সৰিয়হৰ ডুলিত ভূত! কেন্দ্ৰৰ বিষয়াই লুটিলে ৭২১ কুইণ্টল ঘেঁহু, তদন্তত ওলাল উৰহীৰ ওৰ

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ শস্য ক্ৰয় কেন্দ্ৰই চলিত বৰ্ষৰ মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত ১১ জন কৃষকৰ পৰা ক্ৰয় কৰা ৭২১ কুইণ্টল ঘেঁহু এফ চি আইৰ গুদামত জমা হোৱা নাছিল। এই বৃ্হৎ পৰিমাণৰ ঘেঁহুৰ হিচাপ নোলোৱাত বিভাগটোত চাঞ্চল্যৰ সৃষ্টি হয় আৰু ক্ৰয় কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

সৰিয়হৰ ডুলিত ভূত! কেন্দ্ৰৰ বিষয়াই লুটিলে ৭২১ কুইণ্টল ঘেঁহু, তদন্তত ওলাল উৰহীৰ ওৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

19 Sep 2024 23:49 PM

যিকোনো বিভাগৰে বিভাগীয় কৰ্মচাৰীৰ দুৰ্নীতিৰ ঘটনা আমাৰ সমাজত কোনো নতুন কথা নহয়। দুৰ্নীতিৰ অভিযোগত বহু বিষয়া জেললৈ যোৱাৰ বহু খবৰে প্ৰায়েই দখল কৰে বাতৰিৰ শিৰোনাম। কিছুমান দুৰ্নীতিৰ খবৰ আকৌ পোহৰলৈ নহাকৈয়ে থাকি যায় লোকচক্ষুৰ আঁৰত। পিছে সেই ‘সৌভাগ্য’ সকলোৰে নাথাকে। যেনেদৰে সেই সৌভাগ্য নহ’ল উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ শস্য ক্ৰয় কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ। এই বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে ক্ৰয় কেন্দ্ৰৰ ৭২১ কুইণ্টল ঘেঁহু লুণ্ঠনৰ অভিযোগ।

এনে বৃ্হৎ পৰিমাণৰ ঘেঁহু আত্মসাৎ কৰাৰ গোচৰ পোহৰলৈ অহাত আঞ্চলিক সমবায় সংঘৰ জিলা প্ৰবন্ধকে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। অভিযোগ লাভ কৰাৰ পিছতে জিলা আৰক্ষীয়ে এই বিষয়ত এতিয়া আৰম্ভ কৰিছে তদন্ত। প্ৰকাশিত খবৰ অনুসৰি, চলিত বৰ্ষৰ মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত ঘেঁহু ক্ৰয়ৰ ক্ষেত্ৰত এক বৃ্হৎ কেলেংকাৰী পোহৰলৈ আহিছিল।

ক্ৰয় কেন্দ্ৰটোৱে ১১ জন কৃষকৰ পৰা ৯১১ কুইণ্টল ঘেঁহু ক্ৰয় কৰিছিল যদিও মাত্ৰ ১৯০ কুইণ্টল ঘেঁহুহে জমা হৈছিল এফ চি আইৰ গুদামত। বাকী ৭২১ কুইণ্টল ঘেঁহু গুদামত জমা হোৱা নাছিল আৰু এই ঘেঁহুৰ বিষয়ে কোনো লোকৰে হাতত তথ্য নাছিল। এই বিষয়টো বিভাগীয় বিষয়াসকলৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে বিভাগটোত চাঞ্চল্যৰ সৃষ্টি হয়। এনে বৃ্হৎ পৰিমাণৰ ঘেঁহুৰ হিচাপ নোহোৱাত হচকিত হৈ পৰে সকলো।

বিভাগটোৱে এই বৃ্হৎ পৰিমাণৰ ঘেঁহুখিনি জমা কৰিবলৈ নিৰ্দেশ দি কেইবাবাৰো জাননীও প্ৰেৰণ কৰিছিল। কিন্তু তাৰ পিছতো ঘেঁহুখিনি গুদামত জমা নোহোৱাত বিভাগৰ ভিতৰতে অনুসন্ধান চলোৱা হয়। এই অনুসন্ধানৰ অন্তত আঞ্চলিক সমবায় সংঘৰ জিলা প্ৰবন্ধক বালকেশৱ পেটেলে ৰবাৰ্টছগঞ্জ থানাত কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ কুমাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

ইয়াৰ পিছতে সহকাৰী আয়ুক্ত আৰু সহযোগী সমবায় পঞ্জীয়কে দুজনীয়া এখন সমিতি গঠন কৰি এই বিষয়ত তদন্ত আৰম্ভ কৰে আৰু এই তদন্তত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। কৃষকৰ পৰা ক্ৰয় কৰা সন্ধানহীন এই ঘেঁহুখিনিৰ মূল্য ১৬ লাখ ৫৪ হাজাৰ ৬৯৫ টকা হ’ব বুলি জানিবলৈ দিছে বিভাগটোৱে। ইফালে ঘটনা পোহৰলৈ অহাৰ পিছতে এই বিষয়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বুধবাৰে তুলসী ৰোপণ কৰিলে কি হ'ব? সবিশেষ জানক
এই ৫ টা গুণ নাথাকিলে আপোনাৰ ভালপোৱাও নাথাকিব ! এগৰাকী নাৰীয়ে কেনেকুৱা পুৰুষ বিচাৰে ?
হঠাতে উচ্চ ৰক্তচাপৰ ঔষধ সেৱন বন্ধ কৰিলে পক্ষাঘাতৰ আশংকা বাঢ়ে নেকি ? কি কি সমস্যা হ'ব পাৰে?
প্ৰস্ৰাৱৰ সংক্ৰমণ হ'লে মহিলাৰ ক্ষেত্ৰত কি কি লক্ষণে দেখা দিয়ে ?