মৃত্যু নে যাৱজ্জীৱন কাৰাদণ্ড? কি শাস্তি পাব আৰজি কৰ কাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰয়ে?

RG Kar Rape-Murder Case Verdict: চিবিআইয়ে সঞ্জয় ৰয়ক আৰজি কৰ গোচৰৰ একমাত্ৰ অভিযুক্ত হিচাপে নামাকৰণ কৰিছিল। সঞ্জয় ৰয়ক ভাৰতীয় দণ্ডবিধিৰ 64 (ধৰ্ষণ), 66 (ধৰ্ষণৰ পিছত মৃত্যু) আৰু 103(1) (হত্যা) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে। শুনানিৰ সময়ত ন্যায়াধীশ অনিৰ্বাণ দাসে আদালতত সঞ্জয় ৰয়ক কয়, "মই ভাবো আপুনি ইয়াৰ বাবে দায়বদ্ধ।"

মৃত্যু নে যাৱজ্জীৱন কাৰাদণ্ড? কি শাস্তি পাব আৰজি কৰ কাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰয়ে?

কি শাস্তি পাব আৰজি কৰ কাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰয়ে?

Published: 

18 Jan 2025 | 08:10 PM

শনিবাৰে নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক আৰজি কৰৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰে শিয়ালদাহ আদালতৰ ন্যায়াধীশ অনিৰ্বাণ দাসে। আদালতে সোমবাৰে ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা কৰিব। শনিবাৰে শুনানিৰ সময়ত ন্যায়াধীশ অনিৰ্বাণ দাসে আদালতত সঞ্জয় ৰয়ক কয়, “মই ভাবো আপুনি ইয়াৰ বাবে দায়বদ্ধ।”

মোবাইল টাৱাৰ আৰু ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত আদালতে শনিবাৰে দোষী সাব্যস্ত কৰে সঞ্জয় ৰয়ক। অৱশ্যে সঞ্জয় ৰয়ৰ শাস্তি কি হ’ব সোমবাৰে এই ৰায় প্ৰদান কৰিব আদালতে।

যুৱতী চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাৰ বাবে কঠোৰতম শাস্তিৰ দাবীত আজি কেইবাজনো লোকে আদালত চৌহদত শ্ল’গান দিয়ে। অৱশ্যে, বিচাৰকজনে ৰয়ক কয় যে তেওঁ যি কৰিছিল তাৰ বাবে নিম্নতম শাস্তি হ’ব পাৰে ১০ বছৰৰ কাৰাবাস। ইয়াৰ বাবে মৃত্যুদণ্ডও হ’ব পাৰে।

এই ধাৰাৰ অধীনত দোষী সাব্যস্ত হৈছে সঞ্জয় ৰয়

উল্লেখ্য যে, ৮-৯ আগষ্টৰ নিশা আৰজি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।য’ত ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছে এগৰাকী মহিলা চিকিৎসকক। হত্যাৰ এদিন পিছতে সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰিছিল কলকাতা আৰক্ষীয়ে।তাৰ পিছত কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটোৰ তদন্ত কৰি আছে চিবিআইয়ে।

চিবিআইয়ে সঞ্জয়ক আৰজি কৰ গোচৰৰ একমাত্ৰ অভিযুক্ত হিচাপে নামাকৰণ কৰিছিল। সঞ্জয় ৰয়ক ভাৰতীয় দণ্ডবিধিৰ 64 (ধৰ্ষণ), 66 (ধৰ্ষণৰ পিছত মৃত্যু) আৰু 103(1) (হত্যা) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে।

ন্যায়াধীশ দাসে স্বেচ্ছাসেৱক সঞ্জয়ক কয় “চিবিআই আৰু সাক্ষীসকলৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি, মই আপোনাক দোষী বুলি ধৰি লম। আপোনাৰ সৰ্বাধিক শাস্তি মৃত্যুদণ্ড হ’ব পাৰে।” এই কথা শুনি সঞ্জয় ৰয়ে কয়, “মই একো কৰা নাই। মোৰ ডিঙিত ৰুদ্ৰাক্ষ মালা আছে। এবাৰ মোৰ কথা শুনক।” তাৰ পাছত বিচাৰকে কয়, “মই সোমবাৰে আপোনাৰ কথা শুনিম”।

সঞ্জয় ৰয়ৰ শাস্তি কি হ’ব?

বিএনএছ ধাৰা 64:  বিএনএছত ধৰ্ষণৰ বাবে এই ধাৰা সনিবিষ্ট কৰা হৈছে। এই ধাৰাত ধৰ্ষণৰ বাবে কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ শাস্তি নিম্নতম ১০ বছৰৰ কাৰাদণ্ড। সৰ্বাধিক শাস্তি হৈছে আজীৱন কাৰাদণ্ড। আৰোপ কৰিব পাৰি জৰিমনা।

বিএনএছ ধাৰা 66: ভাৰতীয় দণ্ডবিধিৰ এই ধাৰাত কোৱা হৈছে যে যদি ধৰ্ষণৰ ফলত ভুক্তভোগীৰ মৃত্যু হয় বা অক্ষম হয়। তেন্তে দোষী ব্যক্তিজনক কাৰাবাসৰ শাস্তি দিয়া হ’ব। সেই ক্ষেত্ৰত নিম্নতম শাস্তি হৈছে ২০ বছৰ কাৰাবাস। সৰ্বাধিক শাস্তি হৈছে আজীৱন কাৰাদণ্ড।

বিএনএছৰ ধাৰা 103(1): এই ধাৰাত মুখ্যতঃ হত্যাৰ শাস্তিৰ বিষয়ে কোৱা হৈছে। যদি হত্যাৰ বাবে দোষী সাব্যস্ত হয়, ইয়াৰ শাস্তি হ’ব পাৰে মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...