Future Crime Summit 2025 : চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত অসাধাৰণ অৱদান, প্ৰশংসিত প্ৰ’ডিস্কভাৰ

এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিজিটেল ক্ষেত্ৰখনত ভাৰতক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰ সন্দৰ্ভটো আলোচনা কৰা হয়। প্ৰ’ডিস্কভাৰৰ মুখ্য ব্যৱসায়িক বিষয়া মইন শ্বেখে কয় যে, “আন্তঃৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ অৱদান তুলি ধৰাৰ বাবে এই সন্মিলন এক উত্তম মঞ্চ।”

Future Crime Summit 2025 : চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত অসাধাৰণ অৱদান, প্ৰশংসিত প্ৰডিস্কভাৰ

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ উদ্ভাৱনক দাঙি ধৰিছে প্ৰ’ডিস্কভাৰে

Published: 

17 Feb 2025 | 06:59 PM

প্ৰযুক্তিৰ সহায়ত সংঘটিত হোৱা অপৰাধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । এই অপৰাধসমূহে বৰ্তমান সমাজত এক ভয়াৱহ প্ৰত্যাহ্বান হিচাপে থিয় দিছে । এই প্ৰত্যাহ্বানৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পৰা যাব সেইটো এটা ডাঙৰ প্ৰশ্ন । এই অপৰাধৰ সৈতে মোকাবিলা কৰিব পৰা দিশসমূহ আলোকপাত কৰিবৰ বাবে নতুন দিল্লীৰ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল ‘ভৱিষ্যতৰ অপৰাধ সন্মিলন ২০২৫’ (Future Crime Summit 2025) ।

ফিউচাৰ ক্ৰাইম ৰিচাৰ্চ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনখনি সোমবাৰে সফলতাৰে অন্ত পৰে । এই সন্মিলনখনত চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ, চাইবাৰ উকিল, একাধিক আইন প্ৰয়োগকাৰী সংস্থাই অংশগ্ৰহণ কৰে। ক্ৰমবৰ্ধমান ডিজিটেল ভাবুকিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰি সেই বিষয়ে সন্মিলনত আলোচনা কৰা হয়।

এই সন্মিলনত ডিজিটেল ফৰেনছিক প্ৰতিষ্ঠান প্ৰ’ডিস্কভাৰে(ProDiscover) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া পদক্ষেপৰ অনুসৰণ কৰি প্ৰ’ডিস্কভাৰে দেশৰ প্ৰযুক্তিৰ বাবে নে’টৱৰ্ক-ভিত্তিক অনুজ্ঞাপত্ৰ ব্যৱস্থাপনা চিষ্টেম উদ্ভাৱন কৰিছে। নামটো হৈছে ProDiscover FlexKey। ফৰেনছিক তদন্তত ফ্লেক্সকি উপযোগী হ’ব বুলি আশা কৰা হৈছে।

ডিজিটেল ফৰেনছিকত ২৩ বছৰৰ অভিজ্ঞতা আছে প্ৰ’ডিস্কভাৰ। প্ৰ’ডিস্কভাৰৰ চিইঅ’ ন্ৰোপুল ৰাৱে কয় যে, নতুন নতুন উদ্ভাৱন হৈছে প্ৰ’ডিস্কভাৰৰ ভেটি। ডিজিটেল ফৰেনছিক প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবেও এই সন্মিলনত প্ৰ’ডিস্কভাৰ ডিজিটেল ফৰেনছিকক সন্মান সন্মান জনাই পুৰস্কৃত কৰা হয়। এই সংস্থাটোৱে চাইবাৰ সুৰক্ষা আৰু ফৰেনছিক তদন্তৰ কাম অব্যাহত ৰাখিব। প্ৰ’ডিস্কভাৰৰ মুখ্য কাৰ্যালয় হায়দৰাবাদত। এই সন্মিলনত দেশৰ প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰ’ডিস্কভাৰে কৰা উদ্ভাৱনক প্ৰশংসা কৰা হয়।

এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিজিটেল ক্ষেত্ৰখনত ভাৰতক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰ সন্দৰ্ভটো আলোচনা কৰা হয়। প্ৰ’ডিস্কভাৰৰ মুখ্য ব্যৱসায়িক বিষয়া মইন শ্বেখে কয় যে, “আন্তঃৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ অৱদান তুলি ধৰাৰ বাবে এই সন্মিলন এক উত্তম মঞ্চ।” প্ৰ’ডিস্কভাৰৰ লক্ষ্য হৈছে ডিজিটেল নিৰাপত্তাৰ ক্ষেত্ৰত অত্যাধুনিক সঁজুলিসমূহ ডিজিটেল ফৰেনছিক পেছাদাৰীসকলৰ হাতত তুলি দিয়া ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব