গৰুক সম্বোধন কৰোঁতে সাৱধান! চৰকাৰে লৈছে নতুন সিদ্ধান্তঃ প্ৰয়োগ নকৰিব এনে শব্দ…

পথত ঘূৰি ফুৰা গৰাকীহীন গৰুৰ ক্ষেত্ৰত এতিয়াৰ পৰা ৰাজস্থানত অঘৰী, নিঃস্ব আদি শব্দ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ৰাজস্থান চৰকাৰে এনে শব্দৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু এতিয়াৰ পৰা এনে গৰুৰ ক্ষেত্ৰত কেৱল নিৰাশ্ৰিত শব্দ ব্যৱহাৰ কৰিব পাৰিব বুলি সিদ্ধান্ত লৈছে।

গৰুক সম্বোধন কৰোঁতে সাৱধান! চৰকাৰে লৈছে নতুন সিদ্ধান্তঃ প্ৰয়োগ নকৰিব এনে শব্দ…

গৰুক নুবুলিব অঘৰী!

Published: 

27 Jul 2024 07:34 AM

পথত ঘূৰি ফুৰা গৰাকীহীন গৰুক সম্বোধন কৰোঁতে এতিয়াৰ পৰা হওক সাৱধান। এনে গৰুক কিছুমান শব্দৰে আপুনি এতিয়াৰ পৰা মাতিব নোৱাৰিব বা ব্যৱহাৰ কৰিব নোৱাৰিব কিছুমান শব্দ। ৰাজ্য চৰকাৰেই এই সন্দৰ্ভত গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি গৰুৰ বাবে ব্যৱহাৰ কৰা কিছুমান শব্দ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে অসমত বাস কৰা লোকসকলে চৰকাৰৰ এই সিদ্ধান্তক লৈ চিন্তা কৰিব নালাগে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰেহে। ৰাজস্থান চৰকাৰৰ শেহতীয়া সিদ্ধান্ত অনুসৰি, এতিয়া ৰাজস্থানত আপুনি কোনো গৰুৰ বাবে অঘৰী, নিঃস্ব আদি শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব।

এনে শব্দসমূহৰ পৰিৱৰ্তে এতিয়া গৰাকীবিহীন গৰুক সম্বোধনৰ বাবে চৰকাৰে নতুন শব্দ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া ৰাজস্থানত নিঃস্ব, অঘৰী আদি শব্দৰ সলনি গৰুৰ বাবে ‘নিৰাশ্ৰিত’ শব্দহে ব্যৱহাৰ কৰা হ’ব। ৰাজস্থান চৰকাৰৰ পশুপালন আৰু দুগ্ধ মন্ত্ৰী জোৰাৰাম কুমাৱতে বিধানসভাত সদৰী কৰিছে এই কথা।

তেওঁ উল্লেখ কৰা মতে, ৰাজস্থানত গৰুৰ ক্ষেত্ৰত অঘৰী শব্দটো আৰু ব্যৱহাৰ কৰা নহ’ব। বিধানসভাত পশুপালন আৰু মীন বিভাগৰ অনুদান সন্দৰ্ভত বিতৰ্কৰ উত্তৰ দি কুমাৱতে কয় যে এতিয়াৰ পৰা ৰাজ্যত অঘৰী আৰু নিঃস্ব আদি শব্দ গৰুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহ’ব। তাৰ পৰিৱৰ্তে গৰুৰ বাবে নিৰাশ্ৰিত শব্দটোহে ব্যৱহৃত হ’ব।

কুমাৱতে লগতে ৰাজ্য চৰকাৰে গৰু-ম’হৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সংবেদনশীলভাৱে কাম কৰি আছে বুলি মন্তব্য কৰে। ৰাজ্যখনত ২৫০ কোটি টকাৰ ব্যৱস্থাৰে মুখ্যমন্ত্ৰী পশুপালন উন্নয়ন পুঁজি গঠন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ সমান্তৰালকৈ ‘মুখ্যমন্ত্ৰী মঙলা পশু বীমা যোজনা’ত গাখীৰ দিয়া জীৱ-জন্তুৰ লগতে আন জীৱ-জন্তুকো সামৰি লোৱাৰ কাম আৰম্ভ কৰা হ’ব।

বিধানসভাত তেওঁ লগতে গৰু পালকসকলৰ সুবিধাৰ বাবে সকলো জিলাতে পৰ্যায়ক্ৰমে গৰু মেলাৰ আয়োজন কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে। লক্ষণীয়ভাৱে ৰাজস্থান চৰকাৰে চলিত বিত্তীয় বৰ্ষত গো আশ্ৰয় শিবিৰলৈ ৬৫৩.৬৫ কোটি টকা অনুদানৰ অনুমোদন জনাইছে।

পশুপালনক অধিক প্ৰসাৰিত কৰি তোলাৰ লক্ষ্যৰে ৰাজস্থান চৰকাৰে এই বিত্তীয় বৰ্ষত এই অনুদানৰ অনুমোদন জনাইছে বুলি পশুপালন মন্ত্ৰী জোৰাৰাম কুমাৱতে বিধানসভাত সদৰী কৰে। কুমাৱতে উল্লেখ কৰা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ২২ জুলাইলৈকে ২,৮৪৩টা গো আশ্ৰয় শিবিৰৰ অনুদানৰ বাবে ৬৫৩.৬৫ কোটি টকাৰ প্ৰশাসনিক অনুমোদন প্ৰদান কৰা হৈছে।

Related Stories
হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত
ভাৰতৰে এখন ৰাজ্যত পাঁচ বছৰত সন্ধানহীন প্ৰায় ১৩০০০ শিশু, পোহৰলৈ আহিছে ভয়ংকৰ ছবি
সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
‘অদৃশ্য’ হৈ শত্ৰুক কৰিব পাৰিব নিৰ্মূল ! ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে
গাড়ীৰে গৈ থাকোতেই হঠাৎ পাহাৰৰ পৰা খহি আহিল শিল-মাটি, মুহূৰ্ততে প্ৰাণ হেৰুৱালে শিশুসহ ৭ গৰাকীয়ে
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…