ঘৰলৈ মাতিছিল প্ৰেমিকক! হঠাতে আহি পালে স্বামী আৰু পাছত এক বুকু কঁপি যোৱা ঘটনা…

অবৈধ প্ৰেমৰ বাবে প্ৰাণ হেৰুৱালে এজন লোকে। জানিব পৰা মতে, লোকজনে পত্নীক তেওঁৰ প্ৰেমিকৰ সৈতে দেখা পাইছিল। যাৰ পাছত পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি এক ভয়ংকৰ, নৃশংস কাণ্ড সংঘটিত কৰে।

ঘৰলৈ মাতিছিল প্ৰেমিকক! হঠাতে আহি পালে স্বামী আৰু পাছত এক বুকু কঁপি যোৱা ঘটনা...

গ্ৰেপ্তাৰ মহিলাগৰাকী আৰু প্ৰেমিক

Published: 

23 Dec 2025 | 11:25 AM

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। অবৈধ প্ৰেমৰ বাবে এগৰাকী মহিলাই নিজ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰে। এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে মৃতদেহ চিনাক্ত আৰক্ষীৰ বাবে কঠিন হৈ পৰিছিল। টুকুৰা-টুকুৰ অৱস্থাত উদ্ধাৰ হৈছিল ৰাহুল নামৰ লোকজনৰ মৃতদেহ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ চাম্ভালত। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে য’ত পত্নীৰ কু কাণ্ডৰ কথা পোহৰলৈ আহিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰাহুলৰ পত্নী আৰু তেওঁৰ প্ৰেমিক গৌৰৱক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে স্বামীৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। যেতিয়া আৰক্ষীয়ে মৃতদেহ চিনাক্ত কৰিবলৈ মাতিছিল তেতিয়া পত্নীয়ে চিনি নোপোৱাৰ নাটক কৰিছিল। কিন্তু সেই পত্নীয়ে প্ৰাণ লৈছিল স্বামীৰ।

ঘটনাটো কি?

কিছুদিন পূৰ্বে চান্দাউছি অঞ্চলৰ এটা নলাৰ সমীপত এটা টি চাৰ্ট উদ্ধাৰ হৈছিল। তাৰ ওচৰতে পৰি আছিল এটা মুণ্ডহীন মৃতদেহ। লগতে ওচৰত পৰি আছিল কটা হাত-ভৰি আৰু অন্যান্য অংগ। এই দৃশ্য ইমানেই ভয়ংকৰ আছিল যে মৃতদেহ চিনাক্ত কৰা ভয়ংকৰ গৈ পৰিছিল। সেই কটা হাত এখনত আৰক্ষীয়ে ৰাহুল নামৰ এটা টেটু দেখিছিল আৰু সেই টেটুৰ পৰা আৰম্ভ হৈছিল তদন্ত।

তদন্তত প্ৰকাশ পাই যে, ২৪ নৱেম্বৰত এগৰাকী মহিলাই স্বামী ৰাহুলৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে মহিলাগৰাকীক মৃতদেহ চিনাক্ত কৰিবলৈ থানালৈ মাতে, কিন্তু তেওঁ মৃতদেহটো ৰাহুলৰ নহয় বুলি কয়। পত্নীৰ এজাহাৰৰ ২৫ দিন পাছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছিল।

পিছে মহিলাগৰাকীৰ ওপৰত আৰক্ষীৰ সন্দেহ হয়। যাৰ বাবে আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে  হত্যাৰ কথা স্বীকাৰ কৰে। তেওঁ কয় যে, গৌৰৱ নামৰ যুৱক এজনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছে। ৰাহুল ঘৰত নথকা অৱস্থাত গৌৰৱ তেওঁলোকৰ ঘৰলৈ আহে। ১৮-১৯ নৱেম্বৰৰ মাজনিশা ৰাহুল ঘৰৰ পৰা ওলাই গৈছিল আৰু তেতিয়াই পত্নীয়ে ঘৰলৈ গৌৰৱক মাতি আনে।

কিন্তু সেই নিশা হঠাতে ৰাহুল আহি ঘৰ ওলাই আৰু পত্নীক অন্য যুৱকৰ সৈতে দেখি ক্ষোভিত হৈ পৰে। ইয়াৰ লগে লগে তিনিওৰে মাজত কাজিয়া হয়। ইয়াৰ পৰিণতিতে পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি ৰাহুলক লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। পাছত মৃতদেহ টুকুৰা-টুকুৰ কৰি পেলাই দিয়ে। পাছত ২৪ নৱেম্বৰত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে। বৰ্তমান আৰক্ষীয়ে গৌৰৱ আৰু মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ টেটুৰ বাবে সকলো! পত্নীক লৈ গ’ল চাহ খুৱাবলৈ, স্বামীয়ে গাড়ী ৰখাই ডাঙৰ শিল এটা ল’লে আৰু পাছত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...