পৰকীয়া প্ৰেম! সোণমে কেনেকৈ কাৰ সৈতে কৰিছিল পৰিকল্পনা? গ্ৰেপ্তাৰ প্ৰেমিক, পোহৰলৈ বহু তথ্য…

সমগ্ৰ দেশ জোকাৰি গৈছে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই। হত্যাৰ প্ৰায় ১৭ দিন পাছত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ হৈছে ৰাজাৰ পত্নী সোণম ৰঘুবংশী। এই ঘটনাৰ পাছতে এতিয়া ন ন তথ্য় পোহৰলৈ আহিছে।

পৰকীয়া প্ৰেম! সোণমে কেনেকৈ কাৰ সৈতে কৰিছিল পৰিকল্পনা? গ্ৰেপ্তাৰ প্ৰেমিক, পোহৰলৈ বহু তথ্য...

Raja Raghuvanshi Murder Case

Published: 

09 Jun 2025 11:48 AM

দেশ জোকাৰি যোৱা ৰাজা ৰঘুবংশীৰ হত্য়াকাণ্ড সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ৰাজা ৰঘুবংশীৰ পত্নী প্ৰায় ১৭ টা দিন নিৰুদ্দেশ হৈ থকাৰ পাছত ৮ জুনৰ নিশা উত্তৰ প্ৰদেশৰ গাজিপুৰত গ্ৰেপ্তাৰ হয়। মেঘালয় আৰক্ষীয়ে জনোৱা মতে, এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম ৰঘুবংশী। ৰাজাৰ পত্নীয়ে চুপাৰি কিলাৰৰ হতুৱাই ৰাজাক মেঘালয়ত হত্যা কৰিছিল আৰু পাছত তাৰ পৰা পলাই আহিছিল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে বিবাহৰ পূৰ্বে সোণমৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল। সম্ভৱতঃ এই সম্পৰ্কৰ বাবে সোণমে এই নৃশংস কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে সোণমৰ লগতে তেওঁৰ প্ৰেমিককে ধৰি মুঠ ৩ জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ বিপৰীতে এতিয়াও পলাতক অৱস্থাত আছে এজন।

জানিব পৰা মতে, ইন্দোৰত সোণমৰ প্লাইউডৰ ব্যৱসায় আছে।  সোণমতকৈ পাঁচ বছৰ সৰু ৰাজ কুশৱাহা নামৰ যুৱক এজনে আগতে ইয়াত কাম কৰিছিল। কোম্পানীটোত ৰাজে বিলৰ কাম কৰিছিল। এনেকৈ সোণমৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।কিন্তু ইয়াৰ মাজতে সোণম আৰু ৰাজা ৰঘুবংশীৰ বিয়া ঠিক হয়। পৰিয়ালৰ সন্মতি সাপেক্ষে বিগত মে’ মাহৰ ১১ তাৰিখে দুয়োৰে বিবাহ সম্পন্ন হয়।

সূত্ৰ অনুসৰি, বিয়াৰ পূৰ্বে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল সোণমে। প্ৰেমিকৰ সৈতে মিলি সোণমে এনে এক পৰিকল্পনা ৰচিছিল যাতে আন কোনোৱে ইয়া ভু নাপায়। ইয়াৰ বাবে তেওঁ চুপাৰি কিলাৰ নিয়োগ কৰিছিল। সোণমে হত্যাৰ বাবে এনে ঠাই বিচাৰিছিল যাতে কোনোৱে ৰাজাৰ মৃতদেহ বিচাৰি নাপায়। এই সকলোবোৰ বিষয় ভাবি চিন্তি চাই সোণমে তেওঁলোকৰ হানিমুনৰ বাবে মেঘালয় নিৰ্বাচন কৰিছিল। পৰিকল্পনা অনুসৰিয়ে, সোণমে ৰাজাক মেঘালয়লৈ লৈ গৈছিল। তাতেই চুপাৰী কিলাৰৰ সহায়ত ৰাজাক হত্যা কৰি দ’ খাৱৈত মৃতদেহ পেলাই দিয়ে।

এই ঘটনাৰ পাছতে সোণমে পলাই উত্তৰ প্ৰদেশ পাইছিল। ইফালে মেঘালয় আৰক্ষীয়ে সোণম- ৰাজাক বিচাৰি চলাথ কৰিছিল। কেইবাদিন বিচৰাৰ অন্তত আৰক্ষীয়ে গলি যোৱা অৱস্থাত উদ্ধাৰ কৰিছিল ৰাজাৰ মৃতদেহ।

আৰক্ষীয়ে এই ঘটনাটোত সোণমৰ লগতে বিক্কি ঠাকুৰ, ৰাজ আৰু আনন্দক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, ৰাজা ৰঘুবংশীৰ ওপৰত প্ৰথমে আনন্দই আক্ৰমণ কৰিছিল। এই তিনিওজন মধ্যপ্ৰদেশৰ বাসিন্দা । মেঘালয় আৰক্ষীৰ মতে, এই তিনিওজনৰ ট্ৰেইনৰ টিকট সোণমে কৰাইছিল। কিন্তু ঘূৰি যোৱাৰ বাবে টিকট কৰা নাছিল।

উল্লেখ্য যে, যোৱা ১১ মে’ত সোণম আৰু ৰাজা ৰঘুবংশীৰ বিবাহ সম্পন্ন হৈছিল। মেট্ৰোমোনিয়েল চাইটৰ জৰিয়তে দুয়োৰে মাজত এই সম্পৰ্ক গঢ়ি তোলা হৈছিল। ইয়াৰ পাছতে দুয়ো মেঘালয়লৈ আহিছিল আৰু ২৩ মে’ত নিৰুদ্দেশ হৈ পৰিছিল। আৰক্ষীৰ যোৰদাৰ তদন্তৰ অন্তত এতিয়া এই কাণ্ডৰ ৰহস্য ভেদ হোৱাৰ দিশে গতি কৰিছে।

 

অন্য খবৰ পঢ়কঃ মধ্যপ্ৰদেশৰ দম্পতীৰ সৈতে কি হৈছিল মেঘালয়ত? উদ্ধাৰ এখন দা, মহিলাৰ শ্বাৰ্ট আৰু…

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...