কলকাতা কাণ্ডঃ পোহৰলৈ অহা ৩টা ভাইৰেল অডিঅ’ত চাঞ্চল্যকৰ তথ্য…

সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতা কাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। এই গোচৰৰ তদন্ত চিবিআইয়ে কৰি আছে আৰু ইয়াৰ শুনানি উচ্চতম ন্যায়ালয়ত হৈ আছে। শেহতীয়াকৈ এই ঘটনাৰ লগত জড়িত ৩ টাকৈ অডিঅ' ভাইৰেল হৈছে।

কলকাতা কাণ্ডঃ পোহৰলৈ অহা ৩টা ভাইৰেল অডিঅত চাঞ্চল্যকৰ তথ্য...

কলকাতা কাণ্ড

Published: 

29 Aug 2024 | 04:14 PM

কলকাতা আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকৰ লগত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। এই গোচৰৰ কলকাতা আৰু হাস্পাতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে পূৰ্বৰ পৰাই বহু অভিযোগ উত্থাপন হৈ আহিছে। ভুক্তভোগীৰ পিতৃ- মাতৃয়ে অভিযোগ তুলিছিল যে হাস্পাতাল কৰ্তৃপক্ষই ফোন কৰি তেওঁলোকৰ কন্যাই আত্মহত্যা কৰা বুলি কৈছিল। আনকি তেওঁলোক আহি পোৱাৰ পাছতো বহু সময় ধৰি কন্যাৰ মৃতদেহ চাব দিয়া নাছিল। কিন্তু এই অভিযোগৰ প্ৰমাণ হাত লাগিছে TV9 বাংলাৰ।

সেইদিনা হাস্পাতাল কৰ্তৃপক্ষই ভুক্তোগীৰ পিতৃ- মাতৃৰ আগত কি কথা পাতিছিল তাৰ ৰেকৰ্ডিং TV9 বাংলাই বিচাৰি উলিয়াইছে। এই অডিঅ’ ক্লিপটোত চিকিৎসালয়খনৰ মহিলা সহকাৰী ছুপাৰ আৰু ভুক্তভোগীৰ পিতৃ-মাতৃৰ মাজত হোৱা সমগ্ৰ কথা-বতৰা ৰেকৰ্ড কৰা হৈছে। ইয়াৰে এবাৰ ফোন কৰাত পিতৃ- মাতৃক কন্যাৰ বেমাৰ বুলি কৈছিল। দ্বিতীয়বাৰ সংকটজনক আৰু তৃতীয়বাৰ ফোন কৰি আত্মহত্যা কৰা বুলি কৈছিল।

ভাইৰেল অডিঅ’, প্ৰথম কথোপকথন

চিকিৎসকগৰাকীৰ  দেউতাক: নমস্কাৰ।

আৰ জি কাৰ হাস্পতাল: আপুনি ঘৰত আছে নেকি?

চিকিৎসকগৰাকীৰ দেউতাক: হয়, আপুনি কোনে কৈছে ?

আৰ জি কাৰ হাস্পতাল: তেওঁ (চিকিৎসকগৰাকী) অসুস্থ।সোনকালে আহিব পাৰিবনে?

চিকিৎসকগৰাকীৰ  দেউতাক : কিয়? তাইৰ কি হ’ল,  কওক!

আৰ জি কাৰ হাস্পতালঃ তেওঁৰ অসুস্থ। আহিব পাৰিবনে?

চিকিৎসকগৰাকীৰ দেউতাক: ভালদৰে কওক , কি হ’ল?

আৰ জি কাৰ হস্পিতালঃ হস্পিতাললৈ আহিলে ডাক্তৰে ক’ব। আমি আপোনাৰ নম্বৰ ট্ৰেচ কৰিছো। সোনকালে আহক।

চিকিৎসকগৰাকীৰ  দেউতাক: কওকচোন, তাইৰ কি হৈছে?

আৰ জি কাৰ হাস্পতালঃ তেওঁ অসুস্থ। চিকিৎসালয়ত ভৰ্তি হৈ আছে। বাকীখিনি ডাক্তৰে আহি পোৱাৰ লগে লগে ক’ব।

চিকিৎসকগৰাকীৰ  মাক: জ্বৰ হৈছে নেকি তাইৰ?

আৰ জি কাৰ হস্পিতালঃ আপোনালোক সোনকালে আহক। ডাক্তৰে এই বিষয়ে ক’ব।

চিকিৎসকগৰাকীৰ দেউতাক : কিয়? তাইৰ বেছিকৈ গা বেয়া নেকি?

দ্বিতীয় ভাইৰেল অডিঅ’

চিকিৎসকগৰাকীৰ দেউতাকঃ কওকচোন তাইৰ কি হ’ল?

আৰ জি কাৰ হাস্পতালঃ তেওঁৰ অৱস্থা সংকটজনক। সোনকালে আহক।

চিকিৎসকগৰাকীৰ দেউতাক : কি হৈছে তাইৰ ,কিয় নকয়?

আৰ জি কাৰ হাস্পতাল: মই ইয়াৰ এচিষ্টেণ্ট ছুপাৰ। মই ডাক্তৰ নহয়। সেয়ে ক’ব পৰা নাই।

চিকিৎসকগৰাকীৰ দেউতাক: তাত আন কোনো ডাক্তৰ নাই?

আৰ জি কাৰ হস্পিতালঃ আমি আপোনাৰ ছোৱালীজনীক সংকটজনক অৱস্থাত লৈ আহিছো। সোনকালে আহিব কৈছো, আহক।

তৃতীয় ভাইৰেল অডিঅ’

আৰ জি কাৰ হস্পিতাল: শুনক, মই আপোনালোকক বাৰে বাৰে আহিবলৈ কৈ আছিলো। আপোনাৰ কন্যাই আত্মহত্যা কৰিছে। তাইৰ মৃত্যু হৈছে, সোনকাল আহক।

উল্লেখ্য যে, ৯ আগষ্টত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে সঞ্জয় ৰয় নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে যদিও এই ধৰ্ষণ আৰু হত্যাকাণ্ডত বহু লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।  বৰ্তমান চিবিআইয়ে গোচৰৰ তদন্ত কৰি আছে আৰু উচ্চতম ন্যায়ালয়ত ইয়াৰ শুনানি হৈ আছে। ন্যায়লয়েও দুখ প্ৰকাশ কৰি কৈছিল যে এই কাণ্ডত আৰক্ষীয়ে গাফিলতি কৰিছে। প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উঠিছে। এই কাণ্ডত হাস্পাতালত কৰ্তৃপক্ষ জড়িত হৈ থকাৰো অভিযোগ উত্থাপন হৈছে।

সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে