কংগ্ৰেছৰ ভোটাৰ অধিকাৰ যাত্ৰাত অথন্তৰ! ৰাহুল গান্ধীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে বাইক চুৰিৰ অভিযোগ

ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ নিৰাপত্তাত নিয়োজিত নিৰাপত্তাৰক্ষী কমাণ্ডোসকলে ৰেলী আৰু ৰোড শ্ব’ৰ সময়ত এজন যুৱকৰ বাইক চুৰি কৰাৰ অভিযোগ উত্থাপন হয়। বাইকৰ মালিকে কয় যে তেওঁ বহু ঠাইত নিজৰ বাহনখন বিচাৰিছে যদিও বাইকখন এতিয়াও বিচাৰি পোৱা নাই।

কংগ্ৰেছৰ ভোটাৰ অধিকাৰ যাত্ৰাত অথন্তৰ! ৰাহুল গান্ধীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে বাইক চুৰিৰ অভিযোগ

Rahul Gandhi Voter Rights Yatra

Published: 

31 Aug 2025 19:10 PM

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সম্প্ৰতি বিহাৰত ‘ভোটাৰ অধিকাৰ যাত্ৰা’ ব্যস্ত আছে। ২৭ আগষ্টত এই যাত্ৰা আছিল দৰভংগাত। য’ৰ পৰাই এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে। বিষয়টো জানিলে হয়তো আপুনি নিশ্চয় আচৰিত হ’ব। দাবী কৰা হৈছে যে ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত ৰাহুলৰ নিৰাপত্তাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীয়ে এখন পালছাৰ ২২০ বাইক চুৰি কৰিছিল। ভোটাৰ অধিকাৰ যাত্ৰা পাৰ হৈ যোৱা আটাইকেইখন জিলাতে বাইকখনৰ মালিকে তেওঁৰ বাহনখন বিচাৰি চলাথ কৰিছে এতিয়ালৈকে বাইকখন উদ্ধাৰ হোৱা নাই।

অভিযোগ অনুসৰি ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষী কমাণ্ডোসকলে ৰেলী আৰু ৰোড শ্ব’ৰ পৰা এজন যুৱকৰ পালছাৰ বাইক বলপূৰ্বকভাৱে লৈ যায় আৰু এতিয়ালৈকে বাইকখন ঘূৰাই দিয়া হোৱা নাই। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মা দুৰ্গা লাইন হোটেল পৰিচালনা কৰা বাইকৰ মালিক শুভম সৌৰভে দাবী কৰিছে যে তেওঁৰ পিতৃ অনিল ৰায়ৰ পালছাৰ ২২০ বাইকখন ৰাহুল গান্ধীৰ নিৰাপত্তাৰক্ষী চক্ৰত নিয়োজিত এছ পি জি কমাণ্ডো সকলে বলপূৰ্বকভাৱে লৈ গৈছিল আৰু এতিয়ালৈ ঘূৰাই দিয়া নাই।

যাত্ৰা পাৰ হৈ যোৱা বহু জিলাত পৰিয়ালটোৱে নিজৰ বাইকখন বিচাৰি যায় যদিও এতিয়ালৈকে বাইকখন বিচাৰি পোৱা নাই। শুভম সৌৰভে জানিবলৈ দিয়া মতে, বাইকখন তেওঁৰ শহুৰ অনিল ৰায়ৰ নামত পঞ্জীয়ন কৰা আছে। শুভমে কয় যে এই ঘটনা ঘটিছিল যেতিয়া ৰাহুল গান্ধীয়ে ৰোড শ্ব’ উলিয়াইছিল আৰু ‘ভোট চোৰ গড্ডি ছ’ড়ো’ শ্লোগান দিছিল।

শুভম সৌৰভে কয় যে তেওঁ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চক্কা সমীপৰ নিজৰ ধাবাত আছিল। য’ত নিৰাপত্তাৰক্ষীয়ে চাহ খাইছিল আৰু তাৰ পিছত বাইকখন বিচাৰিছিল। তেওঁ কয় যে, নাকচ কৰাৰ পিছতো নিৰাপত্তাৰক্ষীয়ে তেওঁক হেঁচা প্ৰয়োগ কৰাৰ পিছত তেওঁক বাইকখন দিয়া হৈছিল। ইয়াৰ লগতে আৰু ৬ খন বাইক লৈ যায়। যিবোৰ পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে। শুভমে কয় যে তেওঁৰ বাইকখন এতিয়ালৈ ক’তো পোৱা নাই। তেওঁ জনোৱা মতে, নিৰাপত্তাৰক্ষীয়ে বাইকখন লৈ গৈছিল আৰু তেতিয়াৰ পৰা বাইকখন বিচাৰি পোৱা নাই।

শুভম সৌৰভে জানিবলৈ দিয়া মতে, তেওঁৰ পৰিয়ালে বাইকখনৰ সন্ধানত মুজাফ্ফৰপুৰ, সীতামৰ্হি, ঢাকা, মতিহাৰীৰ দৰে বহু জিলা ভ্ৰমণ কৰিছিল। কিন্তু ক’তো বাইকখন পোৱা নগ’ল। শুভমে কয় যে তেওঁ বাইকখনৰ সন্ধানত প্ৰায় ১৫ৰ পৰা ২০ হাজাৰ টকা খৰচ কৰিছে। শুভামে লগতে কয় যে তেওঁৰ ওচৰত নিৰাপত্তাৰক্ষীৰ কল ৰেকৰ্ডিঙো আছে।

ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত বাইক চুৰিৰ এই গোচৰটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছে। সকলোতে চৰ্চা চলি আছে। এই সন্দৰ্ভত স্থানীয় প্ৰশাসন আৰু আৰক্ষীকো মৌখিক অভিযোগ দাখিল কৰা হৈছিল যদিও বৰ্তমানলৈকে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। একে সময়তে এই ঘটনাই নিৰাপত্তা ব্যৱস্থা আৰু ৰাজনৈতিক আচৰণ দুয়োটাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: শুই থাকোঁতে নিজ মাতৃক হত্যা দানৱৰূপী কন্যাৰ, এচিডেৰে জ্বলাই দিলে মৃতদেহ, ২ বছৰ পিছত…

এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ
এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!