বিদ্যালয়ৰ পিছত এইবাৰ RBIক বোমাৰে উৰুৱাই দিয়া ভাবুকি, ৰাছিয়াৰ সৈতে আছে নেকি সংযোগ?
দিল্লীৰ বিদ্যালয়সমূহৰ পিছত, এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে লাভ কৰিছে বোমাৰ ভাবুকি। ভাবুকিভৰা মেইলটো ৰাছিয়ান ভাষাত প্ৰেৰণ কৰা হৈছে। মেইলটো পোৱাৰ লগে লগে এক আলোড়নৰ সৃষ্টি হৈছিল। তাৰ পাছতে আৰক্ষীয়ে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি বিষয়টো তদন্ত আৰম্ভ কৰিছে।

হঠাৎ কিয় সোণ ক্ৰয় কৰিছে RBI এ?
চলিত বৰ্ষত ব্যাপক ৰূপত বৃদ্ধি পাইছে বিদ্যালয়, বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনসমূহলৈ বোমাৰ ভাবুকি । শুকুবাৰে ৰাতিপুৱা দিল্লীৰ কেইবাখনো বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰে। সেয়েহে এদিন আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) বোমাৰ ভাবুকি লাভ কৰিছিল। ভাবুকিপূৰ্ণ ইমেইলটো বৃহস্পতিবাৰে আবেলি আৰবিআইৰ অফিচিয়েল ৱেবছাইটলৈ প্ৰেৰণ কৰা হৈছিল। যিটো শুকুবাৰে ৰাতিপুৱা প্ৰকাশ পাইছিল। ই-মেইলটোত ৰাছিয়ান ভাষাত ৰিজাৰ্ভ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। ইয়াৰ আগতেও, ৰিজাৰ্ভ বেংকে বোমাৰ ভাবুকি লাভ কৰিছে। এই সন্দৰ্ভত মাতা ৰামবাই মাৰ্গ (MRA মাৰ্গ) আৰক্ষী থানাত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।
গোচৰটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যোৱা মাহৰ আৰম্ভণিতেও ৰিজাৰ্ভ বেংকে ভাবুকি লাভ কৰিছিল। দিল্লীৰ তিনিখন বিদ্যালয়ে ১৩ ডিচেম্বৰত অৰ্থাৎ আজি বোমাৰ ভাবুকিৰ মেইল লাভ কৰিছিল। যাৰ পিছত বিভিন্ন সংস্থাই বিদ্যালয় চৌহদত অনুসন্ধান আৰম্ভ কৰিছিল। ইয়াৰ আগতে, দিল্লীৰ কমেও ৪৪খন বিদ্যালয়ে একে ধৰণৰ ইমেইল লাভ কৰিছিল। অনুসন্ধানৰ পিছত, আৰক্ষীয়ে সেই ভাবুকিবোৰক এটা উৰা বাতৰি বুলি বৰ্ণনা কৰিছিল।
উল্লেখ্য যে, বিগত কেইমাহমানত এনে ভাবুকিভৰা ফোনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কেতিয়াবা যদি বিদ্যালয়ত আৰু কেতিয়াবা বিমানত আকৌ কেতিয়াবা ৰে’ল ষ্টেচনসমূহলৈ অহা এনে ভাবুকি খবৰ পোৱা গৈছে। শেহতীয়া ঘটনাক্ৰমত, যোৱা কেইদিনমানত শ শ বিমানত বোমাৰ ভাবুকি দিয়া হৈছে। কিছুমান বিদ্যালয়লৈয়ো এনে ধৰণৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল।
সোমবাৰে পুৱাই দিল্লীৰ একাধিক বিদ্যালয়ক সামৰি একক ই-মেইলযোগে এই ভাবুকি দিয়া হৈছিল । বোমা বিস্ফোৰণৰ ভাবুকি অহা বিদ্যালয়সমূহৰ ভিতৰত আছিল-জি ডি গোৱেংকা, পাছিম বিহাৰ; চাণক্যপুৰীৰ ব্ৰিটিছ স্কুল; দ্য মাদাৰছ ইণ্টাৰনেশ্যনেল, অৰোবিণ্ডো মাৰ্গ; মডাৰ্ণ স্কুল, মাণ্ডি হাউচ; ডি পি এছ বসন্ত কুঞ্জ; দিল্লী পুলিচ পাব্লিক স্কুল, ছফদাৰজং; ছালৱান পাব্লিক স্কুল, কৈলাশ ডি পি এছ।
বোমা ভাবুকি লাভ কৰাৰ পাছতে বেছিভাগ বিদ্যালয়েই নিজৰ শ্ৰেণী বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক ঘৰলৈ ঘূৰাই পঠিয়াই দিয়া হৈছিল। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, তেওঁলোকে ডিপিএছ আৰকে পুৰমৰ পৰাপুৱা ৭.০৬ বজাত আৰু জিডি গোৱেংকা, পাছিম বিহাৰৰ পৰা পুৱা ৬.১৫ বজাত বোমা বিস্ফোৰণৰ ভাবুকিৰ বিষয়ে প্ৰথম খবৰ লাভ কৰে। যদিও এই ভাবুকিসমূহ ভুৱা বুলি প্ৰমাণিত হৈ আহিছে, ই চৌদিশে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে।