কলকাতা কাণ্ডঃ পোহৰলৈ আহিছে এখন ফটো, কি লুকুৱাব বিচাৰিছে আৰক্ষীয়ে?

কনিষ্ঠ চিকিৎসকসকলে এখন ফটো প্ৰকাশ কৰিছিল, য’ত ক্ৰাইম স্পটত ৰঙা টি-চাৰ্ট পিন্ধা ব্যক্তিজনক লৈ প্ৰশ্ন উত্থাপন হৈছিল। এতিয়া পুনৰ এখন নতুন ফটো পোহৰলৈ আহিছে। যাৰ পাছত পুুনৰ এক বিতৰ্কৰ মাজত সোমাই পৰিছে কলকাতা আৰক্ষী।

কলকাতা কাণ্ডঃ পোহৰলৈ আহিছে এখন ফটো, কি লুকুৱাব বিচাৰিছে আৰক্ষীয়ে?

কলকাতা কাণ্ডৰ নতুন ফটো

Published: 

01 Sep 2024 20:51 PM

কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে। কেতিয়াবা যদি কলকাতা আৰক্ষীৰ গাফিলতিৰ কথা পোহৰলৈ আহে কেতিয়াবা হাস্পাতাল কৰ্তৃপক্ষৰ গাফিলতিৰ ন ন দিশ উন্মোচন হৈছে। এই গোচৰৰ আৰম্ভণিৰে পৰা কলকাতা আৰক্ষী আৰু হাস্পাতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈ আহিছে। প্ৰথম অৱস্থাত এই কাণ্ডক হাস্পাতাল কৰ্তৃপক্ষই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ঘটনাস্থলীত বাহিৰা মানুহৰ উপস্থিতিয়েও বহু প্ৰশ্ন উত্থাপন কৰিছিল। অৱশ্যে কলকাতা আৰক্ষীয়ে কৈছিল যে ঘটনাস্থলীত কোনো বাহিৰা মানুহ নাছিল।

তাৰ পাছত কনিষ্ঠ চিকিৎসকসকলে এখন ফটো প্ৰকাশ কৰিছিল, য’ত ক্ৰাইম স্পটত ৰঙা টি-চাৰ্ট পিন্ধা ব্যক্তিজনক লৈ প্ৰশ্ন উত্থাপন হৈছিল। এতিয়া পুনৰ এখন নতুন ফটো পোহৰলৈ আহিছে য’ত বেঙুনীয়া ৰঙৰ চাৰ্ট পিন্ধা এজন ব্যক্তিক ভিৰৰ মাজত দেখা গৈছে। কনিষ্ঠ চিকিৎসকসকলে এতিয়া সেই ব্যক্তিজনৰ উপস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা ফটো

কলকাতা আৰক্ষী আৰু চিকিৎসকসকলে প্ৰকাশ কৰা ফটোৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। চিকিৎসকসকলে দাবী কৰে যে  কলকাতা আৰক্ষীয়ে ফটোখনৰ এটা অংশ কাটি পেলাইছে।  কিয়নো চিকিৎসকে প্ৰকাশ কৰা ফটোখনত এজন ব্যক্তিয়ে বেঙুনীয়া ৰঙৰ চাৰ্ট পিন্ধা দেখা গৈছে। গতিকে প্ৰশ্ন উত্থাপন গৈছে, কিয় কলকাতা আৰক্ষীয়ে সেই ব্যক্তিজনক ফটোখনৰ পৰা কাটি দিছে?

প্ৰতিবাদকাৰী চিকিৎসক পবিত্ৰ বিশ্বাসে কয় যে যিমানেই মিছা লুকুৱাই ৰখাৰ চেষ্টা কৰিব সিমানেই সত্য পোহৰলৈ আহিব। এই ক্ষেত্ৰত অভিযুক্তক কলকাতা আৰক্ষীয়ে ৰক্ষণা- বেক্ষণ দিয়াৰো অভিযোগ উত্থাপন হৈছে।

মন কৰিবলগীয়া যে, কলকাতা আৰক্ষীয়ে তদন্তৰ সময়ত কোনো বাহিৰালোকৰ উপস্থিতি নাছিল বুলি কৈছিল। তেনেস্থলত এই বেঙুনীয়া ছাৰ্ট পিন্ধালোকজনৰ ৰহস্য কি? কিয় এই লোকজনক ফটোৰ পৰা কাটি পেলোৱা হ’ল?  গতিকে পুনৰ এবাৰ কলকাতা আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ৯ আগষ্টত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই ধৰ্ষণ আৰু হত্যাকাণ্ডত অধিকলোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এতিয়ালৈকে মাত্ৰ এজন অভিযুক্তহে গ্ৰেপ্তাৰ হৈছে। কলকাতা আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ লগতে হাস্পাতাল কৰ্তৃপক্ষৰ বিৰুদ্ধেও প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে এই গোচৰৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই।

ভুক্তভোগীৰ পৰিয়ালৰ ভাষ্য অনুসৰি এই কাণ্ডত সমগ্ৰ বিভাগটোৱে জড়িত হৈ আছে। আনকি প্ৰথম অৱস্থাত তেওঁলোকৰ কন্যাই আত্মহত্যা কৰিছে বুলিহে হাস্পাতাল কৰ্তৃপক্ষই জনাইছিল। মুঠতে এটাৰ পাছত আন এটা বিতৰ্কই আগুৰি ধৰিছে কলকাতা আৰক্ষী আৰু হাস্পাতাল কৰ্তৃপক্ষক। বৰ্তমান এই গোচৰৰ তদন্ত চিবিআইয়ে চলাই আছে।  পৰৱৰ্তী সময়ত এই তদন্তই কি ৰূপ লয়, ভুক্তভোগীয়ে ন্যায় লাভ কৰিব পাৰে নে নাই সেয়া হ’ব লক্ষণীয়।

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক