দিল্লী আৰক্ষীৰ বৃহৎ এনকাউণ্টাৰ, থিতাতে নিহত ৪ ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ
দিল্লীৰ ৰোহিনী অঞ্চলৰ আৰক্ষীয়ে এক এনকাউণ্টাৰত বিহাৰৰ চাৰিজন মষ্টৱাণ্টেড অপৰাধীক হত্যা কৰে। তাৰ ভিতৰত আছিল কুখ্যাত চিগমা এণ্ড কোম্পানী গেঙৰ নেতা ৰঞ্জন পাঠক।

দিল্লী আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৪ ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ
দিল্লীৰ ৰোহিনীত আৰক্ষীয়ে এক এনকাউণ্টাৰত বিহাৰৰ চাৰিটা মষ্টৱাণ্টেড গেংষ্টাৰক হত্যা কৰে। এই অপৰাধীসকলৰ ভিতৰত আছিল কুখ্যাত চিগমা এণ্ড কোম্পানী গেং নেতা ৰঞ্জন পাঠক। দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ এটা দলে সংঘটিত কৰে এই এনকাউণ্টাৰ। সূত্ৰ অনুসৰি বিহাৰত সক্ৰিয় এই চক্ৰটোৱে দিল্লীত এক বৃহৎ অপৰাধৰ পৰিকল্পনা কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল।
বুধবাৰে মাজনিশা ৰোহিনী ছেক্টৰ-২৮ এলেকা ঘেৰাও কৰে ক্ৰাইম ব্ৰাঞ্চ আৰু বিহাৰ আৰক্ষীৰ এটা দলে। পুৱা প্ৰায় ২:২০ বজাত আৰক্ষীয়ে এখন সন্দেহজনক বাহন ৰখাবলৈ চেষ্টা কৰাত ভিতৰত থকা অপৰাধীয়ে হঠাতে গুলীচালনা কৰে। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে গুলীবৰ্ষণ কৰে আৰক্ষীয়ে । প্ৰায় ১৫ মিনিট ধৰি চলে এই গুলীবৰ্ষণ।
আৰক্ষীৰ গুলীত ৪ অপৰাধী নিহত হয়। তেওঁলোকক ততাতৈয়াকৈ ৰোহিনীৰ ডাঃ ভীমৰাও আম্বেদকাৰ হাস্পতাল (বি এছ এ)লৈ প্ৰেৰণ কৰি চিকিৎসকে মৃত ঘোষণা কৰে। এনকাউণ্টাৰ স্থানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, আৰু এখন বিলাসী বাহন উদ্ধাৰ কৰা হৈছে।
এনকাউণ্টাৰত নিহত অপৰাধীৰ ভিতৰত আছে ২৫ বছৰীয়া গেং লিডাৰ ৰঞ্জন পাঠক। বিহাৰৰ সমস্তীপুৰৰ বাসিন্দা ৰঞ্জনৰ বিৰুদ্ধে হত্যা, ডকাইতি, ধন দাবীৰ কেইবাটাও গোচৰ ৰুজু হৈছিল। আনজন অপৰাধী বিমলেশ মাহাটো ওৰফে বিমলেশ সাহনী বিহাৰৰ দৰভঙাৰ বাসিন্দা আৰু তেওঁৰো বয়স ২৫ বছৰ।
#WATCH | Delhi | Delhi Police Crime Branch, in coordination with Bihar Police, shot dead four members of Bihar’s notorious Ranjan Pathak gang during an encounter in Rohini at around 2:20 AM. Acting on specific intelligence inputs that the gang members were planning to carry out a… pic.twitter.com/RZ3juyliGO
— ANI (@ANI) October 23, 2025
পৰিকল্পনাৰ লগত জড়িত আছিল মনীষ পাঠক
তদুপৰি এই এনকাউণ্টাৰত গেংটোৰ সৈতে জড়িত অপৰাধী মনীষ পাঠকৰো মৃত্যু হয়। তেওঁৰ বয়স ৩৩ বছৰ আৰু ৰঞ্জনৰ আত্মীয় বুলি জানিব পৰা গৈছে। অপৰাধৰ পৰিকল্পনাৰ দায়িত্বত আছিল মনীষ। লগতে গেংটোক আৰ্থিকভাৱে সহায় কৰিছিল। ইফালে আৰক্ষীয়ে অমন ঠাকুৰ (২১)কো হত্যা কৰে। শেহতীয়াকৈ তেওঁ এই গেঙত যোগদান কৰি ধনৰ বিনিময়ত অপৰাধ সংঘটিত কৰিছিল।
আৰক্ষী বিষয়াৰ মতে, চিগমা এণ্ড কোম্পানী নামেৰে পৰিচিত এই গেঙটো বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত সক্ৰিয় আছিল। গেঙটোৱে হত্যা, ধন দাবী, মুক্তিপণ, অস্ত্ৰ সৰবৰাহ আদিৰ সৈতে জড়িত আছিল। যোৱা কেইমাহমানৰ পৰা আৰক্ষীৰ পৰা হাত সাৰিবলৈ এই গেঙটোৱে দিল্লী-এনচিআৰত বসবাস কৰি আছিল।
ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি সঞ্জীৱ যাদৱে জনোৱা মতে, দিল্লী আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ আৰু বিহাৰ আৰক্ষীৰ এটা দলে পুৱা প্ৰায় ২:২০ বজাত ৰোহিনীত হোৱা এনকাউণ্টাৰৰ সময়ত বিহাৰৰ কুখ্যাত ৰঞ্জন পাঠক চক্ৰৰ চাৰিজন সদস্যক হত্যা কৰে। তাৰ পিছত ঘটনাস্থলীত এটা ফৰেনছিক দল উপস্থিত হয়।