প্ৰেম দিৱসত ‘প্ৰেম’ৰ ভাগ-বতৰা, বিবাহ বিচ্ছেদৰ পৰিৱৰ্তে স্বামীক ভগাই লোৱাৰ পৰামৰ্শ আৰক্ষীৰ!

সম্পত্তি বিভাজনৰ কথা হয়তো বহুতে শুনিছে। লগতে অফিচত ৱৰ্ক শ্বিফ্ট ভগাই লোৱাৰ কথাও শুনিছে। কিন্তু  স্বামীৰ ভাগ। আৰু এই ভাগ-বতৰা কোনো পঞ্চায়ত বা কেৱল এটা পৰিয়ালৰ ইচ্ছামতে নহয়। বৰং আৰক্ষীৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰৰ সিদ্ধান্ত এয়া।

প্ৰেম দিৱসত প্ৰেমৰ ভাগ-বতৰা, বিবাহ বিচ্ছেদৰ পৰিৱৰ্তে স্বামীক ভগাই লোৱাৰ পৰামৰ্শ আৰক্ষীৰ!

প্ৰতীকি ফটো

Updated On: 

17 Feb 2025 | 06:59 PM

সকলো সমস্যাৰে  সমাধান আছে বুলি কোৱা হয়। কিন্তু এনে এটা সমাধান হয়তো কোনেও নিবিচাৰিব। কিছুমানে হয়তো ইয়াক ধেমেলীয়া বুলি ভাবিব পাৰে। ইয়াক এক চাঞ্চল্যকৰ পৰিঘটনা বুলিও ক’ব পাৰি। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। যিটো কিছুমানৰ বাবে আচৰিত, আকৌ আন কিছুমানৰ বাবে ধেমালিৰ কাৰণ হ’ব পাৰে। সম্পত্তি বিভাজনৰ কথা হয়তো বহুতে শুনিছে। লগতে অফিচত ৱৰ্ক শ্বিফ্ট ভগাই লোৱাৰ কথাও শুনিছে। কিন্তু  স্বামীৰ ভাগ।

বিহাৰৰ পূৰ্ণিয়া জিলাত সংঘটিত হৈছে এই ঘটনা। এই ভাগ-বতৰা কোনো পঞ্চায়ত বা কেৱল এটা পৰিয়ালৰ ইচ্ছামতে নহয়। বৰং আৰক্ষীৰ পৰিয়াল পৰামৰ্শ কেন্দ্ৰৰ মতেহে। প্ৰেমৰ দিনটোত ‘প্ৰেম’ৰ ভাগ-বতৰা! গোটেই ঘটনাটো কি জানো আহক…

এজন স্বামী তেওঁৰ পত্নী দুগৰাকী। এতিয়া স্বামীৰ লগত কোন থাকিব! ইয়াৰ এটা ৰাস্তা উলিওৱা হৈছিল। দুয়োগৰাকী পত্নীয়েও সেই সিদ্ধান্ত মানি লৈছিল। সপ্তাহত সাতটা দিন থাকে। তাৰে প্ৰথম পত্নী তিনিদিন স্বামীৰ লগত থাকিব আৰু পৰৱৰ্তী তিনিদিন দ্বিতীয় পত্নী লগত। এদিন দুগৰাকী পত্নীৰ উইক অফ! স্বামীয়েও আৰক্ষীৰ সন্মুখত এই নিয়ম মানি লৈছিল। বিহাৰত আৰক্ষী অধীক্ষক কাৰ্তিকেয়া শৰ্মাৰ তত্বাৱধানত চলি আছে এটা পৰিয়াল পৰামৰ্শ কেন্দ্ৰ।  ভেলেণ্টাইন ডে’ৰ দিনাই আৰক্ষীৰ ওচৰলৈ আহিছিল গোচৰটো।

এগৰাকী মহিলাই থানাত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক ত্যাগ কৰি কোনো ধৰণৰ ধন দিয়া নাছিল। গোচৰটো পাৰিবাৰিক বিষয় হোৱাৰ বাবে  আৰক্ষী পৰিয়াল পৰামৰ্শ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। তাৰ পাছত ব্যক্তিজনক কাউন্সেলিং চেণ্টাৰলৈ মাতি অনা হয়। উপস্থিত হ’ল স্বামী-স্ত্ৰী দুয়োজনেই। ইফালে মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁৰ স্বামীয়ে তেওঁক সৈতে বিবাহ বিচ্ছেদ নকৰাকৈয়ে ৭ বছৰ পূৰ্বে পুনৰ বিয়া কৰাইছিল। আনকি এই কথাটো তেওঁৰ পৰা লুকুৱাই ৰাখিছিল।

মহিলাগৰাকীয়ে আকৌ অভিযোগ উত্থাপন কৰে যে তেওঁলোকৰ এটা সন্তান আছে আৰু তেওঁৰ স্বামীয়ে পঢ়া-শুনাৰ খৰচ নিদিয়ে। তেওঁ নতুন পত্নীৰ লগত থাকে। লগতে স্বামীয়ে তেওঁক নতুন কাপোৰ পিন্ধিবলৈ নিদিয়ে। এই সকলোবোৰৰ মাজতে সৃষ্টি হয় এক অস্বস্তিকৰ পৰিস্থিতিৰ। পৰিস্থিতি বিষম দেখি দুয়োগৰাকী মহিলাক তেওঁলোকৰ স্বামীক জেল’লৈ পঠিওৱা হ’ব ভয় দেখুওৱা হয়।

তাৰ পাছত মানুহজন আৰু  দুগৰাকী পত্নীয়ে একেলগে আলোচনা কৰি সিদ্ধান্ত ল’লে যে স্বামীয়ে প্ৰথম পত্নীৰ লগত চাৰিদিন আৰু দ্বিতীয় পত্নীৰ লগত সপ্তাহৰ বাকী তিনিদিন থাকিব। কিন্তু এগৰাকীৰ লগত চাৰিদিন থকাৰ বাবে  দুগৰাকী পত্নীৰ মাজত পুনৰ বিবাদ আৰম্ভ হ’ল।  ইয়াৰ পিছতে পুলিচ ফেমিলি কাউন্সেলিং চেণ্টাৰে সিদ্ধান্ত ল’লে যে তেওঁলোকৰ স্বামী এদিন ছুটী থাকিব। অৰ্থাৎ স্বামীয়ে প্ৰথম পত্নীৰ লগত তিনিদিন আৰু দ্বিতীয় পত্নীৰ লগত তিনিদিন থাকিব।  ছুটীৰ দিনটো স্বামীয়ে নিজৰ ইচ্ছামতে কটাব পাৰে। পত্নীৰ লগত থাকিব নে নাথাকিব, সেই সিদ্ধান্ত একমাত্ৰ তেওঁৰ। লগতে প্ৰথম পত্নীৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে প্ৰতিমাহে ৪ হাজাৰ টকা দিব লাগিব।  দুয়োপক্ষৰ সহমত লোৱা হয় এই সিদ্ধান্ত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব