্মহত্যা নহয়, এয়া হত্যা”।

ভুক্তভোগীৰ মাতৃয়ে কয়, আমি তাইক চিকিৎসক বনাবলৈ বহুত কষ্ট কৰিছিলো। কিন্তু তাইক হত্যা কৰি পেলালে।

মমতাৰ সৈতে আলোচনা

ভুক্তভোগীৰ মাতৃয়ে কয় যে, এই ঘটনা সন্দৰ্ভত তেওঁ মমতা বেনাৰ্জীৰ সৈতে কথা পাতিছে। মমতা বেনাৰ্জীয়ে ফোনত কৈছিল দোষীক ধৰা পেলাই উপযুক্ত শাস্তি দিয়া হ’ব। কিন্তু এতিয়ালৈকে এনে হোৱা নাই। মাত্ৰ এজনক গ্ৰেপ্তাৰ কৰি দায় সাৰিছে আৰক্ষীয়ে। কিন্তু এনে লাগে এই ঘটনাত আৰু অধিকলোক জড়িত হৈ আছে। সম্পূৰ্ণ বিভাগটোৱে জড়িত আছে বুলি কয় তেওঁ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, এনে লাগে মমতা বেনাৰ্জীয়ে প্ৰতিবাদ ৰোধ কৰাৰ চেষ্টা কৰি আছে। সেইবাবে আজি তেওঁ ১৪৪ ধাৰা জাৰি কৰিছে যাতে কোনোৱে প্ৰতিবাদ কৰিব নোৱাৰে।

উল্লেখ্য যে, ৯ আগষ্টত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত অৰ্ধ নগ্ন অৱস্থাত আছিল। শৰীৰৰ বিভিন্ন স্থানত আছিল আঘাতৰ চিন। পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে মৃতপ্ৰায় অৱস্থাত চিকিৎসকগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...