ৰতন টাটাই মুকলি কৰিছিল প্ৰথমখন ভাৰতীয় কাৰ , বহু সংগ্ৰামৰ মাজেৰে উচ্চ শিখৰত উপনীত কৰাইছিল টাটা মটৰ্ছক…

টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ মৃত্যুৱে সমগ্ৰ দেশকে শোকস্তব্ধ কৰি তুলিছে। এইজন সেইজন মহান ব্যক্তি যিয়ে ভাৰতত নিৰ্মিত প্ৰথমখন কাৰ মুকলি কৰিছিল। ৰতন টাটাই টাটা গ্ৰুপৰ বিকাশৰ লগতে টাটা মটৰ্চক ভাৰতৰ শীৰ্ষ অট' কোম্পানীসমূহৰ ভিতৰত এটা কৰি তুলিছিল। প্ৰথম ভাৰতীয় কাৰ কোনখন আছিল আৰু টাটা মটৰ্চ কেনেকৈ দেশৰ আগশাৰীৰ অটো কোম্পানী হৈ পৰিছিল জানো আহক।

ৰতন টাটাই মুকলি কৰিছিল প্ৰথমখন ভাৰতীয় কাৰ , বহু সংগ্ৰামৰ মাজেৰে উচ্চ শিখৰত উপনীত কৰাইছিল টাটা মটৰ্ছক...

ৰতন টাটাই মুকলি কৰিছিল প্ৰথমখন ভাৰতীয় কাৰ

Published: 

10 Oct 2024 06:53 AM

৮৬ বছৰ বয়সত মৃত্যু ভাৰতৰ বিখ্যাত উদ্যোগপতি ৰতন টাটাৰ। টাটা গোটৰ প্ৰাক্তন অধ্যক্ষজনে বুধবাৰে নিশা মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। টাটা গোটৰ মুৰব্বীৰ দায়িত্ব লোৱাৰ সময়ত, তেওঁ বহুতো কোম্পানীক উচ্চ শিখৰলৈ লৈ গৈছে। তাৰে ভিতৰত এটা হৈছে টাটা মটৰ্চ যি আজি ভাৰতৰ এক আগশাৰীৰ অট’মোবাইল কোম্পানী। ৰতন টাটাই ভাৰতত নিৰ্মিত প্ৰথমখন কাৰ মুকলি কৰিছিল। আজিৰ সময়ত টাটা মটৰ্ছৰ কাৰবোৰক সুৰক্ষাৰ ক্ষেত্ৰত বহু উন্নত মানৰ বুলি কোৱা হয়।

 

টাটা ইণ্ডিকা আছিল প্ৰথম ভাৰতীয় কাৰ 

ৰতন টাটাৰ নেতৃত্বত টাটা মটৰ্ছে প্ৰথমখন ভাৰতীয় কাৰ টাটা ইণ্ডিকা মুকলি কৰে। ১৯৯৮ চনত ইণ্ডিকাক প্ৰথমখন স্বদেশী কাৰ হিচাপে সকলোৰে সন্মুখত মুকলি কৰা হৈছিল। এইখন এখন কম্প্যাক্ট হেচবেক কাৰ আছিল। যাক সম্পূৰ্ণৰূপে ভাৰতত ডিজাইন আৰু বিকশিত কৰা হৈছিল। সেয়েহে ইয়াক ভাৰতৰ প্ৰথমখন স্বদেশী কাৰ বুলি কোৱা হয়।

 

২০২৩ চনত টাটা ইণ্ডিকাৰ ২৫তম বাৰ্ষিকী উদযাপন কৰা হৈছিল। এই উপলক্ষে ৰতন টাটাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে। তাত তেওঁ লিখিছিল যে টাটা ইণ্ডিকাৰ ৰূপত ভাৰতৰ প্ৰথমখন স্বদেশী কাৰৰ জন্ম হৈছিল। টাটাই কৈছিল যে এই কাৰখন তেওঁৰ হৃদয়ৰ নিচেই ওচৰত আছে।

টাটা ইণ্ডিকাৰ বিশেষত্ব

টাটা ইণ্ডিকাক ভাৰতীয় বজাৰৰ চাহিদা পূৰণৰ বাবে প্ৰস্তুত কৰা হৈছিল। তেতিয়া এটা কম্প্যাক্ট আৰু ভাল মাইলেজ কাৰৰ প্ৰয়োজন আছিল। ইণ্ডিকা এখন অতি আৰামদায়ক কাৰ আছিল, য’ত যথেষ্ট ঠাই আছিল। ইয়াত হাই চিটিং পজিচন উপলব্ধ আছিল। মাইলেজৰ বিষয়ে ক’লে, ইণ্ডিকাই প্ৰায় ২০ কিলোমিটাৰ প্ৰতি লিটাৰত মাইলেজ দিছিল।

 

টাটা ইণ্ডিকা

TELCO

১৯৪৫ চনত, টাটা ইঞ্জিনিয়াৰিং এণ্ড লোকোমোটিভ কোম্পানী (TELCO) স্থাপন কৰা হৈছিল। পাছত ইয়াক টাটা মটৰ্ছ নাম দিয়া হয়। ১৯৪৮ চনত টেলকোৱে মাৰ্শ্বেল চানৰ সৈতে লগ লাগি এটা ষ্টীম ৰোড ৰোলাৰ তৈয়াৰ কৰে। তাৰ পিছত কোম্পানীটোৱে ১৯৫৪ চনত Diamler-Benz AGৰ সৈতে অংশীদাৰীত্ব কৰি প্ৰথম বাণিজ্যিক বাহন TMB 312 ট্ৰাক মুকলি কৰে।

১৯৯১ চনত ৰতন টাটা, টাটা গোটৰ অধ্যক্ষ হৈছিল। তেওঁৰ নেতৃত্বত, টাটা মটৰ্ছৰ ৰূপ সলনি হয় আৰু লাহে লাহে কোম্পানীটো ভাৰতৰ অন্যতম আগশাৰীৰ অটোমোবাইল কোম্পানী হৈ পৰে।
টাটাই দেশৰ প্ৰথমখন স্বদেশী এছইউভি চিয়েৰাও Sierra নিৰ্মাণ কৰিছে। এই এছইউভিখন ২.০ লিটাৰ ডিজেল ইঞ্জিনৰ শক্তিৰ সৈতে উপলব্ধ আছিল। চিয়েৰা বন্ধ কৰাৰ পাছত ২০০০ চনত টাটা চাফাৰী আৰম্ভ কৰা হৈছিল।

Nano

২০০৮ চনত, ৰতন টাটাই বিলাসী গাড়ী ব্ৰেণ্ড জাগুয়াৰ লেণ্ড ৰোভাৰ ক্ৰয় কৰে আৰু টাটা মটৰ্ছত যোগ কৰে। ইয়াৰ উপৰিও তেওঁ ২০০৮ চনত দেশৰ প্ৰথমখন লাখটকীয়া কাৰ টাটা নেনো মুকলি কৰে।

আজি টাটা মটৰ্ছ হৈছে ভাৰতৰ আগশাৰীৰ কাৰ কোম্পানী। এছইউভি শাখাত টাটাই নেক্সন, চাফাৰী, হেৰিয়াৰ পাঞ্চৰ দৰে কাৰ বিক্ৰী কৰে। কুপ এছইউভি টাটা কাৰ্ভ হৈছে এই কোম্পানীটোৰ শেহতীয়া গাড়ী।

Related Stories
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত আকৰ্ষণীয় যুঁজ! ইছৰ’ৱে অৰ্জন কৰিলে বিৰল কৃতিত্ব
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
এইবাৰ পাকিস্তানত হ’ব জলবিস্ফোৰণ! ভাৰতে খুলি দিলে চেনাব নদীৰ বান্ধ…
সীমান্ত-সাগৰৰ পৰা দেশৰ ভিতৰলৈ… মাত্ৰ ৩৫ মিনিটতে শেষ হৈ গ’ল সকলো! ভাৰতৰ পৰিকল্পনা দেখি নিৰ্বাক পাকিস্তান
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?