ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে | President Droupadi Murmu inaugurates Bharatiya Kala Mahotsav 2024 in Hyderabad Assam news - Assam Tv9

লক্ষ্য উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যক পৰিচিত কৰা, ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

Published: 

28 Sep 2024 22:20 PM

শনিবাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলায়মত ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতীয় কলা মহোৎসৱ ২৯ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ, পুৱা ১০ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব।

1 / 5২৮ ছেপ্টেম্বৰ শনিবাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলায়মত ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতীয় কলা মহোৎসৱ ২৯ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ, পুৱা ১০ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব।

২৮ ছেপ্টেম্বৰ শনিবাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলায়মত ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতীয় কলা মহোৎসৱ ২৯ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ, পুৱা ১০ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব।

2 / 5

৮ দিনীয়াকৈ আয়োজিত কৰা ভাৰতীয় কলা মহোৎসৱত উত্তৰ-পূবৰ ৰাজ্য- অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক উপস্থাপন কৰা হ'ব।

3 / 5

এই উপলক্ষে ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সাংস্কৃতিক বৈচিত্ৰ্য, সংগীত, শিল্প আৰু পৰম্পৰাগত সাজ-পোছাক দেশৰ ঐতিহ্য। তেওঁ কয় যে, এই অনুষ্ঠানে সাংস্কৃতিক আদান-প্ৰদানক প্ৰচাৰ কৰা সুযোগ প্ৰদান কৰিছে । দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাটো আমাৰ সামূহিক দায়িত্ব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

4 / 5

লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে,ভাৰতীয় কলা মহোৎসৱৰ লক্ষ্য হৈছে নাগৰিকসকলক অঞ্চলটোৰ পৰম্পৰা আৰু জনগোষ্ঠীৰ সৈতে অধিক পৰিচিত কৰা । লগতে আগন্তুক আঠ দিনত বহু লোকে এই ‘মহোৎসৱ’ দৰ্শন কৰি উত্তৰ-পূবৰ সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

5 / 5

উদ্বোধনী অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীৰ উপৰিও উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল উপস্থিত থাকে।

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ, এই ৰাশিৰ লোকসকল হ'ব লাগিব সাৱধান!
ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!