বাংলাদেশী সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ…

বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে সমগ্ৰ ভাৰততে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে । হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত দিল্লী নাগৰিক সমাজ আৰু ২০০ৰো অধিক সামাজিক আৰু সাংস্কৃতিক সংগঠনে একত্ৰিত হৈ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতিবাদী সমদলৰ আয়োজন কৰে।

বাংলাদেশী সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ...

প্ৰতিবাদ

Updated On: 

10 Dec 2024 13:57 PM

বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই ভাৰতবৰ্ষৰ সকলো ঠাইতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । এইলৈ এক প্ৰকাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন ইউনুছৰ চৰকাৰে ভাৰতৰ সমালোচনাৰ সন্মুখীন হৈছে । মনকৰিবলগীয়া যে, হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত হোৱাৰ অত্যাচাৰ বন্ধ কৰাৰ দাবীত ভাৰতৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰিলক্ষিত হৈছে । উত্তৰ-পূৰ্বৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে সকলো ঠাইতে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতৰ হিন্দু সমাজে ।

মুছলিম ৰাষ্ট্ৰীয় মঞ্চেও এই হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ । আজিৰ দিনটোত দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত বাংলাদেশত হিন্দুৰ বিৰুদ্ধে অত্যাচাৰক লৈ নাগৰিক সমাজ আৰু বিভিন্ন সংগঠনৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে । সূত্ৰ খবৰ অনুসৰি, দিল্লী নাগৰিক সমাজ আৰু ২০০ ৰো অধিক সামাজিক আৰু সাংস্কৃতিক সংগঠনে একত্ৰিত হৈ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতিবাদী সমদলৰ আয়োজন কৰে।

এই পদযাত্ৰা টিন মূৰ্তি চকৰ পৰা বাংলাদেশ দূতাবাসলৈকে আয়োজন কৰা হৈছিল যদিও নিৰাপত্তাৰক্ষীৰ বাধাৰ বাবে চাণক্যপুৰী থানাৰ সমীপত এই পদযাত্ৰা ৰখাই দিবলগীয়া হয় । বাংলাদেশৰ সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে সজাগতা সৃষ্টি আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচা সৃষ্টিৰ লক্ষ্যৰে জনসাধাৰণে এই সমদল আয়োজন কৰে। ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰাৰ কথাও সদৰী কৰিছে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ।

উল্লেখ্য যে, বাংলাদেশৰ মহম্মদ ইউনুছৰ নেতৃত্ব অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ হোৱাৰ পাছতে ভাৰত-বাংলাদেশৰ সম্পৰ্ক বেয়া হ’বলৈ আৰম্ভ কৰিছে । যোৱা কেইটামান সপ্তাহত বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা আৰু হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে । ত্ৰিপুৰাৰ আগৰতলাত থকা বাংলাদেশ উপ উচ্চায়ুক্তত বলপূৰ্বকভাৱে প্ৰতিবাদকাৰীৰ প্ৰৱেশৰ বিষয়টোৱে দুয়োখন দেশৰ সম্পৰ্কত আৰু অধিক প্ৰভাৱ পেলাইছে ।

উল্লেখ্য যে, সোমবাৰে বৈদেশিক সচিব পৰ্যায়ৰ বৈঠকত বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ বিষয়টো উত্থাপন কৰা হৈছিল যদিও ঢাকাই ইয়াক বিভ্ৰান্তিকৰ আৰু ভুল তথ্য বুলি অভিহিত কৰি কোনো দেশে নিজৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নালাগে বুলি উল্লেখ কৰে । ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বাংলাদেশীৰ সমকক্ষৰ সৈতে এই বৈঠকত মিলিত হৈছিল ।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...