ৰাষ্ট্ৰপতিৰ সৈতে উইং কমাণ্ডাৰ শিৱাংগী সিং, হাঁহি হাঁহি উদঙালে পাকিস্তানৰ স্বৰূপ…

পুনৰ পাকিস্তানৰ আন এক মিছা কথা পোহৰলৈ আহিল। কিছুদিন পূৰ্বে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানে দাবী কৰিছিল যে ভাৰতৰ এজন ৰাফেল পাইলটক বন্দী কৰিছে। কিন্তু এতিয়া সত্য পোহৰলৈ আহিছে।

ৰাষ্ট্ৰপতিৰ সৈতে উইং কমাণ্ডাৰ শিৱাংগী সিং, হাঁহি হাঁহি উদঙালে পাকিস্তানৰ স্বৰূপ...

ৰাষ্ট্ৰপতি

Published: 

29 Oct 2025 | 07:14 PM

পুনৰ পোহৰলৈ আহিছে পাকিস্তানৰ আন এক মিথ্যাচাৰ। ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ সময়ত পাতিস্তানে এখন ভাৰতীয় ৰাফেল যুদ্ধ বিমান ধ্বংস কৰাৰ লগতে ভাৰতীয় পাইলটক বন্দী কৰা বুলি দাবী কৰিছিল। এই সন্দৰ্ভত দেশখনে সামাজিক মাধ্যমত এটা পোষ্ট কৰি কৈছিল যে, বন্দী কৰা পাইলটজন উইং কমাণ্ডাৰ শিৱাংগী সিং। কিন্তু এতিয়া পাকিস্তানৰ মিছা কথা ওলাই পৰিল।

২৯ অক্টোবৰত পাইলট শিৱাংগী সিঙক দেখা গ’ল আম্বালা এয়াৰবেছত। তেওঁ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূক লৈ ৰাফেল বিমান এখনেৰে সফলতাৰে উৰণ সম্পূৰ্ণ কৰে। ৰাষ্ট্ৰপতিৰ সৈতে শিৱাংগীৰ ফটো পোহৰলৈ অহাৰ পাছত এতিয়া পাকিস্তানৰ আচল ৰূপ ওলাই পৰিছে। শিৱাংগী হৈছে ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা ৰাফেল পাইলট। উৰণৰ পূৰ্বে ৰাষ্ট্ৰপতি আৰু উইং কমাণ্ডৰ শিৱাংগী সিঙে হাঁহি ফটো উঠা দেখা হৈছে। এই হাঁহিতেই ভাৰতে যেন পাকিস্তানৰ মিথ্যাচাৰ উদঙাই পেলাইছে।

 

উল্লেখ্য যে, আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে আম্বালা এয়াৰ বেছৰ পৰা ৰাফেল যুদ্ধ বিমান উৰুৱায়। এই অভিজ্ঞতা অৱিস্মৰণীয় বুলি অভিহিত কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ লগে লগে দ্ৰৌপদী মুৰ্মূ বায়ুসেনাত ২খনকৈ যুদ্ধ বিমান উৰুৱা প্ৰথমজন ভাৰতীয় ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহত অসমৰ তেজপুৰ বায়ুসেনা ষ্টেচনৰ পৰা সুখয়-৩০ এম কে আই যুদ্ধ বিমান উৰুৱাইছিল। প্ৰায় আধা ঘণ্টা ধৰি চলিছিল বিমানখন। ৰাফেলখন উৰণ কৰিছিল ১৭ নং স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন অমিত গেহানীয়ে।

ৰাফেলখনৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৫,০০০ ফুট আছিল আৰু গতিবেগ প্ৰতিঘন্টাত প্ৰায় ৭০০ কিলোমিটাৰ। বিমান যাত্ৰাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আম্বালা বায়ুসেনা ষ্টেচনত উপস্থিত হৈ বায়ুসেনাৰ ৰাফেলত উৰণৰ সুবিধা পাই মই অত্যন্ত সুখী। এয়া আছিল এক অৱিস্মৰণীয় অভিজ্ঞতা। এই উৰণে মোৰ মনত দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ প্ৰতি এক নতুন গৌৰৱৰ ভাব জগাই তুলিছে। ভাৰতীয় বায়ুসেনাক অভিনন্দন জনাইছো”।

 

অন্য খবৰ পঢ়কঃ বন্ধ দুৱাৰ, গেছ লিক…প্ৰেমিকৰ সৈতে ভয়ংকৰ কাণ্ড ফৰেনছিকৰ ছাত্ৰীৰ, হতবাক আৰক্ষী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...