সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাম…চীনৰ পৰা পাকিস্তানক হুংকাৰ ৰাজনাথ সিঙৰ

চীনত অনুষ্ঠিত হোৱা এছচিঅ’ৰ বৈঠকৰ অংশগ্ৰহণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আনহাতে এই  বৈঠকত উপস্থিত আছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী। এই বৈঠকতে  সন্ত্ৰাসবাদ সন্দৰ্ভত পাকিস্তান তীব্ৰ আক্ৰমণ কৰে ৰাজনাথ সিঙে। অপাৰেশ্যন সেন্দুৰৰ সফলতা বৰ্ণনা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, এতিয়া সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান নিৰাপদ নহয়, আমি কৰি দেখুৱাইছো।" লগতে তেওঁ কয়, "ভাৰতৰ নিজৰ সুৰক্ষা আৰু অপৰাধীক শাস্তি দিয়াৰ অধিকাৰ আছে।"

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাম...চীনৰ পৰা পাকিস্তানক হুংকাৰ ৰাজনাথ সিঙৰ

SCOৰ বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Updated On: 

26 Jun 2025 10:55 AM

SCO (Shanghai Cooperation Organization)ৰ বৈঠকৰ অংশ ল’বলৈ চীনৰ কিংডাওত উপস্থিত হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এই বৈঠকত অংশগ্ৰহণ কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ নেতাসকল একেখন মঞ্চত উপস্থিত আছিল। এই উপলক্ষে সন্ত্ৰাসবাদৰ সন্দৰ্ভত ৰাজনাথ সিঙে পাকিস্তানৰ ওপৰত চোকা আক্ৰমণ চলায়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “এতিয়া সন্ত্ৰাসবাদীৰ আত্মগোপন ঘাটি নিৰাপদ নহয়, আমি কৰি দেখুৱাইছো।”

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলিকৈ অপাৰেশ্যন সেন্দুৰ আৰু পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰে। তেওঁ কয়, “ভাৰতৰ নিজৰ ৰক্ষা আৰু অপৰাধীক শাস্তি দিয়াৰ অধিকাৰ আছে।” তেওঁ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীকো স্পষ্টকৈ কয়, “আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাম। নিৰীহ লোকৰ তেজ বোৱাই দিয়াসকলক ৰেহাই দিয়া নহ’ব।”

চীনত PAK ৰ ওপৰত ৰাজনাথ সিঙৰ ১০টা ডাঙৰ আক্ৰমণ

  1. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানৰ সন্মুখত অপাৰেশ্যন সেন্দুৰৰ সফলতাক মুকলিকৈ বৰ্ণনা কৰি কয়, “এতিয়া সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান নিৰাপদ নহয়, আমি কৰি দেখুৱাইছো।” সন্ত্ৰাসবাদৰ কথা কওঁতে তেওঁ আৰু কয়, “কিছুমান দেশে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক নীতি হিচাপে ব্যৱহাৰ কৰে। সন্ত্ৰাসবাদীক থাকিবলৈ ঠাই দিয়ে। এনে দ্বৈত মানদণ্ডৰ বাবে কোনো স্থান থাকিব নালাগে।” ৰাজনাথ সিঙে আৰু কয়, “এছচিঅ’ই এনে দেশক সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে।”
  2. সন্ত্ৰাসবাদৰ কথা কওঁতে ৰাজনাথ সিঙে কয় যে, সন্ত্ৰাসবাদৰ বাবে কৰা যিকোনো কাম অপৰাধমূলক আৰু অনুচিত, তেওঁলোকৰ প্ৰেৰণা যিয়েই নহওক কিয়। এছ চি অ’ৰ সদস্যসকলে সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিব লাগে।
  3. ৰাজনাথ সিঙে কয় যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আৰ্হি ভাৰতত লস্কৰ-ই-তৈবাই পূৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে মিল খায়। সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী আক্ৰমণ ৰোধৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰি ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে ২০২৫ চনৰ ৭ মে’ত অপাৰেশ্যন সেন্দুৰ সফলতাৰে আৰম্ভ কৰে।
  4. তেওঁ আৰু কয়, “আমি পুনৰবাৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদকে ধৰি সন্ত্ৰাসবাদৰ নিন্দনীয় কাৰ্যৰ অপৰাধী, সংগঠক, বিত্তীয় আৰু পৃষ্ঠপোষকসকলক জবাবদিহি কৰি ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছো”।
  5. ৰাজনাথ সিঙে লগতে কয়, “মই বিশ্বাস কৰোঁ যে আমাৰ এলেকাত আমি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহ শান্তি, নিৰাপত্তা আৰু বিশ্বাসৰ অভাৱৰ সৈতে জড়িত।”
  6. ৰাজনাথ সিঙে কয়, “এই সমস্যাসমূহৰ মূল কাৰণ হৈছে বৃদ্ধি পোৱা মৌলবাদ , উগ্ৰবাদ আৰু সন্ত্ৰাসবাদ।”
  7. প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় , “শান্তি, সমৃদ্ধি আৰু সন্ত্ৰাসবাদ একেলগে আগবাঢ়ি যাব নোৱাৰে। সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন আৰু আমি আমাৰ নিৰাপত্তাৰ বাবে কু-কাৰ্যৰ বিৰুদ্ধে যুঁজত একত্ৰিত হ’ব লাগিব।”
  8. অপাৰেশ্যন সিন্দুৰ আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাষণ দি ৰাজনাথ সিঙে কয়, “ভাৰতৰ নিজৰ ৰক্ষা আৰু অপৰাধীক শাস্তি দিয়াৰ অধিকাৰ আছে।”
  9. প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতে বিশ্বাস কৰে যে সংস্কাৰিত বহুপক্ষীয় শাসন ব্যৱস্থাই( Reformed Multilateral Regime) দেশসমূহৰ মাজত সংঘাত ৰোধ কৰিবলৈ আলোচনা আৰু সহযোগিতাৰ ব্যৱস্থা সৃষ্টি কৰাত সহায় কৰিব পাৰে। যিমানেই ডাঙৰ আৰু শক্তিশালী নহওক কিয়, কোনো দেশেই অকলে কাম কৰিব নোৱাৰে।”
  10. কিংডাওত অনুষ্ঠিত হোৱা বৈঠকৰ পূৰ্বে সকলো প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে গ্ৰুপ ফটো তোলা হৈছিল। য’ত ৰাজনাথ সিং আৰু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফো উপস্থিত আছিল।
খালী পেটত এই কেইবিধ খাদ্য ভুলতেও নাখাব, বিপদ অনিবাৰ্য!
খাহী ছাগলী আৰু পঠা ছাগলীৰ পাৰ্থক্য জানেনে? কোনবিধ ছাগলীৰ মাংস অধিক সুস্বাদু?
ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? এইসমূহ বস্তু খালে বিপদ নিশ্চিত!
বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণ হয় নেকি? ইয়াৰ আঁৰত থাকিব পাৰে ডাঙৰ কাৰণ...