খাইছিল লাওখোলাৰ চুপ, উদ্ধাৰ হৈছিল ১৪ টা…এক ভয়ংকৰ কাণ্ডত দোষী সাব্যস্ত ২ জন…

কিমান জঘন্য হ'লে মানুহে লাওখোলাৰ চুপ খাব পাৰে? এনে এক ঘটনাই পোহৰলৈ আহিছে, য'ত দুজনকৈ লোক ভয়ংকৰ কাণ্ডৰ বাবে দোষা সাব্যস্ত হয়।

খাইছিল লাওখোলাৰ চুপ, উদ্ধাৰ হৈছিল ১৪ টা...এক ভয়ংকৰ কাণ্ডত দোষী সাব্যস্ত ২ জন...

আদালত

Published: 

21 May 2025 | 05:19 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিন্তু অপৰাধৰ এই ধাৰা আজিৰ নহয়। বছৰ বছৰ ধৰি একাংশ নিকৃষ্ট মানসিকতাৰ লোকে এনে কাণ্ড সংঘটিত কৰি আহিছে। এনে এজন নিকৃষ্ট, অমানৱীয় লোকে তেওঁ কৰা কাণ্ডৰ প্ৰায় ২৫ বছৰ পাছত শাস্তি লাভ কৰে। অপৰাধীৰ নাম ৰাজা কোলেন্দৰ বুলি জানিব পৰা গৈছে। চিৰিয়েল কিলাৰ তথা অতি জঘন্য এই অপৰাধীজনে ২০০০ চনত সংঘটিত এটা গোচৰত শাস্তি লাভ কৰে। লক্ষ্ণৌ আদালতে শুকুৰবাৰ (১৬মে’) তেওঁৰ আৰু তেওঁৰ সহযোগীৰ শাস্তি ঘোষণা কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ।

জানিব পৰা মতে, ৰাজা কোলাণ্ডাৰ ওৰফে ৰাম নিৰঞ্জন আৰু তেওঁৰ খুলশালীয়েক বচ্চৰাজ কোলে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। দুয়ো ২২ বছৰীয়া মনোজ সিং আৰু তেওঁৰ গাড়ী চালক ৰবি শ্ৰীবাস্তৱৰ অপহৰন-হত্যাৰ গোচৰত দোষী সাব্যস্ত হয়। দুয়ো সাংবাদিক ধীৰেন্দ্ৰ সিঙৰ হত্যাতো দোষী সাব্যস্ত হৈছিল। এই ঘটনাৰ তদন্তত আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা ১৪ টাকৈ মানুহৰ মূৰৰ খোলা উদ্ধাৰ কৰিছিল। এতিয়া এই দুয়োকে আজীৱন কাৰাদণ্ড বিহিছে আদালতে।

লাওখোলাৰ চুপ খাইছিল

ইয়াৰ পাছতে আৰক্ষীয়ে গম পাইছিল যে ৰাজা কোলেণ্ডৰ এজন নৰভক্ষী আৰু তেওঁ মানুহৰ মূৰৰ খোলাও সংগ্ৰহ কৰে । অভিযোগ অনুসৰি ৰাজাই মানুহৰ মূৰ কাটি নি লাওখোলাৰ চুপ তৈয়াৰ কৰি খাইছিল। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজা কোলেণ্ডৰ আৰু তেওঁৰ খুলশালীয়েৰ বিৰুদ্ধে আজিৰ পৰা ২৫ বছৰ পূৰ্বে ২০০০ চনত ডাবল মাৰ্ডৰৰ গোচৰ ৰুজু হৈছিল। এজাহাৰ দাখিল কৰিছিল মনোজ কুমাৰ সিঙৰ পিতৃ শিৱ হৰ্ষ সিঙে।

২৫ বছৰ পাছত শাস্তি

আৰক্ষীয়ে কয় যে, ২০০১ চনৰ ২১ মাৰ্চত ছাৰ্জশ্বীট দাখিল কৰা হৈছিল যদিও আইনী জটিলতাৰ বাবে গোচৰৰ শুনানি আৰম্ভ কৰিব পৰা নাছিল। এই গোচৰৰ শুনানি আৰম্ভ হৈছিল ২০১৩ চনৰ পৰা। তথ্য অনুসৰি ২০০০ চনৰ ২৪ জানুৱাৰীত লক্ষ্ণৌৰ পৰা ৰেৱালৈ ৰাওনা হৈছিল মনোজ কুমাৰ সিং আৰু তেওঁৰ চালক ৰবি শ্ৰীবাস্তৱ। তেওঁ চৰবাগ ৰেলৱে ষ্টেচনৰ ওচৰৰ পৰা ছয়জন যাত্ৰীক তুলি লৈছিল। তাৰ ভিতৰত এগৰাকী মহিলাও আছিল।

তেওঁলোকৰ লাষ্ট লোকেশ্যন ৰায়েবাৰেলীৰ হৰচান্দপুৰৰ পোৱা গৈছিল আৰু তাৰ পৰাই নিৰুদ্দেশ হৈছিল। তিনিদিন ধৰি মনোজ আৰু গাড়ী চালকৰ কোনো সন্ধান নোপোৱাত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। পাছত প্ৰয়াগৰাজৰ শংকৰগড়ৰ অৰণ্যত দুয়োৰে ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল। এই ঘটনাৰ সময়ত ১২ জনে সাক্ষ্য প্ৰদান কৰিছিল। ইয়াৰ পাছতে পোহৰলৈ আহে যে এই সমগ্ৰ ঘটনা আছিল পূৰ্ব পৰিকল্পিত। অৱশেষত ২৫ বছৰ পাছত ন্যায় পালে মনোজ আৰু ৰবিশ্ৰীবাস্তৱে।

 

 

অন্য খবৰ পঢ়কঃ প্ৰেমিকৰ সৈতে ব্যস্ত আছিল পত্নী, হঠাৎ ঘৰত উপস্থিত স্বামী! পাছত সংঘটিত এক ভয়ংকৰ ঘটনা…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব