‘চাৰিটা সন্তান জন্ম দিয়ক, এজনক কৰি তোলক সন্যাসী’, সনাতনী লোকলৈ কোনে জনালে এই আহ্বান!

সনাতনী লোকসকলে এতিয়া চাৰিটা সন্তান জন্ম দিব লাগে আৰু ইয়াৰে এটি সন্তানক সন্যাসী হিচাপে গঢ়ি তুলিব লাগে। এই মন্তব্য কৰিছে আখাড়া পৰিষদৰ সভাপতি ৰবীন্দ্ৰ পুৰী মহাৰাজে। তেওঁ এই ৰাজহুৱা বক্তব্যই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা।

‘চাৰিটা সন্তান জন্ম দিয়ক, এজনক কৰি তোলক সন্যাসী’, সনাতনী লোকলৈ কোনে জনালে এই আহ্বান!

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

08 Apr 2025 11:27 AM

বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দেশত চৰকাৰীভাৱে লোৱা হৈছে পদক্ষেপ। সামাজিক অনুষ্ঠানসমূহেও এই বিষয়ত দায়বদ্ধতাৰে সজাগতামূলক কাৰ্যসূচী হাতত লৈছে। পিছে এনে সময়তে এগৰাকী সনাতনী হিন্দু সন্যাসীয়ে সনাতনী লোকসকললৈ কৰিছে এক বিশেষ আহ্বান। তেওঁৰ আহ্বান, সনাতনী লোকসকলে এতিয়া চাৰিটা সন্তান জন্ম দিব লাগে আৰু ইয়াৰে এটি সন্তানক সন্যাসী হিচাপে গঢ়ি তুলিব লাগে। এই মন্তব্য কৰিছে আখাড়া পৰিষদৰ সভাপতি ৰবীন্দ্ৰ পুৰী মহাৰাজে। তেওঁ এই ৰাজহুৱা বক্তব্যই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা।

মধ্যপ্ৰদেশৰ উজ্জয়িনত আয়োজিত মহাষ্টমী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰবীন্দ্ৰ পুৰীয়ে সমবেত লোকসকলক উদ্দেশ্যি এনে মন্তব্য কৰিছে।মহা অষ্টমীৰ দিনা আয়োজন কৰা নগৰ পূজা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উজ্জয়িনত উপস্থিত হৈছিল ৰবীন্দ্ৰ পুৰী মহাৰাজ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে আৰু তেতিয়াই সনাতনী লোকসকলক উদ্দেশ্যি এই আহ্বান জনায়।

তেওঁ কয় যে সনাতন ধৰ্মৰ অনুগামীসকলে এতিয়া মাত্ৰ দুটা সন্তানহে জন্ম দিছে। ইয়াৰ ফলত ধৰ্মৰ ক্ষতি হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে সনাতন অনুগামীসকল কেৱল ২টা সন্তানতে সীমাবদ্ধ থাকিব নালাগে বুলি পৰামৰ্শ দিয়ে। ইয়াৰ পিছতে তেওঁ সনাতনী লোকসকলে কমেও ৪টা সন্তান জন্ম দিব লাগে বুলি পৰামৰ্শ দিয়ে আৰু এটি সন্তানক সনাতন ধৰ্মৰ সেৱাত অৰ্পণ কৰিব লাগে বুলি উল্লেখ কৰে।

যদি এনে নহয় তেতিয়া সনাতন ধৰ্মত সন্তৰ সংখ্যা কমি যাব বুলি উদ্বেগ প্ৰকাশ কৰে ৰবীন্দ্ৰ পুৰীয়ে। তেওঁ লগতে ৱাকফ আইন সন্দৰ্ভতো এক মন্তব্য আগবঢ়ায়। এই আইনৰ দ্বাৰা দৰিদ্ৰ মুছলমানসকলৰ লাভ হ’ব বুলি পুৰীয়ে মন্তব্য কৰে। ৰবীন্দ্ৰ পুৰীৰ মতে, নতুন আইনখনৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ সাধাৰণ লোকসকলো সমৃদ্ধিশালী হ’ব। ইফালে নিজ ভাষণত তেওঁ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু আৰজেডি নেতা তেজস্বী যাদৱকো সমালোচনা কৰে।

অখিলেশ যাদৱে মুছলমানৰ নেতা হ’ব বিচাৰিছে বুলি অভিযোগ তুলি পুৰীয়ে লগতে সেইবাবেই অখিলেশ যাদৱে সদায় হিন্দু উৎসৱক লৈ কটু মন্তব্য কৰে আৰু মুছলমান উৎসৱত মৌনতা অৱলম্বন কৰে বুলি মন্তব্য কৰে। যিকোনো মূল্যৰ বিনিময়ত তেওঁ নিজৰ মুছলমান ভোট বেংকটো সুৰক্ষিত ৰাখিব বিচাৰে বুলিও ৰবীন্দ্ৰ পুৰীয়ে দাবী কৰে। ইফালে তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰে যদিও তেওঁৰ সপোন কেতিয়াও পূৰণ নহ’ব বুলিও পুৰীয়ে কটাক্ষ কৰে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...